এইখিনিতে কোৱা যাওক যে সেইকালত ওকালতি কৰা ব্যৱসায়টো বৰ সম্মানজনক বিবেচিত নহৈছিল। তেতিয়া উকীল হবলৈ ‘প্লিডৰম্বিপ্’বা বি-এল পৰীক্ষা “পাছ” কৰিবলগীয়া হোৱা নাছিল। হাকিমে কাকো উকীল হবলৈ হকুম দি কাছাৰীৰ কিতাপত নাম লেখাই দিলেই তেওঁ উকীল হৈ ওকালতি কৰিব পাৰিছিল। এইদৰে। নাম লেখাই দি দেউতাই কত লোকক উকীল পাতি দিলে, কিন্তু সেই ব্যৱসায় নিজৰ পুতেকৰ অনুপযুক্ত বুলি ভাবি এটি পুতেককো উকীল নকৰিলে। তেওঁৰ পুতেক- সকলৰ ভিতৰত সেইদেখি কোনো কেৰাণী, কোনো স্কুল-মাষ্টৰ আৰু কোনো মৌজাদাৰ।
গোলাঘাটৰ ফালৰে ন গোসাঁইৰ ঘৰত তৃতীয়জন ককাইদেউৰ বিয়াৰ সম্বন্ধ ঠিক হয়। মাঘমহীয়া আমি ঘৰে-ঘৰোৱাহে সেই বিয়ালৈ যাবলৈ উদ্যোগ কৰিছোঁহক, এনেতে মেঘ-দেৱতা বাম হ’ল। এজাক বৰষুণ হ’ল। সেই বৰষুণ হেনো অকাল- বৃষ্টি , গতিকে অমঙ্গলীয়া। বিয়াৰ দিন সেইবাবে হোহকি গ’ল। অকাল-বৃষ্টিৰ দুদিনৰ দোষ এৰাই হোঁহকা দিনত আমি নাৱেৰে গৈ বিয়াৰ কাৰ্যক্ষেত্ৰত উপস্থিত হলোহ’ক। শিৱসাগৰৰপৰা যাত্ৰা কৰিবৰ আগতে আমাৰ বৰজনা আইৰ বৰ ইচ্ছা হ’ল যে তেওঁৰ জীয়েকৰ বৰপুতেকক (১৩/১৪ বছৰীয়া ল’ৰা) বিয়ালৈ লগত লৈ যায়। তেওঁৰ ইচ্ছাৰ কথা জোঁৱায়েকলৈ কৈ পঠিয়ালত জোঁৱায়েকে পিতৃদেৱতালৈ চিঠি লেখিলে যে তেওঁৰ পুতেকক বিয়ালৈ যাবলৈ দিব পাৰে, যদি তাক ককাক-বুঢ়ীমাকৰ ঘৰত প্ৰস্তুত 'সিদ্ধান্ন’-'পাকান্ন’ নুখুৱায বুলি দেউতাই অঙ্গীকাৰ-পত্ৰ লেখি দিয়ে। জোঁৱায়েকৰ এই অদ্ভুত চিঠিৰ কথা শুনি ববজনা আই খঙত ঘৃতাহুতি হ’ল আৰ, দেউতাই চিঠিৰ উত্তৰ নিদি মনে মনে থাকিল। দৈৱ-দুৰ্বিপাকত আকৌ এজাক অকাল বৃষ্টি-হৈ আকৌ বিয়াৰ প্ৰতিবন্ধকতা জন্মালে। তাতে কিছুদিন থাকি আকৌ বিয়া হোঁহোকাই দুৰ্বিপাকৰ দোষৰ হাত এৰাই সেই বিয়া সম্পাদন কৰি ঘৰলৈ প্ৰত্যাৱৰ্তন কৰা হ’ল। ওপৰত উল্লেখ কৰা প্ৰতিবন্ধকতাই নিশ্চয় ভবিষ্যতৰ সঙ্কেত দিছিল। বিয়াৰ কিছুদিনৰ পিছতে সেই ককাইদেউজন কাহৰনৰিয়াত পৰি শিৱসাগৰলৈ আহিল। দেউতাই অশেষ চেষ্টা আৰু পৰিশ্ৰম কৰি অনেক নতুন নতুন ঔষধ পুথি চাই উলিয়াই নিজে কৰি খুৱাই চিকিৎসা কৰিও পুতেকক ৰক্ষা কৰিব নোৱাৰিলে। তেওঁৰ ঘৈণীয়েকো স্বামীব মুখ নেদেখাকৈ বাঁৰী হ’ল। বিয়াৰ দিনা কন্যাৰ ককায়েক নে কি কব নোৱাৰোঁ--ন গোসাঁই প্ৰভুৰ প্ৰতিমূৰ্ত্তিটো আৰু, তেওঁৰ ব্যৱহাৰ অতিকৈ চকুত পৰা হৈছিল। বিয়াৰ সভাত তেওঁ এটা কাঠৰ মূঢ়াৰ দৰে বহি আছিল; আৰু পাছে, আমাৰ নিচিনা সাধাৰণ মানুহেৰে সৈতে কথা-বাৰ্তা পাতি আমাক (হলোঁৱেই বা দৰাঘৰীয়া) আদৰ-অভ্যৰ্থনা কৰিলে, কেনেবাকৈ তেওঁলোকৰ গোসাঁই প্ৰভুৱা দীঘল ভেমটোৰ চুটি এডোখৰ হৈ পৰিব—এই ভয়তে তেওঁ সশঙ্কিত হৈ আছিল। এওঁলোকতো পুৰণি সজ্ঞৰ দাবী কৰিব পৰা ন গোসাঁয়েই। অসমত ফেঁচামৰীয়া গোসাঁইৰেপৰা
আৰম্ভ কৰি খৰিকটীয়া গোসাঁইলৈকে গোসাঁই-নামধাৰী প্ৰাণীসকলে সাধাৰণ ভদ্ৰলোকৰ
৪