পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিযুত হবলৈ বৰকৈ কৈ, তেওঁক অলপ ভৎসনা কৰি ক'লে—“বাবু হেৰ তই কলিকতাৰপৰা আহিছ দেখি হেপাহ কৰি তোৰ সৰু ভায়েৰে তোক চাবলৈ আহিল। তই তাক ক’ত দুই-চাৰিটা কথা কৈ পোনতে মৰম কৰিবি নাই, তাক আকৌ এইদৰে মাৰিবলৈ চোৰ খেলাদি খেদি লৈ ফুৰাইছ। লাহে-ধীৰেও দেখোন তই তাৰ পঢ়া-শুনাৰ মহলা লব পাৰ।” আইৰ কথা শুনি যদিও ককাইদেও ক্ষান্ত হ’ল, তথাপি আইক মৃদু-মন্দ প্ৰতি-ভৎসনা কৰিবলৈ নেপাহৰিলে যে তোমালোকে তাক মৰম কৰি কৰি তাৰ মূৰ খালাহঁক। ইমানটো ঢোদোঙাল’ৰাই একো পঢ়াশুনা নকৰে—এটা big dunce হ’ল। এই ঘটনাৰ পিছত ককাইদেওসকল থকা কেইটা দিন মই মন মাৰি আলেঙে আলেঙে ফুৰি কোনোমতে কটাই দিছিলোঁ। বোধকৰো এই ঘটনা, পিতৃদেৱতাই গুৱাহাটীতে কামৰপৰা অৱসৰ লৈ পেন্সন পাই শিৱসাগৰলৈ আহিবৰ কিছুদিনৰ আগতে ঘটিছিল; কাৰণ মোৰ মনত আছে, শিৱসাগৰলৈ আহিবলৈ যাত্ৰা কৰি গুৱাহাটীৰ ঘাটতে আমি সকলোটি নাৱত উঠি থাকি, ৰাতি বালিত ভাত খাবৰ সময়ত, বৰ ডাঙৰ মহা বতাহ এটাই আমাৰ ৰন্ধা-বঢ়া ভাত বালিৰে পুতি পেলাইছিল, আৰু বালিত তৰা আঁৰ কাপোৰখন উৰাই নি ব্ৰহ্মপুত্ৰৰ মাজত পেলাই দিছিল; আৰু সেই ৰাতিৰ সেই দূৰ্যোগৰ সময়ত দেউতা আৰু ককাইদেওসকলে আন আন মানুহ আৰু নাৱৰীয়াহ’তৰে সৈতে পানীত নামি কান্ধ পাতি আমাৰ নাও দুখন ধৰি থাকি কোনো মতে ৰক্ষা কৰিছিল। মনত আছে, ধুমুহাৰ পিছত, সেই ৰাতিয়েই তেওঁলোক দুযো কলিকতালৈ উভতি যাবলৈ বুলি সদাগৰী জাহাজত উঠেগৈ আৰু পিছদিনা মাতৃদেৱীয়ে চকুৰ লো টুকি এইবুলি বেজাৰ কৰিছিল যে-“লৰা দুটাই কালি ৰাতি ইমান দূখো পালে আৰু যোৱাৰ আগেযে এসাজ ভাত খাবলৈ আহি খাবলৈকো নাপালে।”

 ওপৰত উনুকিয়াইছোঁ, যে পিতৃদেৱতাই গুৱাহাটীতে একাষ্ট্ৰা এছিষ্টেণ্ট কামৰপৰা অৱসৰ লৈ পেন্সন পায়। গুৱাহাটীৰ অনেক ভদ্ৰলোকে ঘাইকৈ লক্ষীনাথ গজপুৰীয়া বৰুৱা ডাঙৰীয়াই পিতৃদেৱতাক উজনিলৈ উভতি নগৈ গুৱাহাটীতে ঘৰবাৰী কৰি থাকিবলৈ অনুৰোধ কৰে। কিন্তু পিতৃদেৱতাই নিজৰ পুৰণি ঠাই শিৱসাগৰলৈ উভতি যোৱাটোকে থিৰ কৰিলে।

 গুৱাহাটীৰ ভদ্ৰলোকসকলৰ ভিতৰত উকীল শ্ৰীমন্ত সেন, যশোমন্ত সেন, এই দুজনৰ কথা আৰু গোবিন্দৰাম চৌধাৰীৰ কথা মোৰ মনত আছে। এওঁলোক আমাৰ ঘৰলৈ সততে আহিছিল আৰু দেউতাৰ আদৰৰ পাত্ৰ আছিল। গোবিন্দৰাম চৌধাৰী ওখ, ডাঙৰ আৰু দেখিবলৈ বৰ সভাশুৱনি লোক আছিল। হেজাৰৰ ভিতৰত গোবিন্দৰাম চৌধাৰী চকুত পৰা “চেহেৰাৰ” মানুহ।

 কমলানাথ ফুকনৰ কথা প্ৰথমতে অলপ কৈছোৱেই। ফুকন ডাঙৰীয়া ৰঙিয়াল, ৰসিক, witty আৰু কৌশল কৰি লোকক বিদ্ৰুপ কৰিব পৰা লোক আছিল। মোৰ শুনা এতিয়াও মনত আছে—কোনোবা এজনে হেনো ডবা এটা কিনিবলৈ তেওঁৰপৰা ধন ধাৰে নিছিল। ডবা কিনাও হ'ল আৰু দিনৌ তাৰ ব্যৱহাৰ কিনোতাৰ ঘৰত হবলৈ