পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
মোৰ জীৱন-সোঁৱৰণ

জোতাৰ ধূলিহে মচোঁ, ইত্যাদি। সম্পাদকে মোৰ এই চিঠিৰ কোনো উত্তৰ নিদিলে। মই ভাবিলো মোৰপৰা এসেকা পাই সম্পাদকৰ ৰস শুকাল। কিন্তু সম্পাদকৰ যি হওক নহওক, এই ঘটনাৰ পিছত মই নিজেই দমি গলো, আৰু মোৰেই কবিতাৰ ভমুকটো শুকাল। আনফালে নিমাতী কন্যাৰ মাত উলিষাব নোৱাৰিও হতাশ হৈ চেঁচা পৰি গলোঁ।

 এইখিনিতে ঘটনাটোৰ ভেদ ভোঁহাৰি দি কওঁ যে--মই এদিন চান্দনি বজাৰত “ডছন”ৰ জোতা এযোৰ কিনিবলৈ গৈছিলো। জোতাৱালাই বোধকৰোঁ মোক ঠগাই জোতাৰ বেচ সৰহকৈ লৈ মনত হৰ্ষ লভি, ভৱিষ্যতত মোক আকৌ তেনেকৈ ঠগাবলৈ পাবলৈ আশা ৰাখি বাৰত আঁৰি থব পৰা বিলাতত ছপা হোৱা এখন date calender অৰ্থাৎ তাৰিখৰ কাকত বঁটা বা টোপ দিছিল। কেলেণ্ডাৰখনত এজনী সুশ্ৰী ইংৰাজী ছোৱালীৰ এটা ডাঙৰ ছবি আছিল। সেই ছবিৰ “প্ৰেমতে পৰি’’ মই তিনি-চাৰি মাহমান ওপৰত কোৱাৰ দৰে ককবকাই ফুৰিছিলো। কিমধিকমিতি।

 কলেজৰ তৃতীয় বাৰ্ষিক শ্ৰেণীটো আন ছাতৰৰ পক্ষে কেনে হয় ক’ব নোৱাৰোঁ, কিন্তু মোৰ পক্ষে হলে সি মহা মস্কিলৰ ব্যাপাৰ হৈ পৰিছিল। তৃতীয় বাৰ্ষিকত মই এটা অপৰূপ জন্তু হৈ পৰিছিলো, যাক ভুচৰ, খেচৰ, জলচৰ, স্থলচৰ, ইষাৰ কোনো পৰ্যায়ভুক্ত কৰিব নোৱাৰি বিশ্বচৰাচৰৰ বাহিৰত থবলগীয়া হৈছিল। শ্যেলি, বেইন, হিউম, বেন্থাম, কল্‌ডৰ, উড্‌ প্ৰভৃতি মেণ্টেল্ আৰু নবেল্‌ ফিলচফিৰ পাতচেৰেক লুটিয়ায়েই মই আঁকোৱালে নোপোৱা দাৰ্শনিক; এডেম স্মিথ আৰু ফচেটৰ পলিটিকেল ইকনমিৰ সূত্ৰ গোটাচেৰেক মুখস্থ কৰিয়েই বিদগ্ধ পলিটিকেল ইকনমিষ্ট; ইংৰাজ গ্ৰন্থকাৰৰ ৰচিত ইংলেণ্ড আৰু ভাৰতবৰ্ষৰ বুৰঞ্জীৰ আধ্যাচেৰেক আয়ত্ত কৰিয়েই প্ৰকাণ্ড হিষ্টৰিয়ান , বাৰ্কৰ বক্তৃতাৰ দুৰ্গ গোটাদিয়েক প্ৰফেছৰৰ নোটৰ সহায়েৰে “বম্বাৰ্ড“ কৰিয়েই ৰাজনীতিবিদ পলিটিকেল ফিলচফৰ , মিল্‌টনৰ “পেৰেডাইজ লষ্ট”ৰ এডোখৰ মোৰ বিদ্যাৰে “ৰিগেইন” কৰিবলৈ দৰখাস্ত দাখিল কৰিয়েই মই মহাকবি হৈছিলো। শ্যেলি, কীটছ, টেগৰৰ আৰ্হিত গীতি-কবিতা আৰু খণ্ড-কবিতাত মোৰ পকিবৰ মতলবৰ বাতৰিতো আগতে দিয়েই আহিছোঁ। মই কথাই কথাই উল্লিখিত গ্ৰন্থকাৰসকলৰ দোহাই দিওঁ , আৰু সেইসকলৰ মত আৰু কথাবোৰ মোৰ মন “বটতলা”ৰ সস্তা ছাপাখানাত, ছাপাখানাৰ ভুতৰ সহায়েৰে পাচিয়ে পাচিযে ভুলকৈ পুনৰ্মুদ্ৰিত কৰি নতুন তাঙ্গৰণ বুলি সকলোৰে আগত প্ৰকাশ কৰি আত্মপ্ৰসাদ লাভ কৰোঁ। মই সকলো কথাতে এনে opinionative অৰ্থাৎ নিজৰ মতত মই-বৰ-চন্দ্ৰ হৈ উঠিছিলো যে আজিকালি সেইটো মনত পৰিলেও মোৰ ওকালি আহিব খোজে। স্বমতত অত্যাসক্ত আৰু পৰমতত অসহিষ্ণু মই নিজক ভইব-লোক ভাবিবলৈ ধৰিলো আৰু লোকৰ সকলো কথাকে “ক্ৰিটিচাইজ” (সমালোচনা) কৰি “এইস্যা নাহি হো সেক্তা”, “তেইস্যা নাহি হো সেক্তা” আৰু নিজৰ মতানুযায়ীটো “অলবৎ হো সেক্তা” বুলি মূৰৰ মই-বৰ-পাগুৰি দুপিয়াবলৈ ধৰিলে। মুঠতে শৰ্মা ৰাজনীতিত