আৰু পিতৃদেৱতায়ো সেই কাৰ্যত যোগ দিয়ে। শঙ্খঘণ্টা বজোৱাৰ অন্তত, মুখে মুখে স্তোত্ৰ পাঠ কৰি, সকলোৱে আঁঠু কাঢ়ি থাপনাৰ ফালে সেৱা কৰোঁহক। ইয়াৰ পিছত দেউতা ওলাই আহি ইফালে-সিফালে অলপ ফুৰিবলৈ যায়; আৰু আমি—
(৯) গুণমালা-ভটিমা গাবলৈ বহোঁ। গুণমালা-ভটিমা গোৱাৰ পিছত আমি ল’ৰাবোৰে ল’ৰানাম গাবলৈ বহোঁ আৰু এঘণ্টামানৰ পিছত সেই নাম শেষ কৰি উঠি আহি—
(১০) পঢ়িবলৈ কিতাপ মেলি লওঁ। কিতাপ আগত লৈ কোনোৱে অলপ-অচৰপ পঢ়ে, কোনোৱেবা কলমটিয়ায আৰু কোনোৱেবা কিছুমান বেলিৰ পিছতে, কিতাপৰ ওপৰতে, তেল-বিযলী কৰি থোৱা মূৰটো থৈ, হাঁহ-শোৱাদি পঢ়াশুনাৰে সৈতে টালি- বাজি কৰে।
(১১) ৰাতি ১০ মান বজাত আমি গা ধুবলৈ যাবলৈ ৰান্ধনিঘৰৰ পৰা খবৰ আহে। আমি বুকুত বান্ধি লৈ বহি থকা দুই বন্ধু টোপনি আৰু এলাহক অতি কষ্টে বিসৰ্জন দি পঢ়া ঠাইৰপৰা উঠি গৈ, জাৰেই হওক বা জহেই হওঁক, পানী তপতেই হওক বা চেঁচাই হওঁক, হুৰ হুৰ কৰে গাত ঢালি দিওঁ আৰু সেহাই ফোঁপাই গা মচি, ধুতি-চুৰিয়া পিন্ধি গোসাঁইঘৰ সোমাই, তাত লৈ ৰাতিৰ প্ৰসঙ্গ আৰম্ভ কৰি দিওঁ। ৰাতিৰ প্ৰসঙ্গত নাম-লোৱা ভকতৰ লেই সৰহ হয়। পুৱাৰ দৰেই, দেউতাই বা আন এজনে কীৰ্তন-ঘোষা মেলি কীৰ্তন দিয়ে আৰু অন্তত পাঠ পঢ়ি আৰু চৰিত্ৰ তুলি প্ৰসঙ্গ শেষ কৰে।
(১২) ইযাৰ পিছত ৰাতিৰ সাজ ভাত খাবলৈ মজিয়াত বহা হয়। ভাত খাওঁতা- সকলেৰে মজিয়া প্ৰায় ভৰি পৰে।
(১৩) ভাত খাই উঠি আমি আকৌ বৰে-সৰুৱে মিলি গোসাঁই-ঘৰৰ টুপত শেহ-নাম গাবলৈ বহোঁ। সেই নাম সমাপন কৰোঁতে ৰাতি এঘাৰ-বাৰ বাজে। এইখিনিতে কোৱা যাওক যে, যদিও আমাৰ চৰাঘৰত সদায ডাঙৰ ঘড়ী এটাই টিক্ টিক্ কৰে গৈ আৰু ঢং ঢং কৰে বাজি তাৰ কৰ্তব্য কৰি গৈছিল, তথাপি আৰু তাক আমাৰ খোৱা-বোৱা আদিৰ সময়ত হস্তক্ষেপ কৰিবলৈ নিদিছিলোঁ। তাক আঁৰি থৈছো, খাবলৈ “দম” দিছোঁ, বচ্। আৰু সি কিবা বিচাৰিলে শুনিব কোনে?
(১৪) ইয়াৰ পিছত দেউতাই অলপ ভৰি চলাই, ঘোষা গাই গাই আহি বৰঘৰৰ টুপৰ মুকলি খোঁটালী এটাত শোৱে। জাৰকালি হ’লে দেউতাৰ চালপীৰাৰ ওচৰতে আফিঙৰ বহল পেৰা এটাত মাটিজুহাল কৰি লোৱা হয় আৰু কাষতে দুজন-চাৰিজন ভিতৰুৱাল মানুহ আহি বহি জুই পাৱায়। সেই সময়ত দেউতাৰ ভৰিত লগুৱা এটাই তেল-টেঙা ঘঁহে আৰু ভৰি পিটিকে; আৰু ময়েই বা শ্ৰীনাথ ককাইদেৱে মহাভাৰত বা ৰামায়ণ মেলি লৈ জাত লগাই পঢ়িবলৈ বহোঁ। মোৰ পুথি পঢ়া দেউতাই শুনিবলৈ ভাল পাইছিল দেখি, সেই বাবটো মোৰ গাত বৰকৈ পৰিছিল। পুথি শুনি থাকোঁতেই দেউতাৰ চিল্মিল্কৈ টোপনি আহে আৰু সেই টোপনি গভীৰ হোৱা আমি গম পালেই