পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
মোৰ জীৱন সোঁৱৰণ

প্ৰাসক্ৰমে ইয়াৰ ওলোটা প্ৰকাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগত ছাতৰ উত্তীৰ্ণ হোৱাটোহে প্ৰচলিত ৰীতি আছিল।

 ইয়াৰ পিছত মোক কলিকতাত পঢ়িবলৈ পঠিওৱাৰ কথা লৈ বিষম সমস্যা উপস্থিতি হ’ল। দেউতাৰ ইচ্ছা নাই যে তেওঁ কলিকতাত আৰু এটা ল’ৰাক পঢ়িবলৈ পঠিয়াই হেৰুৱায়; কাৰণ তেওঁৰ মতে আগৰ দুটা ল’ৰাক কলিকতাত পঢ়িবলৈ পঠিয়াই, তেওঁ একৰকম হেৰুৱাইছিল; দেউতাৰ ইচ্ছা, মই অসমতে ওকালতি পৰীক্ষা দি শ্ৰীযুত কালিপ্ৰসাদ চলিহাৰ দৰে উকীল হওঁ। মোৰ কিন্তু প্ৰবল ইচ্ছা যে মই কলিকতাত পঢ়ো। মোৰ ইচ্ছাৰ প্ৰধান সমৰ্থক মই দুজন ককাইদেওক পালো-শ্ৰীযুত বিনন্দ ককাইদেৱে মোৰ বাট-খৰচৰ নিমিত্তে ধন যোগালে। শ্ৰীযুত গোবিন্দ ককাইদেও তেতিয়া গোলাঘাটত আছিল; তেওঁ শিৱসাগৰলৈ আহি মোক কলিকতালৈ পঠিয়াবলৈ দেউতাক বৰকৈ আমনি কৰিবলৈ ধৰিলে। অন্তত মোৰ কলিকতালৈ যোৱাই থিৰাং হ’ল।