পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
অষ্টম আধ্যা

 এদিন “Her hands are white as snow” গাওঁতেই এজনে শুনি পিছফালে থিয় দি সুধিলে, “বোলো বৰুৱাদেও, কাৰ হেণ্ডছ আৰ হোৱাইট এজ্‌ স্নো?” মই উচপ্ খাই উভতি চাই লাজত ৰঙা পৰি পকা থেকেৰাটো যেন হলো। কিন্তু ততালিকে নিজকে চম্ভালি প্ৰকৃতিস্থ হৈ সেই প্ৰশ্নৰ উত্তৰ নিদি আন কথা উলিয়াই সেইটো ঢাকি পেলালো।

 ইয়াৰ পাছত ভাবিলো, মোৰ এই অমূল্য কবিতাবোৰ মাহেকীষা কাকতৰ পাতত তুলি অমৰ কৰি ৰাখিব লাগিল। মোৰ ৰচিত ইংৰাজী কবিতা-ৰত্নবোৰ (gems) কলৈ পঠিয়াম ভাবি নেপালো। অসমীয়াবোৰ “জোনাকী“লৈ পঠিওৱাকে থিৰ কৰি হঠাৎ মনত পেলালে—যদি মোৰ লগৰীয়াসকলে এই কবিতাৰ ৰোগৰ বাতৰি পাই পুং উলিয়াই লৈ মোক হাড়-ভঙা ঠাট্ট-তামাচা কৰে, তেনেহলে হৈছে আৰু। ইয়াকে ভাবি সেইফালে দুৱাৰ নেমেলাটোকে পিছত থিৰ কৰিলো। দুৱাৰ নিৰ্বিঘ্নে মেলিব পাৰি মাথোন এখন। সেইখন বঙ্গলা কবিতাবোৰলৈ। বোলো আভুৱা নাম এটা দি এটা দুটাকৈ বঙ্গলা মাহেকীয়া কাকত দুখনলৈ সেইবোৰ নপঠিয়াওঁ কিয়? এইটোকে সাৰোগত কৰি দিলো দুখন বঙ্গলা কাকতলৈ মোৰ দুটা প্ৰেমৰ কবিতা পঠিয়ায়। আভুৱা নাম ললো “শ্ৰীৰঙ্গলাল চট্টোপাধ্যায়”। এমাহ গ’ল, দুমাহ গ’ল মোৰ কবিতা-কোৱামণি দুধাৰিৰ কোনো উৱাদিহ নেপালো। কাকত দুখন আহিলেই আথেবেথে মেলো আৰু পাত লুটিযাই চাই মোৰ কবিতা-ভৈযাই দুটিৰ মুখ নেদেখি জঁই পৰি যাওঁ। অলপৰ পিছতে, অহা মাহত ওলাব বুলি আকৌ সঁজাল ধৰো, কিন্তু “পুনৰেৱ পাপী, পুনৰেৱ দৰিদ্ৰ”।

 শেষত সম্পাদক দুজনলৈ দুখন চিঠি লেখিলো মোৰ কবিতা পাইছেনে নাই? যদি পাইছে ছপা হবনে নহষ? যদি নহয়, মোলৈ যেন ওলোটাই পঠিওৱা হয, কাৰণ মই তাৰ নকল ৰখা নাই। দুই সম্পাদকলৈ লেখা দুখন চিঠিৰ ভিতৰত দুটা ডাক-টিকট সুমাই দিলো। আৰু পুঃ বুলি তলতে এশাৰী যোগ কৰি দিলো যে মই তেওঁলোকৰকাকতৰ গ্ৰাহক আৰু হিতাকাঙ্ক্ষী।

 এজন সম্পাদক নিশ্চয় অৰসিক বা বেৰসিক। তেওঁৰপৰা উত্তৰ আহিল—“আপনাৰ কবিতাটি ছাপাইবাৰ অযোগ্য। ফেৰৎ পাঠাইলাম।” আনজন যে ৰসিক তাৰ ভুল নাই। তেওঁ লেখিলে—“আপোনাৰ কবিতাটি আমাৰ ৱেষ্টপেপাৰ বাস্কেটে যত্নপূৰ্বক ৰেখে দিয়েছি। সেখানে থেকে তুলে নিয়ে আপনাৰ কাছে পাঠাতে কষ্ট হল। পাৰিলাম না ক্ষমা কৰিবেন। আপনি নিশ্চয় স্কুল কি কলেজেৰ ছাত্ৰ। কবিতা লিখিবাৰ বৃথা প্ৰয়াস পৰিত্যাগ কৰিয়া পাঠ্য পুস্তকে মনোযোগ দিলে বাধিত হব।” এই উত্তৰ পাই মই খঙত ঘৃতাহুতি হলো। ৰসিক সম্পাদকৰ ৰসটোপা চেপি উলিয়াই দিওঁ বুলি গালি পাৰি তেওঁলৈ এখন চিঠি লেখি দিলো। চিঠিৰ মৰ্ম যে, তেওঁ কাকতৰ সম্পাদকতা কৰিবৰ উপযুক্ত নহয়। কাৰণ প্ৰকৃত কবিতা কাক কয় তেওঁ নুবুজে। তেওঁৰ কাকত ৰাজ্যৰ অপদাৰ্থ প্ৰবন্ধেৰে ভৰপূৰ, সেই দেখি মই তেওঁৰ কাকতৰ পাতেৰে মোৰ