পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মোৰ জীৱন-সোঁৱৰণ

উপসৰ্গ আৰু প্ৰত্যয় সকলোবোৰ যায়। নাৱেদি আহোঁতে বাটত দেউতাই আঙুলিয়াই আমাক দেখুৱা মনত আছে, “সেইটো হাতীমূৰা পৰ্বত। সৌটো যোৰা পৰ্বত। সৌটো শিঙ্গৰি পৰ্বত।” ইত্যাদি।

 মনত আছে – এদিন আমাৰ নাও পৰ্বত এটাৰ কাষেদি উজাই আহোঁতে দেখিবলৈ পোৱা গ’ল যে এজনী মাইকী পহু নৈৰ পাৰৰ যুঁৱলিত মৰি পৰি আছে। নাও ওচৰ চাপিলত,পহুজনী নাৱৰীয়াহঁতে টানি আনি নাৱৰ আগ-চৰঠত তুলিলে। দেখি অনুমান হ’ল, অলপমান বেলিৰ আগতে বাঘে পহুজনী মাৰিছিল,কাৰণ বাঘৰ কামোৰৰ ন সাঁচ তাইৰ গাত জাজ্বল্যমান,আৰু তাৰপৰা তেতিয়াও তেজ টোপাটোপে বৈ আছিল। বোধকৰোঁ,পৰ্বতৰ গাত বাঘে পহুজনী ধৰিছিল,আৰু দুয়ো দবৰা-দবৰি কৰি বাগৰি বাগৰি আহি পানীৰ যুঁৱলিত পৰিছিল,এনেতে আমাৰ নাও অহা দেখি বাঘটো আঁতৰি গ’ল। যি হওক,আমাৰ নাৱৰ নাৱৰীয়াহঁতৰ আৰু লগুৱাকেইটাৰ মহা আনন্দ মিলিল যে সিহঁতে গোট পহু এটা পাইছে,হেঁপাহ পলুৱাই পেট ভৰাই খাব। আমি ল’ৰাবোৰৰ মনতো যে তেনেকুৱা ভাবৰ সঞ্চাৰ নহৈছিল এনে নহয়;কিন্তু নাৱৰীয়া আৰু লগুৱাহঁতৰ অভিলাষ পূৰ্ণ হ’ল,আমাৰ নহ’ল;কাৰণ পহু মাইকী,সেইদেখি দেউতায়ো নাখালে,আৰু আমাকো খাবলৈ নিদিলে। বালকবৃন্দৰ মৃগ মাংস ভোজনৰ প্ৰবল প্ৰবৃত্তি এইদৰে পৰাভূত হ’ল। জীৱিত অবলা জাতীয় প্ৰাণীৰ প্ৰবল শক্তিৰ কথাই নাই,মৃত অবলাও কেনে প্ৰবলা সেইটোৰ প্ৰমাণ আমি হাতে হাতে পালোঁ।

 তেজপুৰলৈ আহি আমি কত উঠিছিলো,কাৰ ঘৰত আছিলো আৰু কেতিয়া নিজৰ সুকীয়া ঘৰলৈ গ’লোঁহক,মোৰ একো মনত নাই। মাথোন তেজপুৰৰ পৰ্বতৰ ওখ-চাপৰ টিলাবোৰ আৰু ৰঙা বাট-পথবোৰ দেখি মোৰ মনত যে নথৈ ৰং লাগিছিল,সেইটোহে মনত আছে ; যথা –(১) আমাৰ ঘৰৰ কাষতে মুকলি ঠাই এডোখৰত সুন্দৰ সুগন্ধ ফুলেৰে ভৰি থকা ঢেপাই-তিতাৰ সৰু সৰু গছবোৰ। (২) দেউতাৰ সৈতে আমি নিকামুল সত্ৰলৈ যোৱা। (৩) তেজপুৰত এখন কুমাৰ গাওঁ আছিল; কুমাৰবোৰ সততে আমাৰ ঘৰলৈ আহিছিল,আৰু সিহঁতে সদায় আমাক মাটিৰ জুনুকা আৰু ভুৰুকা উমলিবলৈ দিছিল। (৪) তেজপুৰতে মোৰ ভাই লক্ষ্মণৰ জন্ম হৈছিল;আৰু লক্ষ্মণ ওপজাৰ দিন চেৰেকৰ পিছতে আমাৰ আহিনী নামৰ বান্দীজনীৰ ল’ৰা এটা হৈছিল। আৰু মনত আছে, লক্ষ্মণক বিলাতী ‘পিৰেম্বুলেটৰ’ গাড়ীত তুলি ফুৰাবলৈ নিয়া দেখি অহিনীৰ পুতেক ঢৌৰামে সেই গাড়ীত উঠিবলৈ বৰকৈ কান্দিছিল; সেইবাবে দেউতাই বাঢ়ৈ এটা মতাই আনি তাৰ হতুৱাই কাঠৰ ঘিলা দিয়াই কাঠৰ সৰু মুকলি পেৰা এটাৰ গাড়ী এখন সজাই ঢৌৰামকো তাত উঠি ফুৰিবলৈ দিহা কৰাই দিছিল;আৰু গাড়ীত উঠি ঢৌৰামৰ যি মহানন্দ হৈছিল, সেইটো দেখি দেউতাই মহানন্দ পাইছিল।

 আমাক ফুৰাব-মেলিবলৈ আৰু সততে আমাৰ তত্ত্বাৱধান কৰিবলৈ আমাৰ দূৰ-