পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিফল মনোৰথ হৈ গুচি যোৱা কুৰুৱাটোৰ বাহিৰে সকলোৱে সেই মাছ সেইদিনা ভোজন কৰি তৃপ্তি লভিলে।

 এদিন দেখিলোঁ, পাৰৰ বালি এটাত থকা জুপুৰি এটাৰপৰা জালোৱা বুঢ়া-বুঢ়ী দুটা আমাৰ নাৱৰ ফালে বেগাই আহিছে। দেখিলোঁ, বুঢ়াৰ হাতত কিবা এটা ওলমি আহিছে। “দেউতা এখন্তেক নাও ৰাখক” বুলি কোৱা বুঢ়াৰ মাত শুনি আমাৰ নাও ৰখা হ’ল। দেউতাৰ আগত বৰকাছৰ পোৱালি এটা থৈ বুঢ়া-বুঢ়ীয়ে সেৱা কৰি কলে, “দেউতা ঈশপৰে পেন্সন লৈ উজাই আহিছে বুলি আমি শুনিছোঁ; সেইবাবে দেউতা ঈশ্‌পৰক সেৱা কৰিবলৈ আহিলোঁ।” দেউতাই মিঠা কথা কৈ বুঢ়া-বুঢ়ীক আপ্যায়িত কৰাৰ পিছত, বুঢ়াই তাৰ ঘুংৰোগৰ বৃত্তান্ত কৈ দেউতাৰপৰা দৰব লৈ সস্ত্ৰীকে সেৱা কৰি প্ৰস্থান কৰিলে। নিজান বালিৰ ওপৰত বুঢ়া-বুঢ়ীহালি সেইদৰে অকলৈ থকা দেখি মোৰ ল’ৰা মনলৈকো এটা উদাস ভাব আহিছিল। ভাবিছিলোঁ, মোক মোৰ অভিভাৱকসকলে যদি এৰি দিযে, ময়ো অকলৈ এইদৰে এনে এটা বালিৰ ওপৰত পঁজা এটা সাজি লৈ যাবজ্জীৱন থাকিম।

 নল-খাগৰি থকা বালিৰ গৰাৰ পানীৰ যুৱলিত কাতি হৈ পৰি থকা নল-খাগৰিৰ ওপৰত সৰু সৰু কাছ-পোৱালিবোৰ উঠি থাকে; আৰু আমাৰ নাও কাষ পালেগৈযে টুপং কৰে পানীত পৰি বুৰ মাৰে। এই দৃশ্যটো মোৰ বৰ ভাল লাগিছিল। ভাবিছিলোঁ, ময়ো যদি কাছ-পোৱালী হলোঁহেঁতেন এইদৰে টুপুং কৰে বুৰ মাৰি কৰবালৈ গুচি গলোহেঁতেন। এনেকুৱা কাছ-পোৱালি দেখিলে মই লেখি যাওঁ। এদিন এটাৰ পিছত এটাকৈ লেখোতে একুৰি তিনটা হৈছিল।

 ব্ৰহ্মপুত্ৰৰ দাঁতিত একো একো ঠাইত মাদুৰি বন হয়। বাকলি গুচাই মাদুৰিৰ শাহটো আৰু কেঁওটো খাবলৈ ভাল লাগে। দেউতাই কিন্তু আমাক মাদুৰি খাবলৈ নিদি কৈছিল, “এই মাদুৰিৰে কোবাই মৰিয়া-মৰি কৰি যদু বংশ ধ্বংস হৈছিল; এতেকে মাদুৰি খাব নাপায়।” এনে innocent মাদুৰিৰে সৈতে যে এনে ভীষণ স্মৃতি বিজড়িত হৈ আছে, জানিব পাৰি সেইদিনাৰপৰা মাদুৰি ভোজনৰপৰা প্ৰতিনিবৃত্ত হলোঁ।

 একো একো ঠাইত বালিৰ গৰাত খহনীয়াই ধৰা বাবে, সেইপিনে উজাই যোৱাটো বিপদজনক। সেইদেখি পেই পাৰৰপৰা সিপাৰলৈ পাৰি দিব লগীয়া হয়। চকুৰে ইপাৰ সিপাৰ মণিব নোৱাৰা ব্ৰহ্মপুত্ৰত এইদৰে আমাৰ অনেকবাৰ পাৰি দিবলগীয়া হৈছিল। পাৰি দিওঁতে নাৱৰ আগোৱালকেইটাই নাৱৰ টিং আৰু গলত বহি প্ৰাণপণে দাঁৰ মাৰি আৰু গুৰিয়ালে গুৰিৰপৰা গুৰি-বঠাৰে চাব দি দি অতি কষ্টেৰে এই দুখৰ কাম সমাপন কৰিছিল। এনেকৈ পাৰি দিওঁতে আমি অনেকবাৰ পিতৃদেৱতাকে গুৰিয়ালৰ হাতৰ বঠা ধৰা দেখিছিলোঁ। নাও পাৰি দিওঁতে পিতৃদেৱতাই “ৰাম পাৰ কৰা, এ, ৰঘুনাথ সংসাৰ-সাগৰে।” এই ঘোষা লগাই পদ দিছিল, আৰু আমি সকলোৱে উচ্চৈস্বৰে গাইছিলোহঁক। বাস্তৱিকতে এই নামৰ তালৰ লগত পানীতপৰা