পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
অষ্টম আধ্যা

ভদ্ৰলোক আহি তেওঁ বহি থকা বেঞ্চখনৰ এমূৰে বহিলহি। বাবুজনৰ গাত নয়নচুক কাপোৰৰ হাত-কটা ফতুৱা চোলা; কঁকালত ক’লা পাৰি দিয়া মিহি চুৰিযা; বুকুৰ সৰু, জেপ বা মোনাত সোণৰ ঘড়ী-চেইন; আধা-পকা আধা-কেঁচা চুলিৰে মূৰটো ভালকৈ সেওঁতা ফলা; হাতত হাতী-দাঁতৰ বেকোৱা মূৰেৰে মিহিকৈ পালিছ কৰা কাঠৰ লাখুটি এডাল। অলপৰ পিছতে তেওঁ মোৰ ফালে চাই আলাপ লগাই দিলে,-“তুমি কোন কলেজে পড়?” “কোথায় থাক?” “কত দিন বাড়ী যাওনি?” মই অনিচ্ছাপূৰ্বক এটা এটাকৈ উত্তৰ দি আছোঁ আৰু তেওঁ প্ৰশ্নৰ বাতলুগুটি এটা এটাকৈ মোৰ ফালে মাৰি আছে। আৰু দেখিলো, তেওঁ প্ৰশ্নৰ লগে লগে অলপ অলপকৈ মোৰ ফালে আগবাঢ়ি আহিব লাগিছে। মই বিৰক্ত হৈ “আৰ আপনাৰ প্ৰশ্নেৰ জবাব দিতে পাৰব না, মাফ কৰবেন মশায" বুলি ঘপহ্‌ কৰে উঠি গোলদীঘিৰ বাগিচাৰ দ ৱাৰৰ বাহিৰ পালোঁগৈ। তেওঁ “ৰাগ কৰলে কেন? শুনে যাও, শুনে যাও!” বুলি মোক মতা মোৰ কাণত যিমান পৰিল, সিমান বেগেৰে মই ভোঁ-ভোঁ কৰে গুচি আহি আমাৰ “মেছ” পালোঁহি। এই ঘটনাৰ পিছত এমাহমানলৈকে আৰু মই গোলদীঘিৰ পাৰলৈ যোৱা নাছিলো।

 এবাৰ মই কলেজৰ বন্ধত ঘৰলৈ গৈছিলো। বন্ধু-বৰ শ্ৰীযুত হেমচন্দ্ৰ গোস্বামীও মোৰ সহযাত্ৰী। মোৰ চাহাবী মিজাজৰ অন্ত নাই। গোসাঁইক সাৱধান কৰি দিলোঁ, তেওঁ যেন ৰেলগাডীত কোনো বঙ্গালীৰ সৈতে কথা নাপাতে। গোসাঁযে বন্ধুৰ বাক্য বৰ্ণে বৰ্ণে প্ৰতিপালন কৰিলে। দুযো শিযালদহ ষ্টেশনত ৰেলগাড়ীত উঠিলোঁ। সেই কালত সাৰাঘাটত দুখন ৰেলগাডী প্লেটফৰ্মৰ দুকাযে কলিকতাৰ ফালৰপৰা অহা যাত্ৰীলৈ বাট চাই থকা নিযম আছিল। এখন অসমলৈ আৰু, আনখন দাৰ্জ্জিলিঙৰ ফাললৈ যাব। আমি ৰাতি ৮ কি ৯ মান বজাত সেইখিনি, পাই কাকো একো নামাতি নুবুলি এফালৰ এখন ট্ৰেইনৰ এখন গাডীত উঠি, দুযো দুখন বেঞ্চ অধিকাৰ কৰি দুইৰো বিছনা মেলি লৈ দীঘল হৈ পৰিলোঁ। মোৰখন বিছনা ওপৰৰপৰা ওলমা “বাঙ্ক’’ত। মোৰতো উৎকৃষ্ট চাহাবী মূৰ্ত্তি আৰু মিজাজো তথৈবচ , সেইদেখি মইতো গাড়ীৰ ভিতৰত থকা বঙ্গালী সহযাত্ৰী দুজনেৰে সৈতে বাক্যালাপৰ আদান-প্ৰদান নকৰিলোঁবেই , গোসাঁইও প্ৰিয বন্ধুৰ নেতৃত্বত নিমাত নিস্তদ্ধ। ওৰে ৰাতি ৰেল- গাড়ী গৈ গৈ ৰৈ বৈ পৱা এটা ষ্টেশ্যনত ৰ’লগৈ। চাহৰ চেষ্টাত চকু মেলি উঠিলোঁ। গোসাঁইক সুধিলোঁ, “এইটো কি ষ্টেশ্যন?” গোসাঁযে কি ক’লে বুজিব নোৱাৰিলোঁ। বাঙ্কৰপৰা নামি আহি বাহিৰলৈ মূৰ উলিযাই চাওঁ—দেখোন কিবা অচিনাকি ষ্টেশ্যন এটা , নামটো হল্ দিঘাটা। গোসাঁইক সুধিলোঁ, এইটো ষ্টেশ্যন দেখোন আমি আগেযে অহা-যোৱা কৰোঁতে দেখা নাছিলোঁ। তেওঁ মিচিকিয়া হাঁহি মাৰি ক’লে, “আমাৰ যি হবলগীয়া হ'ল, আমি ভুলকৈ দাৰ্জ্জিলিঙৰ কাষ পালোঁহি।” মই শোৱাৰপৰা উঠাৰ আগতে তেওঁ মৎবিহিত নিয়ম ভঙ্গ কৰি সহযাত্ৰী বঙ্গালী যাত্ৰী দুজনেৰে সৈতে কথা পাতি সেইটো জানিব পাৰিছিল। মোৰ চাহাবী মুখ শুকাই একণমান হ’ল। আমাৰ বিপদ বুজিব পাৰি, বাঙ্গালী ভদ্ৰলোক দুজনে ক’লে,