সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
পঞ্চম আধ্যা

আছিল। শ্ৰীযুত হৰকান্ত নাজিৰ আৰু শ্ৰীযুত গোপীনাথ শৰ্মাৰ নেতৃত্বত গণকপটিৰ নাম-কীৰ্তনৰ দল আহি কোনো ৰাজহুৱা সবাহত যেতিয়া আমাৰ ৰাজহুৱা নামঘৰত হীৰানাম গাবলৈ আৰম্ভ কৰে, তেওঁলোকৰ সুশৃঙ্খলিত আৰু সুললিত হৰিনাম কীৰ্তনৰ ধ্বনিত সকলো বিমুগ্ধ হয়। তেওঁলোকৰ সৰহ ভাগেই আউনীআটি আৰু দক্ষিণপাটৰ শিষ্য। কিন্তু দুই মহাপুৰুষৰ কীৰ্তনঘোষা আৰু নামঘোষাই তেওঁলোকৰ হৰি- কীৰ্তনৰ অক্ষয় ভাণ্ডাৰ। মহাপুৰুষ বিৰচিত নামঘোষা আৰু কীৰ্তনঘোষা বৰ্জন কৰি ওভোতা-সোঁত বোৱাবলৈ ওলোৱা আজিকালিৰ জনচেৰেক দৈৱজ্ঞ শ্ৰেণীৰ মানুহৰ নিচিনা সেই আগৰ তেওঁলোক নাছিল। কীৰ্তনঘোষাৰ পৰা ঘোষা আৰু পদ দি, ভক্তি গদ গদ কণ্ঠেৰে সুমধুৰে নাম-কীৰ্তন লগাই দিওঁতা শ্ৰীযুত হৰকান্ত নাজিৰ আৰু গোপীনাথ শমইি এই লেখকৰ অশেষ শ্ৰদ্ধা এনেকৈ আকৰ্ষণ কৰিছিল যে তাক পাহৰিব নোৱাৰো।

 শিৱসাগৰ জিলাৰপৰা পোন্ধৰ মাইলমান দূৰত জৰাবাৰী সত্ৰ। জৰাবাৰী মহাপুৰুষীয়া সত্ৰ। তাৰ অধিকাৰজন উদাসীন, ডেকাজন বিষযা। ডেকাজন সততে আহি আমাৰ ঘৰত থাকিছিল। আমাৰ মৰমৰ ডেকা কৱি শ্ৰীমান যতীন্দ্ৰনাথ দুৱৰাৰ পিতৃদেৱতা শ্ৰীযুত শ্যামসুন্দৰ দুৱৰাৰ ঘৰ তেওঁৰ কুটুম্ব-ঘৰ; আৰু আমাৰ ওচৰতে। তথাপি জৰাবাৰীৰ ডেকা গোসাঁযে দুৱৰা ডাঙৰীযাৰ ঘৰত নাথাকি আমাৰ ঘৰত থাকিবলৈ ভাল পাইছিল। তেওঁ জাঁজীৰপৰা মহাজনীযা ঘোঁৰা এটাত উঠি আহি গধূলি বেলিকা টকচ্‌ টকচ্‌ কৰে যিদিনা আমাৰ ঘৰত ওলাযহি, সেইদিনা আমাৰ মহা ৰং। ৰাতি তেওঁৰ ওচৰত বহি মই অনেক সাধুকথা শুনিছিলোঁ। মোৰ “সাধুকথাৰ কুকিত“ থকা “ঘৰপতা ককা” আৰু “মূলা খোৱা বুঢ়া“ তেওঁৰেপৰা মই শুনা সাধু। তেওঁৰ বৰপুতেক শ্ৰীযুত নিত্যানন্দ ডেকা গোসাঁই (যি আজিকালি জৰাবাৰী সত্ৰৰ অধিকাৰ) আমাৰ পুখুৰীপাৰৰ ঘৰতে থাকি, দেউতাৰ কাষত সংস্কৃত লেখা-পঢ়া শিকিছিল। নিত্যানন্দ ডেকা গোসাঁই মোৰ অতি মৰমৰ বন্ধু আছিল। আজি কত কাল যদিও মই তেওঁক দেখিবলৈ পোৱা নাই, তথাপি মোৰ সোঁৱৰণৰ সুমধুৰ চুক এটাত তেওঁ সদায় আছে।

 পিতৃদেৱতাৰ সদায় এটা বৰ ইচ্ছা আছিল যে তেওঁ চৰকাৰী কামৰ পৰা অৱসৰ লৈ শিৱসাগৰত থাকি ধৰ্মশাস্ত্ৰালোচনা কৰি তেওঁৰ জীৱনৰ বাকীডোখৰ কাল কটায়। শিৱসাগৰলৈ আহিয়েই তেওঁ সেই ইচ্ছা কাৰ্যত পৰিণত কৰিলে; প্ৰথমডোখৰত তেওঁ আবেলি চাৰিমান বজাৰ পৰা আন সকলো কাৰ্য এৰি, চ’ৰাঘৰত বহি, অসমীয়া ৰামায়ণ, মহাভাৰত আদি পুৰাণ পুথি আনৰ হতুৱাই পঢ়াই শুনিছিল , আৰু মই আৰু মোৰ ককাইদেও শ্ৰীনাথ শ্ৰোতা শ্ৰেণীভুক্ত আছিলোঁ। ইয়াৰ পিছত পিতৃদেৱতাই নিজে সংস্কৃত বাৰস্কন্ধ ভাগৱত পাঠ আৰু ব্যাখ্যা কৰিবলৈ ধৰিলে আৰু আমিও স্কুলৰপৰা আহি গা-পা ধুই ওচৰতে বহি একান্তমনে আনন্দেৰে সেই ভাগৱত পাঠ আৰু ব্যাখ্যা শুনিবলৈ ধৰিলোঁ। চ’ৰাঘৰৰ মাজ ঠাইতে মাটি সাৰি-মচি এখন কাঠৰ