সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
মোৰ জীৱন-সোঁৱৰণ

 (২) ৯ বাজিলেই, কিতাপৰূপী তেল সামৰি থৈ সৰিয়হৰ তেল গাত ঘঁহি পুখুৰীলৈ যাওঁ আৰু পুখুৰীৰে সৈতে জলক্ৰীড়া কৰি আহি গোসাঁইঘৰ মচিবলৈ সোমাওঁ। হৰি-মন্দিৰ মাৰ্জন পুণ্য কাৰ্য্য, অব্ৰাহ্মণ চাকৰক গোসাঁইঘৰত সোমাই সেই কাৰ্য্য কৰিবলৈ দিয়া নহয়।

 (৩) মন্দিৰ-মাৰ্জন শেষ কৰি, দেউতাৰ পূজাৰ সঁজুলি–তামী-অৰ্ঘ্য, থাল, চন্দনৰ খুৰি আদি ধুই-মাজি চাফ্ কৰি সেইবোৰ পূজাৰ ঠাইত সজাই থওঁ; জাতি-চন্দন পিহি চন্দনৰ খুৰিত থওঁ।

 (৪) ইয়াৰ পিছত গোসাঁই-ঘৰতে বহি পুৱাৰ প্ৰসঙ্গৰ গীত-ভটিমা গাই, তাল লৈ প্ৰসঙ্গ আৰম্ভ কৰোঁ। কুলপীয়া আৰু ধৰি গোৱা, ঘোষা গোৱা শেষ হ’লে, এজনে কীৰ্তন পুথি মেলি বহি কীৰ্তন দিয়ে। শ্ৰীনাথ ককাইদেৱে তাল লৈ নাম লগোৱা হ’লে, কীৰ্তন-ঘোষা দিবলৈ মই বহোঁ আৰু, vice versa অৰ্থাৎ মই নাম লগোৱা হ’লে তেওঁ কীৰ্তন দিবলৈ বহে। একো একোদিনা আন আন ককাইদেওসকলেও এই বাব লয়। দুটা কীৰ্তন-ঘোষাৰ অন্তত প্ৰসঙ্গৰ সামৰণি মৰা হয়। প্ৰসঙ্গৰ শেষত কীৰ্তন ঘোষা দিওঁতাজনে ৰত্নাৱলী পুথিৰপৰা সুৰ ধৰি পাঠ পঢ়ে, আৰু অলপ পঢ়ি ওৰ পেলাই, দুইজনা মহাপুৰুষৰ বা বদুলা আতাৰ চৰিত্ৰৰপৰা এটা ঘটনা বা কথা সংক্ষেপকৈ কয়; ইয়াকে চৰিত্ৰ তোলা বোলে। ইয়াৰ পিছত প্ৰসঙ্গ সাৱশেষ কৰি থাপনাৰ ফালে সেৱা কৰা হয়, আৰু, আশীবাদ দিব জনা এজনে আশীবাদৰ দীঘল “গৎ” মাতি আশীৰ্বাদ দিয়ে। ইষাৰ আগেয়ে কোনো কোনো দিনা প্ৰসঙ্গৰ মাজত দেউতাৰ পূজা শেষ কৰি নিজেই কীতন-ঘোষা দিবলৈ বহে।

 (৫) পুজা-সেৱা নাম-প্ৰসঙ্গ আৰু, আশীৰ্বাদ দিয়াৰ অন্তত উঠি কাঁহ, ঘণ্টা, শঙ্খ আৰু ডবা থাকিলে ডবা বজোৱা হয়। তৎপশ্চাৎ, তপতে তপতে লৰালৰিকৈ ভাত এগাল গিলি, কাপোৰ কানি পিন্ধি আমি কুললৈ লৰ ধৰোঁহক।

 (৬) আবেলি চাৰি বজাৰ পিছত আমি স্কুলৰপৰা আহি, স্কুলীয়া অপবিত্ৰ কাপোৰ-কানি সুকীয়াকৈ এফালে থৈ দি পুখুৰীত জোবোৰা শুচি হৈ আহি জলপানত বহোঁ। আমি স্কুলৰপৰা অহাৰ আগেয়েই তিনিমান বজাত দেউতাই বিয়লিৰ প্ৰসঙ্গ কৰে। দেওবাৰৰ দিনা বা যিদিনা আমি স্কুললৈ নাযাওঁ, আমিয়েই সেই প্ৰসঙ্গ সমাপন কৰোঁ।

 (৭) জলপান খাই উঠি আমি অলপ পৰ আমাৰ টোলৰ ভিতৰতে ইফাল-সিফাল কৰোঁ; আৰু, পাঁচমান বজাৰ আগতে, দেউতাৰ পুৰাণ-পাঠ নাইবা ভাগৱত-পাঠলৈ আমাৰ ডাক পৰে। আমি চৰাঘৰৰ মাজতে ঠাই মচি, পুথি আনি ঠগাত সজাই থৈ, আসন পাৰি দি শ্ৰোতা-শ্ৰেণীভুক্ত হওঁ। এই “আমি”ৰ বহুবচনত্ব, মাথোন বাহিৰৰ দুই-এজন শ্ৰোতাৰে সৈতে মোক আৰু শ্ৰীনাথ ককাইদেওক লৈ সিদ্ধ হৈছিল।

 (৮) সন্ধ্যা লাগি অহাৰ সময়ত পুৰাণ যা ভাগৱত পাঠ বন্ধ হয় আৰু আমি ভৰি-হাত ধুই লৰি গৈ গোসাঁইঘৰত বন্তি লগাই, শঙ্খ, ঘণ্টা, ডবা, কাঁহ বজাবলৈ ধৰোঁ