আমাৰ তৎ নাথাকে। তিথিৰ থাপনিৰ দিনাৰেপৰা নাম-প্ৰসঙ্গত থাপনাৰ আগত শৰাইত দিবলৈ কল বিচাৰি শিৱসাগৰৰ মানুহৰ কলবাৰী চলাথ কৰি ফুৰোঁহক আৰু থোকা-থোকে কেঁচা কল কাটি আনি জাগ দি পকাবৰ দিহা কৰোঁহক। গাজিপ্ৰসাদৰ শৰাইৰপৰা আৰম্ভ কৰি আঠ-দহখন শৰাই মাহ-চাউল-কলেৰে কেনেকৈ উপচি পৰিব, এইটো আমাৰ মহা ভাবনাৰ বিষয হৈ পৰে। আমাৰ ঘৰতে তিনি-চাৰিযোৰ ভোৰ্ তাল, তথাপি আৰু পাঁচ ছযোৰ ভোৰ্তাল আমি গণকপটিৰপৰা গোটাই আনি বজাই নামপ্ৰসঙ্গৰ ধ্বনিৰে গোটেইখন চহৰ খলক লগাই দিওঁহক। তিথিৰ দিনা ৰাতিয়ে- দিনে গীত, ভটিমা, নাম-প্ৰসঙ্গ অখণ্ডভাৱে চলে। পিছদিনা অৰ্থাৎ তৃতীয় দিনা, যাত্ৰা-ঘোষা আৰু তাৰ অন্তত চৰিত্ৰ তোলা হৈহে তিথি-মহোৎসৱৰ ওৰ পৰে। চৰিত্ৰ তোলা মানে শ্ৰীশঙ্কৰদেৱৰ তিথিত শ্ৰীশঙ্কৰদেৱ, শ্ৰীমাধৱদেৱ আৰু বদুলা আতাৰ তিথিত মাধৱদেৱ আৰু বদুলা আবিৰ্ভাৱৰ আগৰেপৰা তিৰোভাৱলৈকে গোটেইবোৰ ঘটনা মালিনীযে ফুলৰ মালা গঁথাদি গাঁথি সূক্ষ্মাতিসূক্ষ্মৰূপে বৰ্ণনা কৰি যোৱা হয়। পুথি চাই নহয, নিজৰ মনৰপৰা সুঁৱৰি। আমাৰ ঘৰৰ তিথিত এই চৰিত্ৰ তোলা কাৰ্য পিতৃদেৱতাই নিজে কৰিছিল আৰু আমি সকলোৱে অতি সন্তৰ্পণে ভক্তিভাৱে শুনিছিলো। দুইজন গুৰুৰ শিষ্য বাৰজন আতাৰ যেনে মথুৰাদাস বা বুঢ়াআতা, বৰবিষ্ণু আতা, ভাতৌকুছি আতা ইত্যাদি) তিথিও বছৰে বছৰে নিয়মমতে আমাৰ ঘৰত কৰা হৈছিল আৰু সেইসকলৰৰ চৰিত্ৰ তুলি তিথিৰ সামৰণি মৰা হৈছিল। পুথি চাই বা পঢ়ি চৰিত্ৰ তোলাৰ নিয়ম নাই। বেদ বা শ্ৰুতি যেনেকৈ আগৰ কালত লিখিত হোৱাটো অবিহিত কাৰ্য বিবেচিত হৈছিল, দুইজনা মহাপুৰুষৰ আৰু আতাসকলৰ চৰিত্ৰও তেনেকৈ লিখি ৰখাটো অবিহিত বিবেচিত হৈ সন্ত সাধুসকলৰ মুখে মুখে সেই চৰিত্ৰ প্ৰচলিত হৈ আহিছিল , নতুবা শ্ৰীশঙ্কৰদেৱ, শ্ৰীমাধৱদেৱ আৰু আতাসকলৰ জীৱনচৰিত্ৰৰ আটক আজিকালি যেনেকৈ অনুভৱ কৰা যায়, সেইটো নাথাকিলহেঁতেন। বৰপেটা, কমলাবাৰী আদি মহাপুৰুষীয়া সত্ৰবোৰত এতিয়াও এই ৰীতি প্ৰচলিত, আৰু তিথিৰ শেষদিন, চৰিত্ৰ তোলাত দুইজনা মহাপুৰুষৰ আৰু আতাসকলৰ জীৱনৰ ঘটনাবোৰ বিস্তাৰিতভাৱে বিবৃত হয়।
আমাৰ ঘৰত ফাকুৱা বছৰে বছৰে কৰা হৈছিল। এই ফাকুৱাত আমি ল’ৰাবোৰৰ ইমান উৎসাহ আছিল যে, কুলীযে বা চাকৰ-নাকৰে কৰিবলৈ অপেক্ষা নকৰি, ফাকুৱা- ঘৰৰ (দৌলৰ) পাঁচ-ছ হাত ওখ ভেটিটো আমি নিজে কোৰেৰে মাটি কাটি সেই মাটি বৈ আনি কৰি দিছিলোঁহক, ৰাজহুৱা নামঘৰতো ফল্গুৎসৱ কৰা হৈছিল। যিদিনা খাটোলাত তুলি কৃষ্ণ-মূৰ্তিক ফুৰাবলৈ লৈ যোৱা হয়, সেইদিনা ইটোৱে সিটোৰ গাত ফাকু মৰা, চেৰেকাপানী মৰা, কুঙ্কুম মৰা, আৰু গাত ঢলা-ঢলি কৰাৰ নিচিনা উৎকট ধেমালিত আমি বলীয়া হৈ ফুৰিছিলোঁহক। গণকপটিৰ ফাকুৱাৰ শোভাযাত্ৰা আমাৰ প্ৰতিদ্বন্দী আছিল। দুই দলৰ ভেটাভেটিত দুই দলৰ ভিতৰত উতনুৱা ডেকাবোৰৰ ভিতৰত খকাখুন্দা লাগি মৰামৰি পৰ্যন্ত হোৱা দেখা গৈছিল।