॥অষ্টম আধ্যা॥
তেতিয়া মই জেনেৰেল এছেম্ব্লি কলেজৰ তৃতীয় বাৰ্ষিক শ্ৰেণীত। “পলগ্লেভ্ছ গোল্ডেন্ ট্ৰেজাৰি অব্ লিৰিক্স” নামৰ ইংৰাজী কবিতাৰ সংগ্ৰহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যেলি, কীটছ্ৰ কবিতাবোৰ আৰু কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাবোৰ লিখিছোঁ। কবিতাৰ বৰষুণৰ জাকৰ ওপৰত জাক পৰি মোৰ মন একেবাৰেই “প্ৰেমৰস’’ত আৰ্দ্ৰ। মোৰ মনৰ বহল পথাৰখন বাইৰনৰ কবিতাই কোমলালে, শ্যেলিৰ কবিতাই হাল বালে, কীটছ্ৰ কবিতাই মৈয়ালে আৰু ৰবীন্দ্ৰৰকবিতাই এনে কৰিলে যে তাত লাহী ধানৰ কঠীয়াৰতো কথাই নাই, বিহমনা, কোট্কোৰা, পথৰুৱা বিহলঙনি আৰু চোৰাতকে আদি কৰি যিহৰে গুটি হওক পৰিলেই, সিযেই ভৰভৰ কৰি গজি “মোক চা’’ কৈ উঠিব। বঙ্গালীয়ে কবৰ নিচিনা, তেতিযা মোৰ মনৰ অৱস্থা সঙ্গীন”; অৰ্থাৎ বন্দুকত “সঙ্গীন” (bayonet) চৰোৱা বিধৰ। সপোনত কেনেবাকৈ মই বিতচকু এযোৰ পালো। সেই অপৰূপ বিতচকুযোৰৰ গুণত মই জগৎ গোটেইখনকে দেখিবলৈ ধৰিলো।
I slept and dreamt that life was beauty
যিপিনেই চাই পঠিযাওঁ সেইপিনেই পুঞ্জীভূত সৌন্দৰ্য, স্তুপীকৃত মাধুৰ্য্য, ৰাশীকৃত আন। জলত মধু, থলত মধু, মানুহত মধু, ফলত মধু। আকাশে মধু, বৰষিছে, বতাহে মধু, বলাইছে। মোৰ মনত প্ৰেম আৰু ভাল পোৱা এই দুটাৰ chemical combination অৰ্থাৎ ৰাসায়নিক সংমিশ্ৰণ ঘটি ভয়ানক খেলিমেনি লাগি পৰিল। এজনী চিলনীৰ দৰে এছাটি মলয়া বতাহে, “চিলনীৰ জীয়েক’’ৰ দীঘল চুলি যেন মোৰ দীঘল মনটো উৰাই নি ক’ৰবাত তুলিলে; মন উধাও, উদাস হ’ল। ক্ষন্তেকে ক্ষন্তেকে তাৰ পৰিৱৰ্তন এবাৰ সি ৰঙৰ ৰহ-ঘৰা আৰু চকু-চাওঁতেই অভাৱৰ তাড়নাত অথিৰ।
সুখ ভৰা এ ধৰায়
মন বাহিৰিতে চায,
কাহাৰে বসাতে চায় হৃদয়ে।
তাহাৰে খুঁজিব দিক-দিগন্ত।
মন উৰি গৈ কোনোবা নজনা-নুশুনা দেশত ওলাই মোৰে নিচিনা কোনোবাই কত বীণ বাই প্ৰেমৰ সুমধুৰ সুৰেৰে নিজক মতলীয়া আৰু জগতক বলীয়া কৰিছে; মোৰে নিচিনা কাৰ চকুৱে চিকুণ পুৱাৰ পোহৰ পোহৰাইছে, চাবলৈ ব্যাকুল হৈ উঠিল।
যেমন দখিণে বায়ু ছুটেছে!
কে জানে কোথায় ফুল ফুটিছে!
তেমনি আমিও যাব
নাজানি কোথায় দেখা পাব!