৷৷সপ্তম আধ্যা৷৷
কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ’ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘৰত মোৰ নিবাসস্থান থিৰ কৰা হ’ল। এনে বন্দবস্তৰ মানে—যাতে মই অসমীয়া ছাতৰৰ “মেছ”ত থাকি জাতৰূপে মোত অৱতাৰ হোৱা শিশুটিক বধ কৰিব নোবাৰোঁ। মই কলিকতালৈ যাত্ৰা কৰাৰ আগতে পিতৃদেৱতাই মোক মাতি আনি ওচৰতে বহুৱাই অনেক সজ উপদেশ দিলে। মই কেনেকৈ নিতৌ গঙ্গাস্নান, সন্ধ্যা, আহ্নিক আদি কৰি আৰু ঘাইকৈ নাম-প্ৰসঙ্গ কৰি চলিব লাগিব আৰু কেনেকৈ স্বাস্থ্য ৰক্ষা কৰিব লাগিব, কোন নৰিয়াত কি দৰব খাব লাগিব ইত্যাদি কথা তেওঁ তন্নতন্নকৈ কৈ সেইবোৰ মোৰ হতুৱাই “নোটবুক” এটাত লেখাই দিলে। সেই মূল্যবান “নোটবুক“টো আজিও মোৰ হাতত আছে। বেজাৰৰ কথা যে তাত থকা উপদেশবোৰৰ সৰহখিনি মোৰ পক্ষে dead letter অফিচত মৰা-চিঠিৰ মৰা শৰ নিচিনা হৈ পৰি আছে মাথোন। মই কলিকতালৈ যাত্ৰা কৰি ওলালোঁ। মোক কলিকতাত দিহা-পোহা লগাই থৈ আহিবলৈ মোৰ লগতে ককাইদেও এজনো ওলাল।
আমি দুযো কলিকতা পাই, প্ৰথমতে শানকিভাঙ্গা নামৰ ঠাইত অসমীয়া ছাতৰৰ মেছ এটা বিচাৰি উলিয়াই তাতে উঠিলোঁ। এদিন এৰাতি সেই মেছতে বাস কৰি, পিছদিনা কালীঘাটৰ হালদাৰৰ ঘৰ পালোঁগৈ। আগেয়ে কেতিয়াও মই লোকৰ ঘৰত আলহী হৈ থকা নাছিলোঁ। সেই দেখি যদিও হালদাৰৰ ঘৰত মই paying guest অৰ্থাৎ গাঁঠিৰপৰা ধন দি ভাত খাই থকা আলহী হলোঁ আৰু হালদাৰ পৰিবাৰে মোক সুখে-সন্তোষে ৰাখিবলৈ যত্ন কৰিছিল, তথাপি প্ৰথমতে বঙ্গালীৰ ঘৰত অচিনাকি আঞ্জা-ভাতে মোৰ মনত বৰকৈ পীড়া দিবলৈ ধৰিলে। যেতিয়াই দুডাল চাইডাল মৰিচা শাকৰ ঠাৰি, এচিৰা কি দুচিৰা ছাজনাগুটিৰ ডোখৰ- চেৰেকেৰে চৰ্চৰীয়া, এহেতা মগুমাহৰ পানী আৰু ক্ষুদ্ৰ এটুকুৰা মাছেৰে সৈতে মচলা দি ক’লাকৈ ৰন্ধা মাছৰ আঞ্জা আগত লৈ ভাতৰ পাতত বহোঁ, তেতিয়াই মোৰ ঘৰলৈ মনত পৰি চকুৰ পানী ওলায় আৰু জলা আঞ্জাই সেই পানীত পোহ দিয়ে। মোৰে সৈতে ৰাহি-যোৰা নহা এনে আহাৰে ৰুগীযা মোক দুই-চাৰি দিনতে আৰু ৰুগীয়া কৰি পেলালে। মই সুৰেন্দ্ৰবাবুৰ ৰিপন কলেজত নাম লগাইছিলোঁ। দিনৌ ট্ৰেম- গাড়ীত উঠি মই কালীঘাটৰপৰা মিৰ্জাপুৰ ষ্ট্ৰীটস্থ ৰিপন কলেজলৈ পাৰি দিবলৈ ধৰিলোঁ। সেইকালত ট্ৰেমগাড়ীক ঘোঁৰাইহে টানিছিল; আজিকালিৰ দৰে বিজুলীয়ে নহয়। একোপেটকৈ ভাত খাই ডেৰ গুণ গধূৰ হোৱা এট্ৰেম যাত্ৰীক এহাল ঘোঁৰাই প্ৰাণকাতৰে হেকেৰ্-পেকেৰ্কৈ টানি কলিকতাৰ অফিচ, কাছাৰী, স্কুল, কলেজৰ কাষত উলিয়াই দিয়া কাৰ্য সম্পাদনত, ঘোঁৰা আৰু যাত্ৰী দুই পক্ষ সমানে ভাগৰিছিল। ঘোঁৰাই নিছিল—“সৰু নাৱত বৰ ভৰা। মহাপ্ৰভু ৰক্ষা কৰা।” যাত্ৰীয়ে বুলিছিল,