পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
মোৰ জীৱন সোঁৱৰণ

আসনৰ ওপৰত শ্ৰীমদ্ভাগৱত শাস্ত্ৰ ৰখা হৈছিল আৰু পিতৃদেৱতাই তাৰ সমুখতে বহি পঢ়ি ব্যাখ্যা কৰিছিল। শ্ৰোতাসকল তেওঁৰ তিনিওফালে বহিছিল। মই পৰাপক্ষত কেতিয়াও সেই শাস্ত্ৰ ব্যাখ্যা শুনাৰপৰা অনুপস্থিত নহৈছিলোঁ! শ্ৰোতাসকলৰ ভিতৰত এজন বৰ “মজাৰ” বুঢ়া বামুণ মানুহ আছিল , তেওঁৰ নাম বটু বাপু। বটু বাপুৰ ঘৰ অৰ্জুনগুৰিত। অৰ্জুনগুৰি আমাৰ ঘৰৰপৰা তিনি-চাৰি মাইলমান দূৰত। কি ৰ’দ, কি বৰষুণ, কি ধুমহা-বতাহ, বা আন দুৰ্যোগ একোৱে বটু বাপুক ভাগৱত শুনিবলৈ অহাত বাধা দিব নোৱাৰিছিল। তেওঁ দিনৌ খোজ কাঢ়ি আহি ঠিক সময়ত উপস্থিত হৈছিলহি আৰু ৰাতি এন্ধাৰেই হওক বা পোহৰেই হওক, হাতত লাখুটি এডাল লৈ তাৰে খট্‌ খট্ কৈ মাটি কোবাই গৈ গৈ তেওঁৰ ঘৰ পাইছিল। তেওঁ শ্ৰীনাথ ককাইদেওৰপৰা আষাৰচেৰেক ইংৰাজী কথা শিকি মুখস্থ কৰি ৰাখিছিল, যথা-“Well, my dear Sir, how do you do? Quite well ’’ তেওঁৰ মুখৰপৰা সেই কথা-কেইষাৰ এনে আকাৰ ধৰি ওলাইছিল—“ৱাল, মাইডিযেৰ ছাৰ, হাডুইও ডু? কোটোৱাল।” তেওঁক বাটত ‘কলৈ যায়’ বুলি কোনোৱে সুধিলে, তেওঁ উত্তৰ দিছিল “দীননাথ বেজবৰুৱাকা হাউছ, হিন্দু বাইবোল হিয়েৰ্‌ আই গো।” এই কেইষাৰৰ বাহিৰে তেওঁ আন ইংৰাজী কথা একো নাজানিছিল। তেওঁ আহিয়েই আমাৰ ঘৰত এবাটি চাহ খাবলৈ পাইছিল। তেওঁক দেখিলেই আমি লৰি গৈ শিলৰ বাটিত এবাটি চাহ আনি আমাৰ গোসাঁইঘৰৰ টুপতে তেওঁক খাবলৈ দিছিলোঁ। আমাৰ ঘৰত তেওঁৰ এইদৰে চাহ খোৱা সম্বৎসৰব্যাপী অখণ্ডমণ্ডলাকাৰে চলিছিল। তেওঁক চাহ খুৱাই আমিও আনন্দ পাইছিলোঁ, তেওঁ তৃপ্তি লভি খাই উঠি গৈ ভাগৱত শ্ৰৱণানন্দ লভিছিল।

 বৰ বাৰজনীয়া সত্ৰ কাথপাৰ আৰু চুপহা আৰু সৰু বাৰজনীয়া শলগুৰি সত্ৰ শিৱসাগৰ চহৰপৰা কিছু দূৰতে। এই সত্ৰবোৰৰ আতা সকল সততে আমাৰ ঘৰলৈ আহি দেউতাৰ সৈতে দেখা-সাক্ষাৎ কৰিছিল আৰু দেউতায়ো তেওঁলোকক যথোচিত আদৰ সম্মান কৰিছিল। বছৰে বছৰে শলগুৰি সত্ৰৰ তিথিত আমি দেউতাৰে সৈতে ভাৱনা চাবলৈ শলগুৰি সত্ৰলৈ গৈছিলোঁ। সত্ৰৰ অধিকাৰে হাতী পঠিয়াই দি আমাক নিযাই বৰ আদৰসাদৰ কৰি খুৱাই-বুৱাই তেওঁলোকৰ ভাৱনা দেখুৱাইছিল। ভাৱনাত, শলগুৰীয়া আতাই তিনিটা খোল একে সময়তে বজাই সুন্দৰকৈ ঘোষা-কীৰ্তন কৰা মই দেখা মনত আছে। শলগুৰি সত্ৰৰ এজন মেধি আছিল; তেওঁ সততে আমাৰ ঘৰলৈ আহিছিল। নিষ্ঠাৱন্ত ভকত সেই মেধিজনক আমি বৰ শ্ৰদ্ধাৰ চকুৰে দেখিছিলোঁ৷