পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
সপ্তম আধ্যা

যত্ন কৰিছে। পুৰণি পুথিবিলাক যাতে নষ্ট নেপায় আৰু ক্ৰমে ছপা হৈ প্ৰকাশিত হয় সভা তাৰে চেষ্টাত আছে। আসামৰ সকলো বিধৰ পঢ়াশালিতে যাতে অসমীয়া ভাষা প্ৰচলিত কৰা হয় আৰু অসমীয়া ল’ৰা-ছোৱালীয়ে যাতে নিজ নিজ ভাষা সুকলমে পঢ়িবলৈ পায, তাৰ নিমিত্তে অসমৰ শিক্ষা বিভাগৰ অধিকাৰসকলৰ মনোযোগ আকৰ্ষণ কৰা; লেখা-পঢ়া কাৰ্যত অশুদ্ধ ব্যাকৰণ, অশুদ্ধ বৰ্ণবিন্যাস ক্ৰমে লোপ কৰি তাৰ স্থলত পৰিশুদ্ধ ভাষা ব্যৱহাৰ কৰিবলৈ পঢ়াশালি আদিত দূষিত ভাষাৰ পুথিৰ সলনি শুদ্ধ ভাষাৰ পুথি চলাবৰ নিমিত্তে আন্দোলন কৰিবলৈ; শ্ৰীধৰ কন্দলি, ৺শঙ্কৰদেৱ আদি পুৰণি গ্ৰন্থকাৰ আৰু কবিসকলে লিখা পুথিবিলাকৰ টান টান ভাগৰ টীকা-টিপ্পনী লেখিবলৈ আৰু দোষ-গুণ আলচ কৰিবলৈ; আমাৰ ভাষাত নোহোৱা লাগতিয়াল পুথিবিলাক সংস্কৃত বা আন ভাষাৰপৰা অনুবাদ কৰি বা সংক্ষিপ্ত সাৰ সংগ্ৰহ কৰি আমাৰ ভাষালৈ আনিবলৈ, আসামৰ আগৰ দিন বা এতিয়াৰ যিবিলাক ধৰ্মনীতি, সমাজনীতি, ৰাজনীতি আৰু খেল, মেল, গাওঁ ভুঁইৰ আনুপূৰ্বিক বৃত্তান্ত আছে, তাক সংগ্ৰহ কৰি এখন বিস্তৃত বৰঞ্জী লেখিবলৈ; দেশৰ ইতৰ সাধাৰণ সকলো শ্ৰেণীৰ মানুহৰ ভিতৰত যাতে লেখা-পঢ়াৰ চৰ্চা হয় তাৰ নিমিত্তে উজু, উপায় উলিয়াবলৈ , বাতৰি কাকতৰ প্ৰতি লোকৰ আগ্ৰহ বঢ়াবলৈ; আৰু অসমৰ সকলো অঞ্চলতে এটা মাত্ৰ লিখিত ভাষাৰ সষ্টি কৰিবলৈ সভাৰ যত্ন থাকিব।

 অসমীয়া পুথি—এই সভাই অসমীযা পুৰণি আৰু নতুন পুথিৰ নাম অতি যতনেৰে সংগ্ৰহ কৰি এটি তালিকা কৰি ৰাখিছে।••• এই পুথিবিলাকৰ নাম সংগ্ৰহ কৰাৰ উদ্দেশ্য এই—

 (১) অসমীয়া ভাষাক যে ভাষা নহয় বুলি কোনোৱে কয়, তেনেকুৱা ভাষা নোহোৱা ভাষাত নো কিমান পুথি হব পাৰে, তাক জানি, সেই মতাৱলম্বী লোকসকলৰ মতত নো কিমান সাৰ বা পলস আছে সেই কথা বুজাৰ সুগম হ’ব। আৰু যিটো বস্তুৰ উন্নতি কৰিবলৈ যোৱা হৈছে সেইটো নো কি মাত্ৰক বস্তু তাৰ আকৃতি-প্ৰকৃতি, গঢ়-পিত কি আৰু সি কিমান ডাঙৰ-দীঘল, শকত-আৱত সেইবোৰ জনাটো অতি লাগতিয়াল কথা।

 (২) পুৰণি কালৰপৰা আজিলৈকে অসমীয়া মানুহৰ মানসিকতাৰ কি প্ৰকাৰ ক্ৰমবিকাশ হৈ আহিছে, তাক জানিবৰ ঘাই উপায় হৈছে এই পুথিবিলাক অসমীয়া মানুহৰ মন-ৰাজ্যৰ, দেহ-ৰাজ্যৰ আৰু ধৰ্মৰাজ্যৰ আনুক্ৰমিক আৰু জল্‌জলীয়া প্ৰাস লগা বুৰঞ্জী অসমীযা পুথিবিলাকৰ পিঠিযে অমূল্য দাৰ্শনিক আৰু ঐতিহাসিক সত্যবোৰ লোৰ পেৰাত হীৰা-মৰকত মণি-মাণিক থোৱা দি থৈছে। আমাৰ হাত, ভৰি, মূৰ ইত্যাদি যেনেকৈ আমাৰ শৰীৰৰ অঙ্গ আৰু সেইবোৰ নহলে যেনেকৈ আমাৰ শৰীৰ সম্পূৰ্ণ নহয়, অতীতৰেপৰা লেখা হৈ অহা অসমীয়া পুথিবিলাক সেইদৰে অসমীয়া সমাজ-শৰীৰ, অসমীয়া সাহিত্য-শৰীৰ আৰু অসমীয়া ধৰ্ম-শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ; আৰু সেইবোৰ নাথাকিলে বা লোপ পালে এই তিনিটা প্ৰকাণ্ড শৰীৰ খোৰা, কোঙা আৰু