ওপৰেদি ওলাই ওলমি আছিল, সেইটো গোস্বামী ডাঙৰীয়াৰ চম্ভালক কৰ বাবৰ প্ৰফুল্লিত নয়ননিকৰত নপৰিছিল, পৰাহেঁতেন তেওঁ সেইটোকো সেইদৰে নিৰাশ্ৰয় কৰি নেৰি গোস্বামী ডাঙৰীয়াৰ পট্লুঙৰ ভিতৰতে ৰক্ষা কৰিবৰ এটা দিহা কৰি দিলেহেঁতেন। গোসাঁয়ে প্ৰথম শ্ৰেণীৰপৰা আৰম্ভ কৰি ষষ্ঠ শ্ৰেণীলৈকে পৰিভ্ৰমণ কৰি ছাতৰক কিতাপৰ পাঠৰ প্ৰশ্ন সুধি ফুৰিছে আৰু প্ৰাণকৃষ্ণ বাবু লগে লগে ছাঁৰ দৰে ফুৰি সেই প্ৰশ্ন দোহাৰি (repeat) কৰি ল'ৰাক বুজাই দিছে; অথচ এই গোটেইডোখৰকালত বিদ্ৰোহী, জাতীয় (natural) চুৰিয়াৰ পোন্ধৰ অগ্ৰভাগে পতাকাৰ ৰূপ ধৰি বিৰাট বৃটিছ গৱৰ্ণমেণ্টৰ স্কুলৰ বিজাতীয় “ইউনিয়ন জেক্” পতাকাৰ “ম্পিৰিট” বা আত্মক অগ্ৰাহ্য আৰু সম্ভৱতঃ অমান্য কৰি উত্ৰাৱলভাৱে উৰি ফুৰিছিল, কিন্তু তাৰ ফালে কৰ বাৰ চকু নাই। দৃশ্যটো দেখি, গোটেইটো স্কুল ছাতৰৰ suppressed হাঁহিৰ অৰ্থাৎ হেঁচা মাৰি ধৰি থকা হাঁহিৰ হেঁচাত অধীৰ। যি হওক, ইয়াৰ পিছত স্কুলৰ ছেকেণ্ড মাষ্টৰ আৰু মোৰ সহপাঠী প্ৰথম শ্ৰেণীৰ ছাত্ৰ গোস্বামী ডাঙৰীয়াৰ পুতেকে গোস্বামীক ঘৰলৈ লৈ গৈ সেই দৃশ্য পট পৰিবৰ্তন কৰি দিলে।
বিদ্যাৰ গৌৰৱত চন্দ্ৰমোহন গোস্বামী পূৰ্ণিমাব জোন যেন আছিল। তেওঁ আমাৰ অশেষ ভক্তি-শ্ৰদ্ধা আকৰ্ষণ কৰিছিল। কলেজত শিক্ষা শেষ কৰি সংসাৰত সোমাই বিষয়ী হৈও যেতিয়াই অসমলৈ গৈছো বা যেতিয়াই কলিকতাত গোস্বামী ডাঙৰীয়াৰে সৈতে মোৰ দেখা হৈছে, তেতিয়াই তেওঁৰ ওচৰত মোৰ ভক্তিপণ মূৰ দোঁ খাইছে। তেওঁৰো পুৰণি ছাত্ৰ মোৰ প্ৰতি সদায় অশেষ স্নেহ থকাটোৰ নিদৰ্শন পাইছিলোঁ। “জোনাকী” আৰু “বাঁহী”ত ওলোৱা মোৰ প্ৰবন্ধবোৰ তেওঁ পঢ়ি আমোদ পাইছিল আৰু সেইবোৰৰ বিষযে মোৰে সৈতে দেখা হলে, মোৰ আগত মতামত প্ৰকাশ কৰিছিল। মোৰ বিয়াৰ কিছুমানদিনৰ পিছত তেওঁৰে সৈতে এবাৰ কলিকতাত মোৰ দেখা হৈছিল। তেওঁ in a fatherly way অৰ্থাৎ বাপেকে পুতেকক উপদেশ দিব দৰে মোক কৈছিল- “ঠাকুৰবাড়ীত তুমি বিয়া কৰাই ভাল কৰিছা। মই বৰ সন্তোষ পাইছোঁ। তেওঁলোকৰ পৰিয়াল বঙ্গদেশত বৰ aristocratic (সম্ভ্ৰান্ত)। কিন্তু সেইবুলি তুমি তেওঁলোকৰ আগত এচুলমানো হীনতা অনুভৱ আৰু প্ৰকাশ নকৰিবা; কাৰণ এইটো মনত ৰাখিবা যে তেওঁলোকৰ দেশত তেওঁলোক বংশগৌৰৱত যেনেকৈ ডাঙৰ, তোমাৰ দেশতো তুমি তেনেকুৱা।” মই অশ্ৰুগদ্গদ্, লোচনেৰে মূৰ দোঁৱাই তেওঁৰ কথাৰ মৰ্য্যাদানুভৱ কৰি appreciation জনালোঁ।
⸻