পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
চতুৰ্থ আধ্য়া

শব্দৰ মানে মুখস্থ কৰি তেওঁৰ সমুখ হবলৈ ধৰিলোঁ। ইয়াৰ পিছত দুদিন-চাইদিন গোপাল বাবুৱে আমাক মানে-কোৱা বিদ্যাত ঠিক পাই, আকৌ আগৰ ৰীতিলৈ উভতি গ'ল আৰু আমাৰ ভিতৰৰো অনেকে পৰিত্যক্ত টেঙৰালি পুনৰ অৱলম্বন কৰিলে।

 শ্ৰীযুত তোয়ধৰ শৰ্মা-পণ্ডিত নামেৰে পণ্ডিত এজন কিছুদিনৰ নিমিত্ত আমাক সংস্কৃত পঢ়োৱা পণ্ডিত হৈছিল। সংস্কৃতত তেওঁৰ প্ৰগাঢ় বুৎপত্তি আছিল। তেওঁৰ সাজ-পাৰ আমাৰ দেশৰ পুৰণিকলীয়া বিধৰ আছিল। এদিন তেওঁ মুগাৰ চুৰিয়া পিন্ধি আহি ক্লাছত বহিলতে আমাৰ ভিতৰৰ টপটপীয়া লৰা এটাই মাত লগালে, “আজি ছাৰ (sir) মুগাৰ চুৰিয়া পিন্ধি আহিছে।” এই কথা শুনি পণ্ডিতৰ বৰ খং উঠিল আৰু তেওঁ ল’ৰাটোৰ ফালে চাই ক'লে, “হেৰ, তোৰ বাপেৰৰ ঘৰৰ মুগাৰ চুৰিয়া মই পিন্ধি আহিছোঁনে?” এই কথা শুনি দমি যোৱা দূৰত থাওক, কি কব নোৱাৰোঁ, ল’ৰাবোৰে গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিলে। দুখব বিষয় সিহঁতৰ ভিতৰত এই লেখকো আছিল। পণ্ডিতে মোৰ পিতৃদেৱতাক বৰ সন্মান আৰু ভক্তি কৰিছিল আৰু পিতৃদেৱতাইও তেওঁক পুত্ৰৱতে স্নেহ কৰিছিল; তাৰ ঘাই কাৰণ পণ্ডিত পিতৃদেৱতাৰ বন্ধু সুবিখ্যাত মিত্ৰধৰ অধ্যাপকৰ ছাত্ৰ আছিল। পণ্ডিতে আনবোৰক এৰি, মোৰ ফালে চাই বিৰক্তি প্ৰকাশ কৰি ক'লে—“তুমি সিংহৰ পোৱালি হৈ শৃগালব নিচিনা হ’লা কিয়?” মই সেই তিৰস্কাৰ শুনি লাজত তললৈ মূৰ কৰি ৰলোঁ আৰু সেই দিনাৰেপৰা আন আন দুষ্ট ল’ৰাৰ লগ নলওঁ বুলি মনতে সঙ্কল্প কৰিলোঁ।

 বৰ আচৰিত কথা যে ইমানবোৰ শিক্ষকৰ তলত মোৰ বিদ্যা শিক্ষা ঘটিছিল, কিন্তু প্ৰকৃত শ্ৰদ্ধা, ভক্তি বা ভালপোৱাৰে এজনেও মোৰ মন আকৰ্ষণ কৰিব নোৱাৰিছিল। এইটো শিক্ষকসকলৰ গুণৰ ত্ৰুটিৰ বাবতকৈও সেইকালৰ শিক্ষা-প্ৰণালীৰ দোষ বুলি ধৰিলেহে ঠিক হ’ব হবলা। যি হওক, ইয়াৰ এটা ব্যতিক্ৰম ঘটিছিল, এমাহমানৰ নিমিত্তে শ্ৰীযুত কেশৱনাথ ফুকনে (যি পিছত তেজপুৰত হেডমাষ্টৰ হৈ সুখ্যাতিৰে কাম কৰিছিল) এমাহমানলৈ আমাৰ স্কুলত কাম কৰি আমাক পঢ়াইছিল। তেওঁৰ পঢ়োৱা প্ৰাঞ্জল প্ৰণালীয়ে আৰু মিষ্ট ব্যৱহাৰে আমাক তেওঁৰ প্ৰতি শ্ৰদ্ধাৱান কৰি তুলিছিল। দুখৰ বিষয, তেওঁ আমাৰ স্কুলত সৰহদিন নাথাকিল।

 আমাৰ স্কুলৰ ছেকেণ্ড মাষ্টৰ আছিল বাবু বিষ্ণুচন্দ্ৰ চক্ৰবৰ্তী। তেওঁ দীৰ্ঘকাল অসম-প্ৰবাসী বঙ্গালী। কিন্তু আশ্চৰ্য্যৰ বিষয় যে তেওঁ এষাৰো অসমীয়া কথা কব নাজানিছিল। তেওঁৰ তলত মই সৰহদিন পঢ়া নাছিলোঁ; কাৰণ মই ছেকেণ্ড ক্লাছলৈ উঠাৰ অলপ দিনৰ পিছতে তেওঁ বদলি হৈ গ'ল। তেওঁৰ সম্পৰ্কে মোৰ তিনিটা কথা মনত আছে। —তেওঁৰ গোফ্‌তাৰ সৰ্বসাধাৰণ গোফ্‌তকৈ দীঘল। দ্বিতীয়টো, তেওঁ কথা কওঁতে খোনাই খোনাই কথা কৈছিল আৰু প্ৰত্যেকষাৰ কথাত “অ কৰ্চ” “অ কৰ্চ”(of course) শব্দটোৰ পোহ ইমানকৈ দিছিল যে শিৱসাগৰ জিলাৰ বান্‌মুখ নামৰ গাৱঁৰ গাখীৰ বেচোঁতা মানুহে গাখীৰত পানী দি বেচিবলৈ অনা গাখীৰৰ দৰে তাত