পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কমলাবাৰী সত্ৰৰ ভকত সদায় দেউতাৰ ওচৰলৈ অহা যোৱা কৰিছিল আৰু সিধা আদি খাদ্য-দ্ৰব্য সম্ভাৰৰ উপৰিও থানৰ কীৰ্তন-ঘৰত তেওঁলোকে জাৰকালি গাত লৈ বহি নাম গাবলৈ ৰঙা বানত একোখন লাভ কৰিছিল। এইটো নিশ্চয়কৈ কব পাৰোঁ যে কমলাবাৰী বৰপেটা, মধুপৰ সত্ৰৰ গোসাঁইভকতসকলক দান কাৰ্যত পিতৃদেবতাৰ মাহে মাহে দৰমহাৰ আদখিনি ধন ভগন হৈছিল। দেউতা লখীমপুৰত থাকোঁতেই কমলাৰাবী সত্ৰত কন্দল উপস্থিত হৈ সত্ৰখন দুভাগ হৈ ফাটি এভাগ আঁতৰি খাৰিজা বা ন কমলাবাৰী সত্ৰ হয় আৰু এই নতুন সত্ৰৰ ঘাই ধৰণী পিতৃদেৱতা হৈছিল।

 কমলাবৰী সত্ৰৰ ভকতসকলে এবাৰ কি দুবাৰ পিতৃদেৱতাৰ আহ্বানত আহি লখীমপুৰত ভাওনা কৰিছিল। সেই ভাওনা চাই যে আমাৰ কি মহানন্দ হৈছিল, কৈ শেষ কৰিব নোৱাৰো। ভাওনা হৈ যোৱাৰ এবছৰমান পিছলৈকে আমাৰ মুখৰপৰা ভাওনাৰ ভাৱৰীয়াৰ বচনবোৰ নুগুচিছিল আৰু সময়-অসময়, থল-অথল বিবেচনা নকৰি আমি ভাৱৰীয়াৰ ভাও দি ফুৰিছিলোঁ। এটা ভাওনা বোধৰে জৰাসন্ধ বধ আছিল। মই আৰু মোৰ ককাইদেও শ্ৰীনাথ, দুয়ো কলা-ঠহুৰাৰ ডাল গদা কৰি লৈ ঘৰৰ চোতালত বীৰৰসাত্মক বচন মাতি পৰম বিক্ৰম প্ৰকাশ কৰি মজি ফুৰিছিলোঁ আৰু দুইৰ পিঠিত কলা-ঠহুৰাৰ গদাৰে দুুইও ধপ ধপ কৰে কোবাই গদা ডাল ধুগুলা পচলা কৰিছিলোঁ। আমাৰ দুইৰো তুমুল যুদ্ধত প্ৰদৰ্শিত বল-বিক্ৰম দেখি ঘৰুৱা তিৰোতাসকল আৰু চাকৰ-নাকৰবোৰে পৰম বিশ্ময় মানি তধা লাগিছিল আৰু সেই দৰ্শকসকলৰ উচ্চাৰিত শলাগ আৰু উছাহ বাক্যত আমি দুই ভাই ভীম-জৰাসন্ধ ওফন্দি পৰি দুয়ো আৰু বেগেৰে তয়াময়া যুঁজ লগাই দিছিলোঁ। লাহে লাহে এই জাল আৰু বাউলা ভীম-জৰাসন্ধ-যোৰৰ যুঁজৰ কোব ইমান বাঢ়ি উঠিছিল যে আমাৰ ‘চুপৰ ভাইচৰ’ ককা ৰবিনাথে, “নাম নহৈ কোঁদোৰ বাহ” হবগৈ বুলি আশংকা কবি, to preserve Law and Order, অৰ্থাৎ আইন আৰু শান্তিৰক্ষাৰ নিমিত্তে, এক মাথোন তেওঁৰ দ্বাৰাই সঙ্কলিত, প্ৰচাৰিত আৰু প্ৰচলিত দণ্ডবিধি আইনৰ কোনো এটা section বা ধাৰামতে কৰা হকুম জাৰি কৰি further যুদ্ধ বন্ধ কৰি দিলে। কোনো সোঁত বা বেগৰ স্বাভাৱিক outlet অৰ্থাৎ বাট বন্ধ কৰি দিলে যেনেকৈ সি বাস্তৱিকতে বন্ধ নহৈ underground হয়, অৰ্থাৎ আত্মগোপন কৰি অন্তঃসলিলা হয়, সেইদৰে ইয়াৰ পিছত এই ক্ষুদ্ৰ যোদ্ধা দুটিয়ে শাসকৰ চকু এৰাই বাৰীৰ পিছফালে, নাইবা ঘৰৰ পিছ-চোতালত, নাইবা গৰু-গোহালিত ছগ বুজি একো একোখন ক্ষুদ্ৰ ক্ষুদ্ৰ সঙ্ঘটন কৰিবলৈ ধৰিলে। ভেকুৰিগুটীয়া যুঁজাৰু দুটিৰ গাত লম্ভা ভইৰ ভীম-জৰাসন্ধ দুটা কালক্ৰমত স্বভাৱতে বিলয়প্ৰাপ্ত হ’লতহে প্ৰকৃত পক্ষত সম্বৎসৰ-ব্যাপী সেই দুৰ্ঘোৰ মহাৰণৰ ওৰ পৰিল। ইয়াৰ পিছৰ বছৰত ‘নৃসিংহযাত্ৰা’ ভাৱনা দেখিছিলোঁ। আকৌ দুই ভাইক ভাৱনাৰ ভূতে পালে। বচন মাতি মাতি আকৌ দুয়ো যুক্ষেত্ৰত প্ৰৱেশ কৰিলো। মনত আছে, এদিন মই হিৰণ্যকশিপু হৈ-