পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
মোৰ জীৱন-সোঁৱৰণ


তাহান কৃপাত তান দৰ্বাৰত ৰই।
ফৌজদাৰী চিৰস্তাৰ অধিপতি হই।৷
থাকন্তে ৰাজ্যৰ চ্যুত ভৈলেক ৰাজ্য়ৰ।
কোম্পানীৰ হস্তগত জানিবা সুসাৰ।৷

 মনত আছে, একো একোজনা পিতৃদেৱতাই মোক বলেৰে ধৰি আনি বৈদ্যশাস্ত্ৰ “ভাব-প্ৰকাশ” পুথি মেলি মোৰ আগত দি, মোক পঢ়াবলৈ ওচৰতে বহি অনৰ্গল তাৰ শ্লোকবোৰ মুখস্থ মাতি ব্যাখ্যা কৰি মোক শুনাই গৈছিল। কিন্তু মোৰ মন-বিযাগোম ক’ত উৰি ফুৰিছিল, তাক তেওঁ নাজানিছিল। ভাৱ-প্ৰকাশৰ__

পঞ্চাভিভূতত্বথ পঞ্চকত্বা
পঞ্চেন্দ্ৰিয়ং পঞ্চসু ভাৱয়িত্বা
পঞ্চত্বমাতি বিনাশকালে।৷

 এই শ্লোকৰ দাৰ্শনিক ব্যাখ্যা কৰি পিতৃদেৱতাই মোক পঢ়াব আৰু সেই শ্লোক আৰু তাৰ ব্যাখ্যাই মোৰ মনত পঞ্চত্ব লভি তেতিযাই বিনাশপ্ৰাপ্ত হয়। মোৰ আনবোৰ অগ্ৰজো যে বৈদ্যশাস্ত্ৰ-শিক্ষাৰ প্ৰতি মোতকৈ বেছি আগ্ৰহান্বিত আছিল, এনে বুলিব নোৱাৰোঁ; তথাপি তেওঁলোক যে মোৰ সমান হতভগীযা আছিল এনে নহয় , তেওঁ- লোকে কিছুদূৰ পঢ়িছিল আৰু চিকিৎসা কৰিবলৈ কিছুদূৰ শিকিছিল। তেওঁলোকৰ ভিতৰত ব্ৰজনাথ আৰু দুজন-এজন একপ্ৰকাৰ ভাল চিকিৎসকেই হৈ উঠিছিল। কিন্তু ৰীতিমতে শাস্ত্ৰ পঢ়ি শাস্ত্ৰ-বিদ্যাত বিশাৰদ হোৱাটো তেওঁলোকৰ অদৃষ্টতো ঘটিছিল বুলি কব নোৱাৰোঁ। পুতেকহঁতৰ গঢ়গতি দেখি হতাশ হৈ এদিন পিতৃদেৱতাই আমাক ক'লে—“বাৰু অকল ইংৰাজীকে পঢ়ি তহঁত যি হব খুজিছ হ, মই আৰু তহঁতক একো নকওঁ; কিন্তু মই মোৰ ল'ৰা এটাক মোৰ মনৰ মতেৰে আমাৰ পুৰণি বৈদ্যশাস্ত্ৰ পঢ়াই শিকাই-বুজাই লবলৈ থিৰ কৰিছোঁ; তাক আৰু ইংৰাজী পঢ়িবলৈ নিদিওঁ। লক্ষ্মণকে মই মোৰ মনৰ মতেৰে শিক্ষা দিম।”

 লক্ষ্মণ মোৰ পিছৰে মোৰ সৰু ভাই। দেউতাই তাক ইংৰাজী স্কুলৰপৰা নাম কটাই আনি ৰীতিমতে বৈদ্যশাস্ত্ৰ পঢ়াবলৈ ধৰিলে। এই কাৰ্য দেখি আমি “ইংৰাজী- ৱালা পণ্ডিতবোৰে” ভাবিলোঁ, লক্ষ্মণৰ ইহকাল-পৰকাল গ’ল। কিন্তু বাস্তৱিকতে লক্ষ্মণে দুই-চাৰি বছৰৰ ভিতৰতে আয়ুৰ্বেদীয় চিকিৎসা-বিদ্যাত বেছ পাৰদৰ্শিতা লাভ কৰিলে। “মানুহে পাতে, ঈশ্বৰে ভাঙে” বুলি কয়। ঈশ্বৰৰ ইচ্ছা নহয় হবলা যে অসমৰ পুৰণি কালৰেপৰা প্ৰসিদ্ধভাৱে চলি অহা আয়ুৰ্বেদ-বিদ্যাৰ প্ৰৱাহ থাকে; সেই দেখি পিতৃ-দেৱতাৰ আশা ভঙ্গ কৰি ঈশ্বৰে লক্ষ্মণক মাতৃদেৱীৰ সৈতে লগত লৈ গঙ্গাস্নান কৰিবলৈ কলিকতালৈ আহিছিল। মই তেতিয়া কলিকতাত প্ৰেছিডেঞ্চি কলেজত এম-এ পঢ়িছিলোঁ। পিতৃদেৱতাৰ নিমিত্তে মেডিকেল কলেজ ষ্ট্ৰীটত সুকীয়াকৈ এটা ঘৰ কেৰেয়া কৰি তাতে তেওঁলোকক থাকিবৰ দিহা কৰি দিলোঁ।কলিকতা পোৱাৰ পিছদিনাই লক্ষ্মণৰ বিসুচিকা ৰোগ হৈ সেই ৰোগতে একেদিনৰ ভিতৰতে