অসমীয়া মানুহে নিজ ভাষাৰ উন্নতিলৈ পিঠি দিয়াৰ কাৰণে কতখনি কাকত উপজি মৰি গ’ল, সদাশয় পাঠকসকলে এবাৰ তাক সুঁৱৰি বহি কান্দোক।”
মাতৃভাষাৰ ভালৰ অৰ্থে আমি অকল “জোনাকী” উলিয়ায়ে বহি থকা নাছিলো। “অসমীয়া ভাষা উন্নতি সাধিনী সভা” নামেৰে সভা এখন স্থাপন কৰি তাৰ উন্নতি সাধন কৰিবলৈ প্ৰাণপণে লাগি গৈছিলোঁহক। এই বছৰৰ “জোনাকী’’ত ছপা হোৱা অ. ভা.উ. সা. সভাৰ কাৰ্য-বিৱৰণ পঢ়িলেই তাৰ আভাস পোৱা যায়। এই লেখক সেই সভাৰ সম্পাদক আছিল। তেওঁ লেখা বছেৰেকীযা কাৰ্য-বিৱৰণৰপৰা অলপ তুলি দিলো। এই বছেৰেকীযা সভা ১৮১২ শকৰ ২০ আহিনত ২ নং ভবানীচৰণ দত্তৰ লেনৰ ঘৰত বহিছিল আৰু তাৰ সভাপতি আছিল ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা।
জন্মৰ সংক্ষেপ বিৱৰণ: কলিকতাত থকা অসমীয়া ছাতৰসকলৰ “টি পাৰ্টি’’ (অৰ্থাৎ চাহ খোৱা মেল) নামেৰে এখন সম্মিলনী আছিল। সেই সম্মিলনী প্ৰতি শনিবাৰে গধূলি অসমীয়া ডেকাসকলৰ কোনো এটি বহাত বহি সেইসকলৰ মাজত পৰস্পৰ সম্ভাৱ-প্ৰীতি আদি উৎপন্ন কৰাৰ প্ৰধান উপায় সাধিছিল। আৰু সেই সুযোগতে তাত দেশহিতকৰ ভাল ভাল বিষয়বিলাকৰ অলপ অলপ আলচ হৈছিল। সেই আলচৰ ফলস্বৰপে এই “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ জন্ম। পৃথিৱীৰ ইতিহাসলৈ চকু দিলে দেখিবলৈ পোৱা যায় যে এই জগতত যতবিলাক ডাঙৰ ডাঙৰ কাৰ্যৰ অনুষ্ঠান হৈছে প্ৰায় সকলোেবোৰৰ উৎপত্তিৰ সূত্ৰপাত এনে সৰু কাৰ্য বা ক্ষুদ্ৰ ঘটনাৰপৰা হৈছে। বিলাতী পণ্ডিত জনছন্, এডিছনৰ দিনৰ “কফি হাউছ” ইউৰোপ, এছিযা আৰু আমেৰিকা জুৰি পৰা বহুত ডাঙৰ কথাৰ ওপজা ঠাই। এতিয়াও অসমীয়া ভাইসকলৰ এই নগণ্য ক্ষুদ্ৰ “টি পাৰ্টি”ৰ পৰা গজালি মেলা পুলি “অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ” ডালপাত যে কালক্ৰমত প্ৰকাণ্ড আকাৰ ধৰি এশ যোজন ব্যাপী পৰিবৰ সম্ভৱ তাক কোন অসমীয়াৰ ওখ আশাৰে চপচপীয়া হিয়াই নুই কৰিবলৈ আগবাঢ়িব পাৰিব? ১৮১০ শকৰ ভাদ মাহত (ইংৰাজী ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে) ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ বহাত হোৱা “টি পাৰ্টিত’’ অসমীয়া ভাষাৰ উন্নতি সাধিবৰ অৰ্থে এখন সভা কৰিবৰ প্ৰস্তাৱ হৈ সেই প্ৰস্তাৱ কাৰ্যত পৰিণত হোৱাৰ ফলস্বৰূপে “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ জন্ম হয়।
এই সভাৰ উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। সেই উদ্দেশ্যৰূপ মহামন্ত্ৰক হিয়াত ঠাই দি এই সভাই “অসমীয়া ভাষা উন্নতি সাধনী” নাম লৈ উপজিছে। কেঁচুৱা মাতৃভাষা কেনেকৈ ডাঙৰ দীঘল হব , কেনেকৈ সি পৃথিৱীৰ আন আন ধনী আৰু উন্নতিশীল ভাষাৰ সমান হৈ আপোন গৌৰৱবেলিৰ পোহৰ চাৰিওফালে পেলাই দুখীষা আৰু এন্ধাৰ অসমৰ মুখ পোহৰাব পাৰিব; কেনেকৈ সি দুৰ্বল, ৰুগীয়া আৰু জীৰ্ণ অৱস্থাৰপৰা সবল, সুস্থ আৰু শকত অৱস্থা পাব, তাৰ উপায় সাধনেই এই সভাৰ উদ্দেশ্য।
এই উদ্দেশ্য সাধন কৰিবলৈ সভাই অসমীয়া পুথিবিলাক একে ঠাইতে গোটাবলৈ