পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰ নাও অচল হ’ল। মাঘৰ বিহুত হাঁহকণী যুঁজোৱা বিদ্যাতো ধনী পিছপৰা নাছিল। কিন্তু তাৰ মাছধৰা বিদ্যাৰ দৰে, হাঁহ-কণী যুঁজোৱা বিদ্যাতো শীঘ্ৰে জাল-জুৱাচুৰি ধৰা পৰিল। খবৰ পোৱা গ'ল যে ওৰে দিনটোৰ মুৰত যে সি এপাচি মুৰ ভগা হাঁহকণী নিজৰ জয়লদ্ধ চিন (trophy) স্বৰূপে ঘৰলৈ আনিছিল, তাৰো তিনি ভাগৰ দুভাগত পানী দিয়া (adulterated) অৰ্থাৎ সেই এটাইবোৰ তাৰ স্বোপাৰ্জ্জিত নহয়, লোকৰ পৰা খুজি-মাগি বা ডকা-হকা দি আনি তাৰ লেখ বঢ়োৱা।

 মুঞ্চেফ হাকিম ডাঙৰীয়াৰ বৰ লগুৱা বুলি ধনীক হাট-বাটৰুৱা দোকানী-পোহাৰীয়ে খাতিৰ আৰু ভয় কৰিছিল আৰু সি সেই অৱস্থাৰ সুবিধাটো ষোল অনাৰ উপৰি আদায় কৰিবলৈ ত্ৰুটি নকৰিছিল। লাহে লাহে তাৰ দুষ্টালিৰ জোখ ইমান বাঢ়ি উঠিছিল, যে সি মাছ কিনিবলৈ আমাৰ ঘৰৰপৰা পইচা লৈ গৈ সেই পইচা পোহাৰীক দিয়া অভ্যাসটো বদ অভ্যাস থিৰাং কৰি একেবাৰেই তাক পৰিত্যাগ কৰিছিল আৰু বলেৰে পোহাৰীৰপৰা মাছ কাঢ়ি আনি সেই মাছ আমাৰ পইচাৰে কিনি অনা বুলি বঢ়িয়াকৈ আমাৰ ঘৰত চলাই দি মাছৰ পইচা কঁকালৰ জালৰ মোনাত ভৰাইছিল। প্ৰথম ডোখৰত তাৰ এনেবোৰ অত্যাচাৰ-অবিচাৰ দোকানী পোহাৰীয়ে ভয়তে নিৰ্বিবাদে সহি হজম কৰিছিল আৰু সিও “চলাও পাঞ্চি” বুলি সেই ব্যৱসায়ৰ পাঞ্চৈ নাওখন ভো-ভো কৰে চলাই দিছিল। কিন্তু এদিন ধনীৰ নাও লাগিল ঘপহ্ কৰে চটত আৰু খালে উবুৰি। তাৰ এনে অত্যাচাৰৰ কোব অসহ্য হ’লত বজাৰৰ এজাক দোকানী পোহাৰীয়ে মৰোঁ-জীওঁ সো-আধিকৈ দেউতাৰ আগত ‘ধনী বৰ ভাণ্ডাৰী’ৰ নামে গোচৰ দিলেহি। ধনীযে বিপদ সমুপগত দেখি ততালিকে পলাই ফাট মাৰিলে। ‘আসামী ফেৰাৰ’ দেখি, দেউতাই সেই পোহাৰীবোৰক সিঁহতৰ মাছৰ দাম যিমান দূৰ সম্ভৱ সুধি-পুছি লৈ, দি, বিদায় দিলে আৰু পিছদিনা ধনীক বিচৰাই ধৰাই আনি বঢ়িয়াকৈ এজাউৰি কিল-কীৰ্তন দিলে। এই কিল-কীৰ্তনৰ effect গুণ যে সৰহ দিন ধনীৰ গাত আছিল, এনে মনে নধৰে; কাৰণ সি সেই পা্চৈ নাৱৰ বেহা ইমান লাভজনক দেখিছিল যে, দিনচেৰেকৰ মূৰতে আকৌ তাত মনপতি লাগি গ'ল। তাৰ এই ৰোগ দূৰাৰোগ্য হৈ উঠা দেখি দেউতাক তাক ‘চচ্‌পেণ্ড’ কৰি তাৰ ঘৰ চাওখাতলৈ বদলি কৰি তাৰ ঠাইত তাৰ ককায়েক গোজৰক আনি বাহাল কৰিলে। এবছৰৰ পিছতহে ভালেখিনি চেঁচা পৰা ধনীক আকৌ অনাই তাৰ পূৰ্বৰ কামত ভৰ্তি কৰা হ'ল।

 মহাপুৰুষ শ্ৰীমাধৱদেৱৰ প্ৰিয়তম শিষ্য, উজনিত মহাপুৰুষৰ গাৰ নিবিকাৰ পদ্ম আতা বা বদলা আতাৰ থান কমলাবাৰী পিতৃদেৱতাৰ প্ৰাণ আৰু কমলাবাৰীৰ গোসাঁই-ভকতসকল বুকুৰ সম্বল আছিল। এইসত্ৰ আৰু ভকতৰ অৰ্থে তেওঁ যথা সৰ্বস্ব দিবলৈ সাদায় সাজু আছিল; আৰু দিছিলোঁ। পিতৃদেৱতাই সদায় কৈছিল, “মহাপুৰুষ গুৰুজনে নিজৰ নাৱৰ পৰা সৰ্বহ পানীত দলিয়াই পেলাই দি ভক্ত-বস্তুক তুলি লৈছিল; এতেকে ভক্ত-বস্তুতকৈ শ্ৰষ্ঠ বস্তু নাই।” মোৰ মনত আছে দলে দলে