আছিল; ময়ো তেওঁৰ লগতে জাপ খালোঁগৈ। ওচৰতে চিটি কলেজ। ৰিপন কলেজ এৰি চিটি কলেজত নাম লগাই ললোঁ। মই নপঢ়ি বলিয়ালি কৰি উৰি-ফুৰি যি ছমাহ কটাইছিলো, সেই ছমাহৰ ক্ষতিপূৰণ কৰিবলৈ আঁকোৰ-গজালিকৈ মনপুতি লাগিলো। শিৱসাগৰৰ ৰাজহুৱা নামঘৰত সোমাই শঙ্কৰ মেতোৰৰ গোসাঁইৰ পদ লভি এণ্ট্ৰেঞ্চ পৰীক্ষাত উঠিবলৈ লগা সঙ্কল্পই মোক আকৌ পালে। দেখিলো, কলেজ ক্লাছৰ কিতাপবোৰ আন আন ছাতৰে পঢ়ি প্ৰায় শেষ কৰিছে। আৰু ক্লাছৰ অধ্যাপকৰ লেক্চৰ বোৰৰো অন্তিম অৱস্থা। কিন্তু Labour omnia Vincit অৰ্থাৎ “যত্ন সৰ্বজয” এই বাক্য সাৰোগত কৰি লৈ মই নডৰি দুগুণ উৎসাহেৰে ঘৰত ভালকৈ পঢ়িবলৈ ধৰিলো। দুমাহমানৰ ভিতৰতে মোৰ ক্ষতিবোৰৰ সৰহভাগ পূৰণ কৰি পেলালো। মই অঙ্কবিদ্যাত (Mathematics) বৰ অপটু আছিলো। এফ্-এ পৰীক্ষা দিবলৈ অঙ্কৰ যি বিদ্যা লাগে সেই বিদ্যাৰ area অৰ্থাৎ ক্ষেত্ৰফলো বৰ কম নহয। সেই বিদ্যাত মই একেবাৰেই বিদ্যাদিগ্গজ বুলিলেই হয়। এতিয়া কৰোঁ কি? ঈশ্বৰে উপায় উলিয়াই দিলে। মোৰ অন্তৰঙ্গ বন্ধু শ্ৰীযুত ঘনশ্যাম বৰুৱা (পিছত অনাৰেবোল ৰাযবাহাদুৰ মন্ত্ৰী ঘনশ্যাম বৰুৱা ডাঙৰীয়া) মোৰ সহায়ক হ’ল। তেওঁ তেতিয়া চতুৰ্থ বাৰ্ষিক শ্ৰেণীত বি-এ পৰীক্ষা দিবলৈ সাজু হৈছিল। সেইকালত কলিকতাত যতবোৰ অসমীযা ছাতৰ আছিল, এটাইৰে ভিতৰতে তেওঁ অঙ্কবিদ্যাত বেছি অভিজ্ঞ আছিল। বন্ধু-বৎসলতা আৰু পৰোপকাৰিতা গুণতো তেওঁ সকলোৰে অগ্ৰণী আছিল। অসমীযা ল’ৰাৰ মেছে মেছে খোঁটালীযে খোঁটালীযে গৈ তেওঁ আপোন ইচ্ছাতে আনন্দ মনেৰে ছাতৰক অঙ্কবিদ্যাত আৰু শক্তি অনুসাৰে আন আন বিষয়তো সহায় কৰাটো তেওঁৰ স্বভাৱৰ এটা অঙ্গ আছিল। সৰুৰেপৰা মই তেওঁৰে সৈতে একেলগে ডাঙৰ-দীঘল হোৱা মৰমৰ বন্ধু; এতেকে তেওঁ যে মেকি অতি আগ্ৰহেৰে অঙ্কবিদ্যা উপাৰ্জনত সহায় কৰিব, তাত বিচিত্ৰ কি? তেওঁৰ স্বাস্থ্য ল’ৰাকালৰেপৰা বেয়া আছিল। কলিকতাত থাকিও তেওঁ তেওঁৰ হেৰোৱা স্বাস্থ্য লাভ কৰিব নোৱাৰিছিল। মই ন দি ক’ব পাৰোঁ, যদি তেওঁৰ স্বাস্থ্য ভাল হ’লহেঁতেন আৰু নিয়মমতে তেওঁ পৰিশ্ৰম কৰিব পাৰিলেহেতেন, অন্ততঃ অঙ্কবিদ্যাত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ এজন নামজলা ছাতৰ হৈ উঠিব পাৰিলেহেঁতেন। সুন্দৰ প্ৰকৃতি, সুমধুৰ ব্যৱহাৰ আৰু পৰৰ নিমিত্তে স্বাৰ্থত্যাগ তেওঁৰ অঙ্গৰ ভূষণ আছিল। মোৰ প্ৰতি থকা তেওঁৰ বন্ধুত্বভাবৰ স্মৃতি মোৰ মনৰপৰা কেতিয়াও অন্তৰ্হিত নহয়।
কলিকতাত মোৰ পঢ়াৰ খৰচ আমাৰ ঘৰৰপৰা নানো বুলি মই মনতে থিৰ কৰি আহিছিলো। মই গুৰিৰেপৰা কলেজত নিয়মমতে নপঢ়াৰ নিমিত্তে, মোৰ স্কলাৰশ্বিপ অৰ্থাৎ আসাম গৱৰ্ণমেন্টে মোক মাহে কুৰি টকাকৈ দিয়া বৃত্তিটো বন্ধ হৈছিল। চিটি কলেজ গৰাকীসকলে মোৰ হৈ অনেক লেখালেখি কৰি সেইটো উদ্ধাৰ কৰি দিয়ালে। মই একেবাৰেই ছকুৰি কি সাতকুৰি টকা পালো। “কাৰ্যস্বা সাধয়েৎ শৰীৰস্বা