পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
পঞ্চম আধ্যা

আনপিনে তেওঁৰ নিচিনা দৃঢ়চিত্ত আৰু ধৈৰ্য্যশীল মানুহ মই আজিলৈকে দেখা নাই বুলিলে বঢ়াই কোৱা নহয়। কোনো সজ কাম তেওঁ কৰিব বুলি সঙ্কল্প কৰিলে, তেহেলৈ যি হয়, কৰিবই কৰিব। সজ কাম বুলিছোঁ এই বাবে যে কোনো কাৰ্য্য যদি কাৰো অপকাৰী হয়, সেই কথা তেওঁক বুজাই দিব পাৰিলে তৎক্ষণাৎ তেওঁ তাক পৰিত্যাগ কৰিছিল। তেওঁৰ মূৰৰ ওপৰেদি অনেক ডাঙৰ ডাঙৰ বিপদ গৈছিল; কিন্তু কেতিয়াও তেওঁক ‘nervous অৰ্থাৎ অস্থিৰ আৰু, অধৈৰ্য্যশীল হোৱা নেদেখিছিলোঁ। বিপদ যিমানেই ডাঙৰ হওক তেওঁ অচল-অটল হিমাচল। ঈশ্বৰৰ বিধানত সুদঢ় বিশ্বাস আৰু ঈশ্বৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণেই ( resignation) ইয়াৰ মূল কাৰণ। তেওঁৰ চকুত আনন্দাশ্ৰ, ভক্তি-বিগলিত প্ৰেমাশ্ৰু, মই দেখিছিলোঁ, কিন্তু ন দি কব পাৰে যে শোকাশ্ৰু কেতিয়াও দেখা নাছিলোঁ। মত্যুৰ আগতে তেওঁৰ পুতেক গোপালক বাহিৰলৈ আনি তুলসীৰ তলত থোৱা হ’ল। ঘৰে ঘৰোৱাহে কান্দি কান্দি আকুল; কিন্তু দেউতাৰ চকুত এটোপা পানী নাই; তেওঁ মত্যু শয্যাশায়ী পুতেকৰ মত্যু-মঙ্গলৰ অৰ্থে যি যি আয়োজন কৰিব লাগে, ধীৰভাৱে কৰি আছে। সেই মৃত্যুমঙ্গলৰ ব্যাঘাতৰ ভয়ত তেওঁ সকলোকে ডাবি দি নকন্দা কৰি, পুতেকৰ মুৰ-শিতানৰ ফালে বহি ধীৰ-স্থিৰ-গম্ভীৰভাৱে, উচ্চৈস্বৰে “ওঁ ৰামঃ” “ওঁ ৰামঃ”। এই মহামন্ত্ৰ সোঁৱৰাবলৈ ধৰিলে। চাৰিওফালৰ সকলো মানুহ কাঁহ-পৰি জীণ গ’ল। “সমস্ত শাস্ত্ৰৰ, সমস্ত মন্ত্ৰৰ মল বীজ” এই ‘ৰাম’ নাম তেওঁ আধা ঘণ্টাৰো বেছি সময় পুতেকক সোঁৱৰাওঁতে, সোঁৱৰাওঁতে মত্যুৰ মুখত পৰি থকা পুতেকে এবাৰ স্পষ্টকৈ “ৰাম” বুলিলে। পিতৃদেৱতাৰ মুখ আনন্দত প্ৰফুল্ল হৈ উঠিল। বেঢ়ি থকা সকলোৱে উচ্চৈস্বৰে ‘ৰাম’ নাম ধ্বনি কবিলে। ক্ষন্তেকতে মৃত্যুশয্যাশায়ীজনৰ প্ৰাণ পাৰ্থিব জড় দেহৰপৰা ওলাই চিৰানন্দ ধামলৈ গতি কৰিলে। দৰ্শকসকলৰ ভিতৰত শিৱসাগৰৰ এজন বৃদ্ধ ভদ্ৰলোক আছিল। তেওঁ আকাশলৈ চাই হাতযোৰকৈ প্ৰাৰ্থনা কৰিলে, “হে ঈশ্বৰ। ডাঙৰীয়া দীননাথ বেজবৰুৱা থাকোতেই তেওঁৰ আগতে যেন মই মৰিবলৈ পাওঁ!”

 পুতেক গোপাল আৰু জীয়েক পিয়ালীব মৃত্যুত আমাৰ বৰজনা আয়ে অন্তৰত নথৈ আঘাত পাইছিল। তেওঁ আৰু বেছিদিন নিজীলে। জীয়েকৰ ছমহীয়া শৰাধলৈ তেওঁ নিজ হাতে বয়-বস্তুৰ যো-জা কৰিছিল; আৰু সেইদিনাই হঠাৎ অতিসাৰ ৰোগত পৰি প্ৰাণ পৰিত্যাগ কৰিলে। সেইদিনাও পিতৃদেৱতাৰ ‘নিবাত- নিষ্কম্প তৰুৰ নিচিনা ধীৰ আৰু প্ৰশান্ত মুৰ্ত্তি দেখি আমি আচৰিত মানিছিলোঁ।

 মোৰ জ্যেষ্ঠ সহোদৰজনে বঙ্গদেশৰ কলিকতাত থাকোতেই, তেওঁৰ পিছৰজনৰ আসামত বিয়া হয়; অৱশ্যে জ্যেষ্ঠৰ অনুমতি আদায় কৰি। এই কাৰ্য মোৰ সমূলি ভাল নালাগিছিল; কিন্তু তেতিয়া মোৰ নিচিনা অৰ্বাচীনৰ মতামতৰেই বা মূল্য কি, আৰু তাক শুনেইবা কোনে? মোৰ মনেৰে জ্যেষ্ঠজন থাকোঁতে তেওঁৰ কনিষ্ঠজনৰ তেওঁতকৈ আগেয়ে বিয়া হোৱা কাৰ্যটোৱে নিশ্চয় জ্যেষ্ঠজনৰ মন ক্ষুদ্ৰ কৰিছিল, কাৰণ