সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
মোৰ জীৱন-সোঁৱৰণ

নিদি এটাইবোৰৰ ওপৰত জপিয়াই লৰি-পৰি ভটাগুটি বাগৰাদি বাগৰি ফুৰি শেষ কৰিহে এৰিম।

 এদিন দুপৰীয়া ভাত ৰান্ধিবৰ নিমিত্তে এটা বালিত নাও ৰখা হ’ল। দেখিলোঁ, বহুত গঙ্গাচিলনী চাৰিওফালে উৰি ফুৰিছে। কোনোবাই মোক কৈ দিলে যে সেই বালিত নিশ্চয় গঙ্গাচিলনীৰ কণী পোৱা যাব। মই, মোৰ ককাইদেও শ্ৰীনাথেৰে সৈতে, বিচাৰি বিচাৰি সচাকৈয়ে দুটা গঙ্গাচিলনীৰ কণী পাই আনি বকু ফুলাই সকলোকে দেখুৱালোঁ। শুনিলো, গঙ্গাচিলনী যদিও নাখায়, কিন্তু তাৰ কণী হলে খায়। এই সন্তোষজনক বিধান শ্ৰৱণ কৰি কণী দুটা ভজোৱাই দুই ভাযে পৰম তৃপ্তিৰে সৈতে ভোজন কৰিলোঁ। এদিন আন এটা বালিত বিচাৰি বিচাৰি দুটা ঘৰিয়ালৰ কণী পাইছিলো। প্ৰকাণ্ড কণী। কণী দুটা ফুটাই তাৰ ভিতৰৰ কুহুমবোৰ দলিয়াই পেলাই, গোট খোলা দুটা বহুত দিনলৈকে নাৱৰ কুন্ধিৰ বাৰত আঁৰি থৈ দিছিলোঁ। ৰংপুৰ পাই নাৱৰপৰা নামিবৰ সময়ত কিন্তু সেই দুটা মোৰ দৃষ্টিৰ বহিৰ্ভুত হ’ল। বোধকৰোঁ “ছুপাৰ্ভাইছৰ” ৰবিনাথ ককাই দয়া পৰবশ হৈ অন্তঃসাৰশূন্য অণ্ড-যুগলক মাক ঘৰিয়ালৰ বুকুলৈ পানীয়েদি “চালান” দিলে।

 এদিন আবেলি চাৰিমান বজাত এটা ঘুলিত আমাৰ নাও ৰখা হ’ল। সিমান সোনকালে সেই দিনা বন্ধাৰ কাৰণ, ফেৰ্ফেৰীয়া বতাহ, সম্ভৱতঃ বতাহৰ কোব ৰাতিলৈ বাঢ়ি সেই বতাহ ধুমুহাত পৰিণত হবগৈ পাৰে, এই আশঙ্কা-কৰি। ঘুলিটো ভাল; তাত নাও বান্ধি থাকিলে কোনো ভয় নাই, আৰু শীঘ্ৰে তেনে ঘুলি পোৱা নাযাবও পাৰে। নাও বন্ধাৰ পিছত দেখা গ'ল, দূৰত বালিৰ ওপৰত দুটা কি তিনিটা ডাঙৰ কাছ বগাই গৈছে। নাৱৰীয়াহ’তে ক'লে যে কাছকেইটা কাল্‌ধাপ কাছ। সিহঁতে এনে বতৰত বালিত কণী পাৰিবলৈ উঠে। আমাৰ লগুৱা ধনীয়ে এই খবৰ শুনিয়েই কাছৰ ফালে চোচা ল'লে। আমি লৰ দিলোঁ। মানুহ অহা গম পাই, কাছকেইটাই অভী স্পিত কাৰ্য-স্থগিত ৰাখি, উভতি নৈৰ ফালে প্ৰাণপণে লৰ দিলে। ধনীৰ বেগ অনুপাতত কাছৰ বেগতকৈ বেছি হোৱাত, সি কাছ এটাক আগচি ধৰি ততালিকে লুটিয়াই পেলাই তাৰ বুকুত ডাঙৰ গোৰ এটা মাৰি দিলে, যাক চলিত ভাষাত কাছগোৰ বোলে। কাছটো একে গোৰতে অৱশ হৈ পৰিল। বাকীকেইটাই ইতিমধ্যতে পানীত পৰি প্ৰাণ ৰক্ষা কৰিলে। কাছটো কাটিলত তাৰ পেটত দুকুৰিমান কণী ওলাল।

 এদিন নাওখন পাৰৰ নল-খাগৰিৰ কাষে কাষে যাওঁতে নাৱৰীয়াহঁতে চৰিৰ ফেৰেকা মুখেৰে হেঁচা মাৰি ধৰি এটা দুৰা কাছ ধৰিছিল। কাছটোৰ পিঠিত এটা ভোটা কাঁইট বা খড়্গৰ দৰে আছিল। সেই কাছটোক হেনো নল-দুৰা বোলে; আৰু সি হেনো অখাদ্য। নাৱৰীয়াহঁতে কাছটো কি কৰিলে কব নোৱাৰোঁ; সম্ভৱতঃ তাক খাদ্যৰ শ্ৰেণীভুক্ত কৰি ৰান্ধি-বাঢ়ি পেটত ভৰাই থলে। আমাৰ ধনীয়ে কিন্তু কি কৰিছিল কব নোৱাৰোঁ; কাৰণ কাছটো অখাদ্য বুলি শুনি সি দেউতাই নুশুনাকৈ আমাৰ আগত প্ৰতিবাদ কৰি তলত দিয়া শাস্ত্ৰৰ বচন মাতি তাৰ অদ্ভুত ব্যাখা কৰি কৈছিল,—