সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
মোৰ জীৱন সোঁৱৰণ

অসমীয়া ভাষাত ৰচনা লিখিবলৈ শিকোঁ। “আসাম-নিউচে’’ নিশ্চয় অসমীয়া ভাষাৰ যুগান্তৰ উপস্থিত কৰিলে। বৰ দুখৰ কথা, কাকতখন ঘাইকৈ ৺হেমচন্দ্ৰ বৰুৱাৰ শাৰীৰিক অসুস্থতাৰ নিমিত্তে দীৰ্ঘকাল স্থায়ী নহ’ল। আজিলৈকে “আসাম-নিউচ”ৰ নিচিনা কাকত এখন অসমত নোলাল।

 অসমৰ গৌৰৱ ৰায গুণাভিৰাম বৰুৱা বাহাদুৰে তেওঁৰ “চৰকাৰী কৰ্ম” জীৱনৰ শেষৰফালে, “আসাম-বন্ধু” নামৰ এখন অসমীয়া মাহেকীয়া কাকত উলিয়াইছিল। সেইকালত কলিকতাবাসী অসমীয়া ছাত্ৰসকলৰ সহায়ত “আসাম-বন্ধু’’ কলিকতাত ছপা হৈছিল। “আসাম-বন্ধু” ও অসমত অসমীয়া মাহেকীয়া কাকতৰ প্ৰথম পথ-প্ৰদৰ্শক আৰু সি অসম আৰু অসমীয়া ভাষাৰ প্ৰকৃত বন্ধুৰূপে দেখা দিছিল। “আসাম- বন্ধু”ৰ পাতত বিদ্বান ৺লম্বোদৰ বৰাৰ কাপৰপৰা ওলোৱা “সদানন্দৰ কলাঘুমটি”, শ্ৰদ্ধাস্পদ শ্ৰীযুত সত্যনাথ বৰাৰ সুন্দৰ কবিতাকেইটি আৰু বুৰঞ্জীবিজ্ঞ ৰাষবাহাদুৰ সম্পাদক ডাঙৰীয়াৰ “আগৰ দিন, এতিয়াৰ দিন”ৰ দৰে ঐতিহাসিক প্ৰবন্ধবোৰে মোৰ মন বৰকৈ আকৰ্ষণ কৰিছিল। দুখৰ বিষয়, “আসাম-বন্ধু” ও সৰহ দিন নাথাকিল। এইটো ক’বই লাগিব যে অসমীযা ভাষাৰ মহাৰথীদ্বয “আসাম-নিউচ” আৰু “আসাম-বন্ধু”ৰেই আধুনিক আৰ্হিত অসমীয়া গদ্য আৰু পদ্য সাহিত্য সৃষ্টিৰ অৰ্থে spadework, কোৰৰ কাম কৰে, অৰ্থাৎ মাটি কুৰি চহাই দিযে। পিতৃদেৱতাই “আসাম-নিউচ” আৰু “আসাম-বন্ধু” বৰ আগ্ৰহেৰে সদায পঢ়িছিল। “আসাম- বন্ধু”ত ওলোৱা কোনো কোনোটো ঐতিহাসিক প্ৰবন্ধত থকা খুঁত দেখুৱাই তেওঁ ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা ডাঙৰীয়ালৈ চিঠি লেখাও মই দেখিছিলোঁঁ। মুঠতে ইযাকে কওঁ যে, অসমীয়া ভাষাত সকলো অসমীয়াৰ মনোৰঞ্জন কৰি সুললিত, সৰল, ৰসাল, অথচ ওখ শাৰীৰ গদ্য ৰচনা যে হব পাৰে, এইটো “আসাম-নিউচ” আৰু; “আসাম-বন্ধু’’ৱেই প্ৰথমতে দেখুৱালে।

 শিৱসাগৰৰ স্কুলত পঢ়াডোখৰ কালত মই পঢ়াশুনাত চোকা ল’ৰা বুলি কেতিয়াও খ্যাতি নাপাইছিলোঁ। স্কুলীয়া পাঠতকৈ আন আন বাহিৰা বিষয়ত মোৰ বুদ্ধিৰ চোক ওলাইছিল নে নাই ক’ব নোৱাৰোঁ। দেখোতাসকলহে তাৰ বিচাৰক; কিন্তু তেনেবোৰ কাৰ্যত যে মই দহৰ সুদৃষ্টিয়েই হওক বা কুদৃষ্টিয়েই হওক আকৰ্ষণ কৰিছিলোঁ, এইটো হলে ক’ব পাৰে। মই যে পঢ়া-শুনাত স্কুলীয়া চোকা-বুধীয়া ল’ৰাৰ লেখৰ বাহিৰত পৰিছিলোঁ, এই কথা নিশ্চষ স্কুল ঘৰটোৰ চালৰ চ’তি-ৰুৱা, মাৰলি আৰু বেত-সুতৰ গাঁঠিৰে সৈতে হাজাৰডাল খেৰে সাক্ষী ক’বলৈ ওলাব, যদি স্কুলঘৰটোৰে সৈতে সেইবোৰ আজিও টিকি আছে। স্কুলৰ বছেৰেকীয়া “প্ৰাইজ”ৰে সৈতে মোৰ সম্পৰ্ক গো-মাংস আছিল; মাথোন এবাৰ, কেনেকৈ ক’ব নোৱাৰো, সজ্ঞানে নহয়, সুস্থ-শৰীৰে নহয় আৰু আপোন ইচ্ছাতেতো নহয়েই (নিশ্চয by fluke) পঞ্চম শ্ৰেণীতে, মই দৈৱৰ হেঁচোকত হামখুৰি খাই নাইবা পাহৰা ধানৰ ভাত খোৱা পৰীক্ষকৰ পাহৰণিত পৰি কেনেবাকৈ ভটং কৰে তৃতীয় হৈ ওলাই সকলোকে অবাক কৰি দিলোঁ।