কাৰ সুধাস্বৰ মাঝে
জগতেৰ গীত বাজে,
প্ৰভাত জাগিছে কাৰ নষনে!
কাহাৰ প্ৰাণেৰ প্ৰেম অনন্ত!
তাহাৰে খুঁজিব দিক-দিগন্ত!
থকা ঘৰৰ তিনি মহলাৰ চালত উঠি অকলৈ নিস্তদ্ধ নিশা পূৰ্ণিমাৰ জোনৰ ফালে অনিমেষে চাই থাকি টোপনিক ওচৰ চাপিবলৈ নিদিযা হলোঁ। ফুল এটা বুটলি পালে, তাকে চকুৰ আগত লৈ ঘূৰাই-পকাই তাৰ ৰেহ-ৰূপ চাই ৰঙত বিভোৰ হবলৈ ধৰিলোঁ। মোৰ গঢ়-গতি দেখি কোনোবাই “সেইটো কি?” বুলি সুধিলে মই উত্তৰ দিওঁ,--
আমি স্বপনে ৰযেছি ভোৰ।
সখি, আমাৰে জাগাইও না।
মনত আছে, এদিন ওলোটা ৰথৰ দিনা শিয়ালদহৰ ফালে বহা হাটৰপৰা ছটা পইচা দি তিনিজোপা গোলাপ-গছ কিনিলোঁ। তিনি অনা দুই পইচাৰে তিনিটা মাটিৰ “টব্” বা “পট” (গামলা) আৰু মাটি কিনি আনি সেই টবত গোলাপ তিনিজোপা ৰুই পানী দি পতি কৰিবলৈ ধৰিলোঁ। গোলাপৰ ওচৰত বহি গোলাপক সোধোঁ-
বল গোলাপ মোৰে বল্,
তুই ফুটবি সখি কবে?
চাঁদ হাসিছে সুধা হাস,
বাযু ফেলিছে মৃদু শ্বাস,
পাখী গাইছে মধু ৰবে,
তুই ফুটিবি সখি কবে?
এমাহমানৰ মূৰত যেতিযা তাৰে এজোপাই এটা কলি পেলালে মোৰ মহা আনন্দ, মহা উছাহ,—যেন মই পত্ৰ-ৰত্নহে লাভ কৰিবলৈ গৈছোঁ। কলিটো ফুলিল। মেমেৰা গছৰ মেমেৰা কলি, মেমেৰা ফুল। কিন্তু হলে কি হব, তথাপি সি মোৰ চকুত পদ্মলোচন। মোৰ আনন্দৰ পাৰ নাই। ফুলটোৰে সৈতে কথা পাতোঁ আৰু তাক চুই চুই মৰম কৰোঁ। এনেকৈ হাত লগাই মৰম কৰোঁতে এদিন তাৰ পাহিবোৰ পৰিল সৰি। মোৰ চকুত পানী ওলাই গ’ল। বুজিলোঁ মৰমৰ আলসুৱা বস্তুক এইদৰে দৌৰাত্ম কৰিবলৈ গলেই এনে ফল হয়। থিৰ কৰিলোঁ আজিৰপৰা মৰমৰ সমলক দূৰৰপৰাহে মৰম কৰিম। মনত খেলালে, জোন-তৰাক এই দেখিয়েই আমি হাত লগাব নোৱাৰাকৈ ঈশ্বৰে দুৰৈত থৈ দিছে। জোন-তৰা মানুহৰ হাতে ঢুকি পোৱাহেঁতেন, মানুহে দুদিনতে সিহঁতৰ কণ-কঠীয়া মাৰিলেহেঁতেন। আমাৰ ভিতৰৰ কাজুৱাসকলে নিশ্চয় তাত কল-কাৰখানা ( workshop) বহুৱাই নাগমাটি পোৰা চিম্নিৰ ধোঁৱাৰে জোন আৰু তৰাক চুৱা চৰুৰ তলি যেন কৰি পেলালেহেঁতেন। যি হওক, মনৰ দুখ মনতে গুপুত কৰি থৈ আকৌ ন ফুলৰ আশাৰে গোলাপ-গছ কেইজোপাত পানী-দুনি দি যত্ন