তিনি ভাগ “অ কৰ্চ” পানীৰ পোহ পৰিছিল। তৃতীয়টো, তেওঁ আনতকৈ যে ভালকৈ ইংৰাজী জানে, এইটো বুজাবলৈ দেশৰ মানুহৰ ইংৰাজীত ভুল ধৰি দেখুৱাই আমাৰ আগত পেংলাই কৰিবলৈ ভাল পাইছিল। গণিত বিদ্যাৰে সৈতে কিন্তু বিষ্ণুবাবুৰ সতিনীৰ আঁহ আছিল আৰু ঘনে ঘনে নিজেই সেই কথা জাহিৰ কৰি সুখ লভিছিল।
আমাৰ হেডমাষ্টৰজনৰ নাম আছিল শ্ৰীশ্ৰীনাথ গুহ। আমাৰ দেশত জোৰাজোৰে শ্ৰীব্যৱহাৰ কৰোতাসকলক কোনো সত্ৰৰ গোসাঁই বলি মই জানিছিলো। সেইদেখি এযোৰ শ্ৰীৰে গুহ বাবুৰ চহীৰ বঙ্গলা হস্তলিপি এখন এদিন দেখি, সৰুতে মই ভাবিছিলো, যে আমাৰ হেডমাষ্টৰজনো বঙ্গদেশৰ কোনোবা এখন সত্ৰৰ গোসাঁই প্ৰভু বা অধিকাৰ পুৰুষ। অনেক দিনৰ মূৰতহে মোৰ এই বালক-সুলভ ভ্ৰম ভাগিছিল আৰু জানিছিলোঁ যে শ্ৰীনাথৰ শ্ৰীটো নামটোৰেই অন্তৰ্গত। শ্ৰীনাথ গুহ গা-গাৰিয়ে বৰ শকত-আৱত মানুহ আছিল আৰু তেওঁৰ বৰণটো একেবাৰেই কেতোৰ-ক’লা হলেও দিব্য ক’লা আছিল। তেওঁৰ মাতৰ গমগমনিত শিৱসাগৰৰ ডাঙব কুলঘৰটোৱে দিনো থক থক, কৰে কঁপি মোক কোৱা যেন শুনিছিলো-“আৰু মই নোৱাৰো। দেউতা ঐ। মোৰ কাণ ফাটি যাওঁ ফাটি যাওঁ কৰিছে?” এঘাৰ বজাৰপৰা চাৰি বজালৈকে তেওঁ তেওঁৰ ক্লাছ প্ৰথম শ্ৰেণীত পঢ়াবলৈ নবহি, স্কুল সম্পৰ্কে লেখা-পঢ়াৰ কাম কৰিবলৈ থকা কাষৰ ঠাই এডোখৰত বহি desk work অৰ্থাৎ অফিচৰ কামত ব্যস্ত থাকিছিল আৰু মাজে মাজে থাকি থাকি “Silence?” অথাৎ “চুপ” বুলি বুকু কপি যোৱা প্ৰকাণ্ড গোঁজৰণিৰ ফৰ্মঠি গোটেইটো স্কুলৰ ছাত্ৰবন্দৰ উদ্দেশ্যে মাৰি পঠিয়াইছিল। মই বোধকৰো, ওপৰত কৈ অহা মাষ্টৰ হবলৈ ক্ষন্তেকীয়া ক্ষমতা পোৱা, প্ৰথম শ্ৰেণীৰ ছাতৰ মতিলাল ঘোষৰ সেই গোঁজৰণিও হেডমাষ্টৰীয়া গোঁজৰণিৰ হাস্যকৰ নকল মাথোন। যি হওক, শ্ৰীনাথ বাবুৰ “ছাইলেঞ্চ” নামৰ গোজৰণিৰ ধ্বনিত গোটেইটো স্কুলৰ ছাতৰ আৰু মাষ্টৰৰ মাত দুই তিনি মিনিটলৈকে মুখৰপৰা পলাই ফাট মাৰিছিল। এই গোঁজৰণিৰ আচল মানে হৈছিল “ছাতৰহত”! তহঁতে ভাবিছ হ’বলা যে তহতৰ হেডমাষ্টৰে নিজৰ কাম লৈয়ে ব্যস্ত আছে, তহঁতৰ ফালে তেওঁৰ চকু নাই? সেইটো নহয়; তেওঁ সজাগ।” এই অৰ্থটো তেওঁ আৰু সুস্পষ্ট কৰিছিল এইদৰে, কোনো ক্লাছৰ কোনো ল’ৰাৰ ব্যৱহাৰত ক্ষুদ্ৰ ব্যতিক্ৰম কেতিয়াবা তেওঁৰ চকুত পৰিলে তেওঁ তেওঁৰ সেই সুদূৰস্থিত চকীৰপৰা চেৰেকনি মাৰি “You! You!” অৰ্থাৎ তই। তই! বুলি তাক তেওঁৰ ওচৰলৈ মাতি নি, সোধ-পোছ নাই, তাক “এই হাত!” “সেই হাত”! বুলি হাত পাতিবলৈ কৈ তাৰ হাতৰ তোত বেতেৰে কোব লগাই দিছিল। এনে বেত্ৰাঘাতৰ সুখ ভোগ এই দুখীয়াৰ ভাগ্যতো এদিন ঘটিছিল। আমাৰ ক্লাছত মহীকান্ত নামেৰে দুষ্ট ল'ৰা এটা আছিল। মোৰ ভাগ্যৰ নিমিত্তে এদিন সি মোৰ ওচৰত ঠাই অধিকাৰ কৰি বহিলহি। মোৰ অমত আৰু আপত্তি অগ্ৰাহ্য কৰি, সি মোৰে সৈতে “পাঞ্জা লড়িবলৈ” অভিলাষ কৰি মোৰ হাতটো ধৰি টনা-আজোৰা লগাই দিলে। “পাঞ্জা যুদ্ধৰ” এই উদ্যোগ পৰ্বটো