নিচিনা, এইটো বৰ্ণে বৰ্ণে প্ৰতিপালিত হৈছিল। অসমীয়া ‘লগুৱা’ শব্দটোৱেই এই কথাৰ সাক্ষী ফট্ফটীয়াকৈ দিয়ে। মনত আছে, আমাতকৈ বয়সত ডাঙৰ লগুৱা লিগিৰীক আমি সম্মানেৰে সৈতে মাতিছিলোঁ। তোলন আৰু ঘিণলাগী গিৰিয়েক-ঘৈণীয়েক। সতি-সন্ততিৰে সিহঁত এঘৰ ভাল গহস্থ। এই ঘৰ লগুৱা-লিগিৰী আমাৰ ৰংপুৰৰ ঘৰৰ টোলৰ ভিতৰত সদায় আছিল। তোলনক “ঘৰগিৰী” আৰু ‘ককাই’ বুলি আৰু ঘিণলাগীক ‘ঘিণলাগী বাই’ বুলিহে আমি ল’ৰাবোৰে মাতিছিলোঁ। কেতিয়াবা তোলনক অকল ‘তোলন’ ঘিণলাগীক অকল ‘ঘিণলাগী’ বুলি আমি মাতিলে আমাৰ অভিভাৱকসকলৰপৰা ডাবি খাইছিলোঁ।
তিনিও ভায়েক ককায়েকৰ ভিতৰত ধনী, টেঙ্গৰ, বলী, বুধিয়ক, খৰ, ৰঙিয়াল, অঘাইতং আৰু কামত সন্তোষ দিব পৰা আছিল। দিনে ৰাতিয়ে আমাৰ ঘৰৰ এশ এটা কাম ধনীষে উছাহেৰে কৰি সুবিধা পালেই ৰং-ধেমালিৰে আমাক আমোদ দিছিল। তাৰ বৰণ ক’লা-বগাৰ মাজতে গা, হাত-ভৰি আটিল আৰু পেটত এটা ডাঙৰ মেৰুণ আছিল। ধনীয়ে সদাষ সকলোকে কৈছিল যে মেৰুণটো তাক ঈশ্বৰে হেনো ধন ভৰাই ভৰাই থবলৈ দিছে আৰু সেই দেখি তাৰ নামটোও ধনী। আনে তাৰ এই কথাত হাঁহিছিল; কিন্তু মই সেই কথা ভালেমান দিনলৈকে নিৰহ-নিপানীকৈ পতিয়াই আছিলোঁ। ধনীৰ তেতিয়া ভৰ ডেকা বয়স। গাৰ বল আৰু মনৰ স্ফুৰ্তিত সি খোলাত ভজা আখৈ ওফৰাদি উফৰি ফুৰিছিল আৰু উফৰি ফুৰাটোৱেই তাৰ normal condition সহজ অৱস্থা আছিল। তাৰ গাত উপতি পৰা বলে তাক ইমান দিগ্ দিছিল, যে তাৰ শাৰীৰ কোনো সমনীয়া ডেকা দেখিলে সি উপচি আগবাঢ়ি গৈ তাৰে সৈতে এখুন্দা যুজঁবাগৰ নকৰি নোৱাৰিছিল আৰু যুজঁৰ জয় পৰাজয় নামৰ দুইটা মিঠা-তিতা ফল অম্লানবদনে গিলিছিল; দপৰীয়া পল বোৱা মানুহৰ উঁকি কাণত পৰিলেই ধনীৰ গা সাতখন-আঠখন হৈ পৰিছিল আৰু সেই মুহুৰ্ততে সি সকলোৰে হাক-বচন, গালি শপনি কাতি কৈ থৈ ঘৰৰ সকলো কাম এৰি হাতত পল লৈ মাছ মাৰিবলৈ লৰিছিল আৰু কেতিয়াও শুদা হাতে নুভতিছিল। শুদা হাতে নোভতাৰ মানে যে, সদায় সি মাছ ধৰা কাৰ্যত কৃতকাৰ্য হৈছিল এনে নহয় বৰং ষোল অনা দিনৰ ভিতৰত পোন্ধৰ অনা দিনত তাৰ ওলোটাটোহে সংঘটিত হৈছিল। উপমা দি কবলৈ গ'লে মুঠতে ধনীৰ পলৰে সৈতে মাছৰ সম্পৰ্ক, বাঁৰী বামুণীৰ আঞ্জাৰ বাটিৰে সৈতে মাছৰ সম্পৰ্কেৰে ৰিজালেও বেছি ৰেঙাই নাযায়। সি তাৰ আত্মসম্মান নিখুঁত ৰাখিবলৈ অনেক ৰকম টেঙৰালিৰ আশ্ৰয় লৈছিল; যেনে-পলৈয়াহত বামলৈ উঠিলে সিঁহতৰপৰা খুজি-মাগি নাইবা ডকা-হকা দি দুটা-চাইটা মাছ আনি আমাৰ ঘৰত দি, সেই মাছ তাৰ পলত পৰা বুলি, একুৰি এটা মিছা কথাৰে বুকু ফিন্দাই কৈ বাহাদুৰি লৈছিল। কিছুদিনলৈকে যদিও সকলোৱে তাৰ কথাৰ তলনিলা ধৰিব নোৱাৰিছিল, কিন্তু তলিফুটা পানীৰ কলহৰ দৰে তাৰ এই মহতালি কথাৰ তলিত ফুটা থকা বাবে অচিৰতে তাৰ সম্ভেদ তাৰ গুণগ্ৰাহীসকলৰ আগত ওলাই পৰিল আৰু তাৰ বাহাদুৰিৰ