পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
মোৰ জীৱন-সোঁৱৰণ

ইয়াৰ পিছত তেওঁক কোনো কাৰ্যত reckless অৰ্থাৎ “বে-পৰোৱা” দেখা গৈছিল। এই বিবাহ যোৰহাটত সম্পাদিত হয়। সেই বিয়ালৈ যাওঁতে বাটত দৰাঘৰীয়া আমাৰ যি ভয়ানক কষ্ট হৈছিল; সেই কথা মোৰ এতিয়াও মনত আছে। শঙ্কৰ নামেৰে এটা মেতৰে তাৰ নিজা ব্যৱসায়ত ধন গোটাই ধন গোটাই ধনী হৈ তিনি চাৰিখন ঘোঁৰাৰ গাড়ী কৰিছিল। তাৰে দুখন কি তিনিখন গাড়ী আমি ভেৰোণীয়াকৈ লৈ শিৱসাগৰৰ পৰা যোৰহাটলৈ যাত্ৰা কৰিলোঁহক। যোৰহাট পাবলৈ পাঁচ ছয় মাইলমান বাট আছে, এনেতে আঠুঅনীয়া বোকাই আমাক আগচি ধৰিলে। যোৰহাটলৈকে সেই গোটেই- ডোখৰ বাটৰ তেনে ভয়ানক দশা। কুৰুক্ষেত্ৰৰ যুদ্ধত কৰ্ণৰ বথৰ ঘিলা মাটিত পোত যোৱাৰ দৰে যোৰহটীয়া কন্যাঘৰৰ বিপক্ষে অভিযান কৰোঁতা আমি দৰাঘৰীয়া গাড়ীৰ চকাবোৰো ধৰালৈকে পোত খাই গ'ল। “ঘোঁৰাই আৰু গাড়ী টানিব নোৱাৰো” বুলি স্পষ্ট জবাব দি শুই পৰিল। অনতি বিলম্বে ঘোঁৰাৰ বাব পৰিল আমি মতাবোৰৰ গাত। ঘোঁৰাৰ সলনি অগত্যা আমি গাডী টানিব আৰ ঠেলিবলগীযাত পৰিলোঁ। এচাবি যি কেইডাল গাঢ়োৱানৰ হাতত আছিল, সেই এটাই কেইডাল ঘোঁৰাৰ পিঠিত ছিঙি, বাটৰ কাষৰবপৰা যি গঢ়ৰ আৰু যেনে জাতৰ গছৰ ডাল পোৱা গ’ল, তাকো সংগ্ৰহ কৰি আনি এচাৰিৰ গঢ়দি হয় সকলৰ গ্ৰীৱাৰপৰা টিকালৈকে সেই বোৰ সংযোগ বিয়োগ কৰা হ'ল; কিন্তু ‘তেৰাসকল’ শয়নৰপৰা অতি অনিচ্ছাপূৰ্ব্বক উঠিল যদিও, কোনোমতেই ‘তেৰাসকলে’ ৰথ টানিবৰ ইচ্ছা প্ৰকাশ নকৰিলে। অগত্যা আমি একটিং ঘোঁবাৰ কামত নিযুক্ত হৈ, গাড়ীৰ ভিতৰতে মহিলাসকলক এৰি আঠুৱনীয়া বোকাত নামি সেই বোজাই গাড়ী ঠেলিবলৈ ধৰিলোঁ। গাড়ী লাহে লাহে কইনা খোজেৰে যাবলৈ ধৰিলে, অৱশ্যে কান্ধত যুৱলি লৈ অনুগ্ৰহ কৈ থিয় হৈ থকা আচল ঘোঁৰালোক”ৰ সহাযত নহয়, নকল ঘোঁৰা আমি 'আদ্ মিলোক’ৰ ঠেলাতহে। আৰু কপালৰ কথা কি কম, সেই ঠেলাৰ সুবিধাৰ ভাগ, গাড়ীৰফালে সত্য কথা এৰি দিয়া হয়গ্ৰীৱসকলেও গাড়ীৰে সৈতে সমানে লোৱাত অলপো ক্ৰটি নকৰিছিল; অৰ্থাৎ আমি গাড়ীৰে সৈতে ঘোঁৰাবোৰকো ঠেলি লৈ যাবলগীয়াত পৰিলোঁহক। যি হওক, সকলো কাৰ্যৰে এটা অন্ত আছে , আমাৰ ঘোঁৰাৰ “এক্‌টিনি” কামৰো অন্ত পৰিল। আমি আৰু ঘোঁৰা সেই অৱস্থাতে অৰ্থাৎ in harness যোৰহাট চহৰ ওলালোঁগৈ।

 এই বিয়াৰ এবছৰমানৰ পিছতে আৰু এজন ককাইদেওৰ বিয়া হয়। এই বিয়াখন শিৱসাগৰৰ অৰ্জুনগুৰিত হৈছিল। এই বিয়াত পিতৃদেৱতাই ঘোৰ আপত্তি কৰিছিল; কিন্তু দৰাক আৰু দৰাৰ ভায়েক এজনক হাত কৰি, ল’ৰাবোৰৰ ওপৰত নানা উপায়েৰে প্ৰভাৱ বিস্তাৰ কৰি প্ৰভাৱশীল হওঁতা আমাৰ টোল নিবাসী মানুহ এজনে কৌশল কৰি পিতৃদেৱতাৰ আপত্তি ব্যৰ্থ কৰি দিলে। কিন্তু যেতিয়া বিয়া হবইলগীয়া হ’ল "নান্যঃ পন্থা বিদ্যতে,” তেতিয়া পিতৃদেৱতাই নিজৰ পূৰ্ব অমত পৰিত্যাগ কৰি আনন্দমনেৰে সেই বিবাহ সম্পন্ন কৰিলে।

 এইজনৰ পিছৰজন ককাইদেৰ বিয়া হৈছিল "ৰোমাণ্টিক” ( romantic) ধৰণৰ।