পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
চতুৰ্থ আধ্যা

দাঁৰৰ ছেও মিলি নাৱৰীয়াহঁতৰ মনত এক অপূৰ্ব উৎসাহৰ সোঁত বোবাইছিল; আৰু ফলত নাও হাফোলা-হাফোলে আগবাঢ়ি গৈছিল। এদিন এইদৰে ব্ৰহ্মপুত্ৰত পাৰি দি যাওঁতে এবাৰ নৈৰ মাজতে আমাৰ নাওখন ঘপহ্ কৰে এটা চটত লাগিল। ততালিকে নাৱৰীয়াবোৰেৰে সৈতে পিতৃদেৱতাই চটৰ তৰাং পানীত নামি পৰি নাওখন বলেৰে টানি টানি কোনোমতেহে সেই চোৰ বালিৰ চটৰ বিপদৰ পৰা তাক ৰক্ষা কৰিলে।

 এদিন পিতৃদেৱতাই আমাক দূৰৰপৰা আঙ্গুলিয়াই দেখুৱাই ক’লে, “সৌৱা মোৰ আতাৰ থান ৺কমলাবাৰী সত্ৰৰ গছ দেখা গৈছে!” পিতৃদেৱতাৰ আদেশ আৰু আৰ্হি অনুসৰণ কৰি আমি নাৱৰ চৰথত আঁঠুকাঢ়ি পৰি থানৰ উদ্দেশে ভক্তিপূৰ্ণ সেৱা কৰিলোহঁক। পিতৃদেৱতাই সেৱা কৰি উঠি, তলত দিয়া ঘোষাকেইটা সুৰ ধৰি গাই তাৰ মানে অতি ভক্তিভাৱে ব্যাখ্যা কৰি আমাক শুনাইছিল—

যিদিশত মহা ভক্তসৱে    শ্ৰীমন্ত কমললোচনক
  পৰম সন্তোষে কীৰ্তন যিটো কৰয।
সিদিশক নমস্কাৰ কৰি    দুৰ্ঘোৰ সংসাৰ সুখে তৰি
  আপুনি অচ্যুত-স্বৰূপ সিটো হোৱয়॥
ৰমানন্দ-পদ-যুগলৰ    মকৰন্দ-মধুব্ৰত প্ৰায়
  ভকতসকলে যিদিশত প্ৰকাশয়।
সিদিশ জানিবা গঙ্গাদেৱী    অনেক প্ৰৱাহ-ৰূপে আতি
  পৰম নিৰ্মল স্বৰূপে শোভা কৰয়॥
শ্ৰীমধুদ্বিষ ঈশ্বৰৰ    কীৰ্তন মঙ্গল নিৰন্তৰ
  যিটো ভুমিভাগে শুদ্ধৰূপে হোৱে জাত।
তাৰ ধুলি যিটো পিবে ধৰে    নিশ্চয়ে জানিবা সিটো নৰে
  কৃষ্ণৰ পৰম বল্লভ হোৱে সাক্ষাত॥

 মোৰ ভালকৈ মনত আছে, যিদিনা আমি দিখৌমুখত সোমাওঁ সোমাওঁ হৈছোঁ, সেইদিনা দুপৰীয়া, ওচৰৰ মিৰি গাওঁ এখনত বৰকৈ ল’ৰা এটাই কন্দা আমি শুনিলোঁ। দেউতাই তেতিয়াই নাও ৰখাবলৈ দি, নাৱৰপৰা নাৱৰীয়া এটাক কন্দনা ল’ৰাটোৰ মাক-বাপেকক মাতি আনিবলৈ পঠিয়াই দিযে। সিহঁত আহিলত, ল’ৰাটোক সিহঁতে কিয় সিমানকৈ কন্দুৱাইছিল, দেউতাই সুধি আৰু নকন্দুৱাবলৈ ভালকৈ কৈ সিহঁতক বিদায় দিলে। সিহঁতে দেউতাৰ কথাত সন্তোষ লভি, আমাৰ নাওখন অলপ ৰাখিবলৈ কৈ, লৰি গৈ চাইটা মানুহে সাঙ্গী কৰি অনা এটা ডাঙৰ বৰকাছ দেউতাক উপঢৌকন দি সেৱা কৰিলে। লগতে গোটেইখন মিৰি গাৱঁৰ ল’ৰা, বুঢ়া আৰু তিৰোতা আহি আমাৰ নাৱৰ কাষত জুম বান্ধিলে। দেউতাই কাছটো তাতে কটাই তাৰ এটা কি দুটা পিৰা ৰাখি বাকীবোৰ সিহঁতকে বিলাই দিয়ালে। সিহঁতে ৰং মনেৰে মঙ্গহ লৈ দেউতাক সেৱা কৰি গুচি গ’ল। বৰজাপি এটাৰ সমান ইমানটো ডাঙৰ বৰকাছ আগেয়ে মই কেতিয়াও দেখা নাছিলোঁ।