“হে প্ৰভু! আজি অফিচত বৰচাহাবৰ হাতৰপৰা ৰক্ষা কৰা।” আৰু স্কুল-কলেজৰ ছাতৰে বেজাৰকৈ বুলিছিল—“আজি ক্লাছৰ হাজিৰাত আমাৰ ’পাৰ্ছেন্টেজ’ গ’ল!“
মোক কলিকতাত পঢ়িবলৈ পঠোৱা-নপঠিওৱা হেঙ্গামে মোক কলেজত ভৰ্তি হোৱাত অনেক দিনৰ পিছ পেলাই দিছিল। কলেজৰ ক্লাছত বহি দেখিলোঁ যে কলেজৰ প্ৰফেছৰে দিযা ক্লাছ লেক্চৰ follow কৰাটো মোৰ পক্ষে অসাধ্য ব্যাপাৰ , অৰ্থাৎ কলেজৰ অধ্যাপকে ছাতৰক পঢ়াই গৈ প্ৰায়বোৰ কিতাপৰ মাজ ছোৱা নাইবা শেহ-ছোৱা পালেগৈ, অথচ মই গুৰিতে। মই পাঠ্য পুস্তকৰ দেশলৈ যাবলৈ গৰুৰ গাড়ী এখনত উঠিছো মাথোন আৰু সিফালে অধ্যাপকে আনবোৰ ছাতৰক লগত লৈ ৰেলৰ ডাক- গাড়ীতে উঠি ভোঁ-ভো কৰে লৰিছে। নৈৰাশ্যেৰে মোৰ মন পূৰ হৈ পৰিল। আন- ফালে মোৰ গাটোও বেয়া লাগিবলৈ ধৰিলে। কঁটীয়া মাহেৰে এমাহমান এইদৰে অনুকল অৱস্থাৰ সৈতে যুঁজি থাকি মই শোট্ মোট্ খাই পৰিলো। মনত বৰ বিচাট্ লাগিল। ভাবিলো, মোৰ কলিকতাত পঢাসোপা আৰু হ’ল। এতিযা ঘৰৰ ল’ৰা ঘৰলৈ উভতি যাব পাৰিলেই মঙ্গল। মোৰ লগৰীযা ককাইদেওজনক সকলোবোৰ দুখৰ কথা ভাঙি কৈ ঘৰলৈ উভতি যাবৰ ইচ্ছা প্ৰকাশ কৰিলো। তেওঁ মোৰ দুৰৱস্থাৰ গঢ়-গতি সোপাকে লক্ষ্য কৰি আছিল; গতিকে তেৱোঁ সেইটোকে সমীচীন বিবেচনা কৰি, সেই কথা জনাই পিতৃদেৱতালৈ টেলিগ্ৰাফ কৰিলে। পিতৃদেৱতাৰপৰা ততালিকে আমাক উভতি যাবলৈ আদেশ দিয়া উত্তৰ আহিল। সেইদিনাই কলিকতাক নেওচা দি আনন্দ মনেৰে আমি দুয়ো শিয়ালদহৰ ৰেলগাড়ীত উঠিলোগৈ। সেই কালত “আসাম- বেঙ্গল ৰেল” নাছিল। যাত্ৰাপুৰ-কাওনিযাইদি সৰু ৰেল, সৰু জাহাজত উঠি আমি ধুবুৰী পালোগৈ। ধুবুৰীত তেতিযা পিতৃদেৱতাৰ নাতিযেক পূৰ্ণানন্দ ছোটচাহাব হৈ আছিল। দেউতাই তেওঁলৈ মোৰ বিষযে টেলিগ্ৰাফ দি থৈছিল; সেই দেখি আমি ধুবুৰী-ঘাট পালতে তেওঁ আমাক নিযাই তেওঁৰ ঘৰতে ৰাখিলে। মোৰ গাৰ ৰোগতকৈ মনৰ ৰোগেহে মোক বেছি পীড়া দিছিল , আৰু কলিকতা এৰি আসামমুৱা হলতে সেই ৰোগ অন্তৰ্ধান হ’ল , সেই দেখি পূৰ্ণনান্দ বৰুৱাই মোক চিকিৎসা কৰাবৰ দিহা কৰোতেই মই মোৰ গা ভাল পাইছো বুলি কৈ সেই দিহা Veto অৰ্থাৎ ৰদ কৰিলো। তিনি-চাৰি দিন তেওঁৰ ঘৰতে থাকি আমি ডাক-জাহাজেৰে শিৱসাগৰৰ ফালে উজাবলৈ ধৰিলো। মোৰ লগৰীয়া ককাইদেওজনে গোলঘাট গৱৰ্ণমেণ্ট কাছাৰীত কাম কৰিছিল, সেই দেখি তেওঁ নেঘেৰীটিঙত নামি গ’ল। মই পিছদিনা দিচাংমুখ পালোগৈ। দিচাংমুখৰপৰা শিৱসাগৰ চহৰ আঠ-ন মাইলমান দূৰ। সেইডোখৰ বাট মই খোজ কাঢ়িযেই গলো, কাৰণ মই যে সেইদিনাই দিচাংমুখ পামগৈ সেই বাতৰি দেউতই নাজানি মোক জাহাজঘাটৰপৰা নিবলৈ ঘোঁৰা পঠিওৱা নাছিল। আজিকালিৰ কথা ক’ব নোবাৰোঁ, সেইকালত ঘোঁৰা বা হাতীৰ বাহিৰে আন যানৰ কথা শিৱসাগৰীয়াই ভাবিবই নোৱাৰিছিল। বৰ ৰ’দ। খোজ কাঢ়ি যাওঁতে যাওঁতে ভাগৰি বাটৰ কাষৰ পুল এটাৰ ওপৰত বহিছিলো। এখন্তেকমান বহি আছো, এনেতে