—পুথি পঢ়িব পাৰিম, কিতাপ পঢ়িব পাৰিম, মানুহলৈ চিঠি লেখিব পাৰিম। ভাল দিন-বাৰ এটা চোৱাই এদিন সেই কাৰ্য সুসম্পন্ন কৰোৱা হ'ল। আমাৰ গুৰু-ঘৰ কমলাবাৰী থানলৈ সোণৰ ফুল এপাহ আগ কৰা, ঘৰত বামুণৰ হতুৱাই পূজা কৰোৱা, নিজৰ নামঘৰত ভালকৈ শৰাই এখন দি সকলোৱে মিলি-জুলি নাম গোৱা আৰু নামৰ অন্তত ৰবিনাথ ককাই, মই দীৰ্ঘায়ু আৰু সৰ্ব-বিদ্যাবিশাৰদ হৈ পিতৃ-কুল উজ্জ্বল কৰিবৰ অৰ্থে বিশেষৰূপে উচ্চাৰণ কৰি আশীৰ্বাদ কৰা কথাৰ স্মৃতি মোৰ মনত স্পষ্টকৈ পৰি আছে।
প্ৰথমতে ককাই মোক কলাপাতত ক, খ লেখিবৰ কৌশল শিকায় আৰু দিনৌ কলাপাত কাটি আনি কেনেকৈ তাক ধুলিৰে মোহাৰি চাফ্ চিকুণ কৰি লৈ তাত আখৰ লেখিব লাগে তাৰ দিহা কৰি দিয়ে। খাগৰিৰ কাপ কাটি লবলৈ আৰু কেৰাহীৰ বা মাটিৰ চৰুৰ গাত লাগি থকা ছাইত চলু চলুকৈ গৰু-মুত সানি মহী কৰিবলৈ আৰু মহী থবলৈ মাটিৰ বা বাঁহৰ চুঙাৰ মৈলাম বাৰত আঁৰি থবলৈ মৈলামৰ কাণত জৰী, লগোৱা ইত্যাদি বিদ্যাও ৰবিনাথ ককায়েই মোক দান কৰে।
বিদ্যাৰম্ভ কৰি ক-ফলা পঢ়ি দুদিন চাই-দিনতে যে মই পাকৈত হৈ উঠিছিলোঁ, এনে তীক্ষ বুধিৰ ল’ৰা বুলি মই মোক কেতিয়াও ভাবিব নোৱাৰো। কাৰণ লেখা পঢ়াত মই বৰ চোকা বুধীয়া বুলি কেতিয়াও খ্যাতি লাভ কৰা মনত নাই। পিছৰ কালৰ স্কুল-কলেজতে মই a boy of mediocre ability অৰ্থাৎ মজলীয়া বিধৰ ল’ৰা বুলিয়েই চলি গৈছিলোঁ। ক, খ, লেখিবৰ-পঢ়িবলৈ শিকাৰ পিছত, মদনমোহন তকলিঙ্কাৰৰ বঙ্গলা ‘শিশুশিক্ষা প্ৰথম ভাগ মোক দিয়া হ’ল; কাৰণ সেই কালত দেশাধিকাৰসকলৰ বিপৰীত বুধিৰ বলত বঙ্গলা ভাষাহে আসামৰ বিদ্যালয়বোৰত শিকোৱা হৈছিল; অসমীয়াৰ আচল মাক অসমীয়া ভাষাই বকৰাণিতহে ঠাই পাইছিল। আৰু বিদেশিনী বঙ্গলা ভাষাই আইৰ ঠাই অধিকাৰ কৰি লৈ অসমীয়া শিশুবোৰৰ মুখত মাতৃস্তনৰ সলনি “ফিডিং বটল” অথাৎ গাখীৰৰ কল দি সিহতক “কাল কাক, ভাল নাক” শিকাই তেওঁৰে সৈতে “খিলি খাই, মিলি যাবলৈ” কৈছিল। ঈশ্বৰৰ চৰণত সেৱা যে কালক্ৰমত দেশাধিকাৰসকলৰ এই ভ্ৰম ভাগিল, অসমীয়াই মাতৃ স্তনৰ স্বাভাৱিক ক্ষীৰধাৰা পান কৰিবলৈ পাই নিজক ধন্য মানিলে, অসমীয়াৰ মাতৃভাষা যে অসমীয়াহে, বঙ্গলা হয়, এই সত্য পুনৰ দৃঢ়ভাৱে সু-প্ৰতিষ্ঠিত হ’ল।
পিতৃ-দেৱতাৰ গাত এটা লক্ষণ বৰ পৰিস্ফুট আছিল। তেওঁ যদিও অতি নিষ্ঠাৱান পুৰণি ধৰণৰ হিন্দু আছিল, কিন্তু তেওঁৰ মন সদায় আচৰিত ৰকমে Progressive অৰ্থাৎ উন্নতিশীল আছিল। সময়ৰ সোঁতৰ বিৰুদ্ধে অনিয়ন্ত্ৰিতভাৱে থিয় হোৱাটো তেওঁ অনুচিত বিবেচনা কৰিছিল; বৰং দেশ-কাল-পাত্ৰ বুজি তেওঁ অনেক কথাত সময়ৰ সোঁতৰ গতিত বাধা দিবলৈ চেষ্টা নকৰি সহায়তাহে কৰিছিল। তেওঁ যেতিয়া দেখিলে যে, ইংৰাজ ৰজাৰ ৰাজ্যত থাকি ইংৰাজী ভাষা, ইংৰাজী বিদ্যা নিশিকিলে মানুহৰ অৱস্থা পানীৰপৰা বামলৈ তোলা মাছৰ দৰে হয়, তেওঁ নিজেও অলপ-অচৰপ