সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
মোৰ জীৱন সোঁৱৰণ

 ৰাস-পূজা আমাৰ ঘৰত হৈছিল; কিন্তু এৰা-ধৰাকৈ। কোনো বছৰ হৈছিল, কোনো বছৰ নহৈছিল। হোৱা বছৰৰ গুৰিত মই “খোদ”। মই মাটিৰ মূৰ্তি সজা বিদ্যাত মনে মনে পাকৈত হৈ পৰিছিলোঁ। প্ৰথমতে দেউতাই নেদেখাকৈ ধান খেৰৰ জুমুথি বান্ধি, কুমাৰ-মাটি আনি, ৰাধা-কৃষ্ণৰ মূৰ্তি সাজি, পিছত সেই মূৰ্তি সম্পূৰ্ণ হবৰ সময়ত দেউতাৰ চকুত পৰাকৈ থৈ দিছিলোঁ। কাৰণ প্ৰতিমা প্ৰস্তুত দেখিলেই দেউতাই অগত্যা পূজা পাতিবলৈ বাধ্য হব। এইখিনিতে অবান্তৰভাৱে লাহেকৈ কৈ থওঁ যে, সৰুতে মাটিৰ মূৰ্তি সাজিবলৈ শিকা বিদ্যাই বুঢ়া বযসতো কাম দিছিল। সিদিনা মহাযুদ্ধৰ শান্তিপৰ্বৰ আৰম্ভণত (Peace celebration) সম্বলপুৰত নানাবিধ উৎসৱ আনন্দৰ দিহা কৰা হৈছিল। সম্বলপুৰৰ ডিপুটি কমিশ্যনাৰ মিষ্টাৰ ইংগোলছ (A L. Ingless) চাহাবে, কলিকতাৰ ৰয়েল থিযেটৰত ডাক্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ-বিৰচিত বাল্মীকি-প্ৰতিভা নাটৰ ভাৱনাত মোৰ অভিনয়ৰ কথা কেনেবাকৈ আন যুৰোপীয- সকলৰপৰা শুনিছিল। তেওঁ মোক বৰকৈ ধৰিলে যেন সালপুৰৰ ভিক্টোৰিযা মেম’ৰিযেল হলত মই সেই বাল্মীকি-প্ৰতিভা ভাৱনা কৰোঁ। মই অগত্যা মোৰ ছোৱালী-তিনিজনী আৰু গৃহিণীৰে সৈতে আৰু লগত আন চাৰি-পাঁচজন ভদ্ৰলোকক লগত লৈ সেই ভাৱনা কৰিছিলোঁ। তালৈ কালীৰ প্ৰতিমা দৰ্কাৰ। সম্বলপুৰত সেই প্ৰতিমা দুৰ্লভ হোৱাত, মই দুদিনৰ ভিতৰতে নিজ হাতে মাটিৰ কালীমূৰ্তি সাজি লৈ সেই কাৰ্য সুন্দৰৰূপে সামধা কৰিলোঁ।

 আপোনা-আপনি চেষ্টা কৰি সৰুতে মই চিত্ৰ-বিদ্যাতো অলপ-অচৰপ জ্ঞান লভিছিলোঁ। অসমত কীৰ্তনঘৰ বা নামঘৰবোৰৰ বেৰ গোবৰ মাটিৰে বা শুদা বোকাৰে লেপা নিয়ম নাই। তাৰ ভকতীয়া ব্যাখ্যা এই—ইন্দ্ৰদ্যুন্ম ৰজাই হৰিকীৰ্তন শুনি থাকিবলৈ সহস্ৰ কাণ প্ৰাৰ্থনা কৰিছিল। তেওঁৰ প্ৰাৰ্থনা পূৰ্ণ কৰা হ’ল। তেওঁৰ সহস্ৰ কাণেই কীৰ্তনঘৰৰ বেৰৰ সহস্ৰ বিন্ধা। মোৰ মনেৰে নামঘৰৰ বাহিৰত বহা আৰু থকা মানুহৰ কাণতো যাতে নাম-কীৰ্তনৰ ধ্বনি আহি অবাধে পৰে, এই অভিপ্ৰায়েৰে মহাপুৰুষে এই ব্যৱস্থা কৰিছিল। শ্ৰীশঙ্কৰদেৱ ৰচিত বৰগীতত আছে,—

বলহু ৰাম-নামেসে মুকুতি নিদান।
বুলিতে এক, শুনিনে শত নিতৰে,
নাম-ধৰম বিপৰীত।

 আমাৰ ঘৰৰ এনে কীৰ্তনঘৰৰ বেৰা এখনৰ এডোখৰত কুমাৰ-মাটি লেপি মই মনে মনে শ্ৰীকৃষ্ণলীলাৰ ছবি গোটাচেৰেক হেঙুল-হাইতালেৰে আঁকিছিলোঁ। কীৰ্তনঘৰৰ বেৰ লেপাৰ নিচিনা অবিধি কাৰ্য দেখিও, তাত কৃষ্ণমূৰ্তিবোৰ থকাৰ বাবে পিতৃদেৱতাই মোৰ দায় নধৰি, সেই মূৰ্তিবোৰ অনেক কাললৈকে ৰক্ষা কৰিছিল। দেউতাৰ মৃত্যুৰ পিছত কীৰ্তনঘৰৰ জীৰ্ণসংস্কাৰৰ সময়তহে সেই মূৰ্তিবোৰ বিলোপ হয়।

 আজিকালিৰ কথা কব নোৱাৰো, সেই কালত শিৱসাগৰৰ গণকপটিত নাম-কীৰ্তনৰ বৰ পযোভৰ আছিল। হৃদয়স্পৰ্শী সুললিত হীৰানামৰ নিমিত্তে গণকপটি সুবিখ্যাত