সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
মোৰ জীৱন-সোঁৱৰণ

মোৰ প্ৰবেশ ঘটিল। তাৰ হেডপণ্ডিতজন আৰু দ্বিতীয় পণ্ডিতজন বঙ্গদেশীয়; তৃতীয় পণ্ডিতৰেপৰা আৰম্ভ কৰি তলৰ কেইজন অসমীয়া আছিল। হেডপণ্ডিতজনৰ নাম তাৰক বাবু (তেওঁৰ উপাধিটো পাহৰিলোঁ), দ্বিতীয়জনৰ নাম প্ৰাণকৃষ্ণ কৰ। যিজন তৃতীয় পণ্ডিতৰ তলত মই বঙ্গলা বিদ্যা উপাৰ্জ্জন কৰিবলগীয়াত পৰিছিলোঁ তেওঁৰ নাম লম্বোদৰ আছিল। তেওঁ তেওঁৰ উপাধিৰ ঠাইত দত্ত নে দাস লেখিছিল, মোৰ মনত নাই; কিন্তু এই দুটাৰ এটা নিশ্চয় হব। সেইকালত অনেক অসমীয়া শূদ্ৰ জাতৰ মানুহে, বঙ্গালীৰ দেখাদেখি নিজৰ নামৰ লগত দত্তৰ নিচিনা বঙ্গালী উপাধি লগাই দিয়া দেখিছিলোঁ। তেওঁলোকৰ মনত এবাৰো বোধকৰোঁ খেলোৱা নাছিল যে দাস উপাধিটো শাস্ত্ৰমতে লেখি চলাই দিব পাৰিলেও, দত্ত উপাধি অসমীয়াৰ পক্ষে অচল। যি হওক, কোনো কোনো অসমীয়াইতো দত্ত হৈয়েই আহুকাল-খৰিয়ালৰ হাত সাৰি ডাঢ়ি-চুলি পকাই দিছিল। মাথোন এদিন এজন অসমীযা দত্তৰ নাওখন দৈবাৎ এদিন আমাৰ ঘৰত ঘপকৰে চটত লগা দেখিছিলোঁ। আমাৰ ঘৰৰ চৰাতে পৰ্বতীয়া গোসাঁইৰ সম্পৰ্কীয় এজন বঙ্গালী ভদ্ৰলোক বহি আছিল; এনেতে অসমীযা দত্ত এজন উপস্থিত হ’লহি। তেওঁক সেই বঙ্গালী ভদ্ৰলোকজনেৰে চিনাকি কৰি দিয়াৰ পিছত, বঙ্গালীজনে তেওঁৰ নাম সুধি যেতিয়া দত্ত পালে, তেতিয়াই তেওঁ কোন খেলৰ, কোন মেলৰ দত্ত এইবোৰ প্ৰশ্নেৰে তেওঁক তহিলং কৰি পেলালে। দত্তই “আম্‌তা আম্‌তা” কৰি অলপপৰ থাকি সভা ত্যাগ কৰিহে এই আহুকলীয়া অৱস্থাৰ হাত সাৰিছিল।

 লম্বোদৰ পণ্ডিতৰ বৰণটো ক'লা, মুখত গুটি-সাঁচ আৰু বয়স ভৰ ডেকা আছিল। তেওঁব ছাতৰক পঢ়োৱা গঢ়টোও সেইকলীয়া স্কুলমাষ্টৰীয়া প্ৰথাৰে অভিন্ন আছিল। মই তেওঁৰ ৰুদ্ৰ তেজেৰে তাপিত হৈ, তেওঁৰ অসমীয়া মুখৰ দ্বাৰাই উচ্চাৰিত হৈ জাত এৰা বঙ্গলা শুনি, শিকি আৰু পঢ়ি, চকু মূৰ মুদি কোনোমতে এবছৰ কটাই দিছিলোঁ। মোৰ বঙ্গলাস্কুলীয়া জীৱনত ঘটা দুটা কথা মাথোন মনত আছে। এদিন মোৰ পেট কামুৰিছে বুলি মই হেডপণ্ডিত তাৰক বাবুৰ ওচৰত ছুটী লবলৈ গৈছিলো। তাৰক বাবুৱে মোক পাই আমাৰ কোমল-চাউল-ভোজনৰ বিৰুদ্ধে অনেক ৰসিকতা কৰি এটা বুজন বিধৰ বক্তৃতা শুনাই দিলে। কাৰণ তেওঁৰ সুযোগ উপস্থিত যে মোৰ ছুটীৰ দখাস্ত “পেচ কৰা” কাৰণটো পেট-কামোৰণি আছিল। হেড্ পণ্ডিত বাবুব বক্তৃতাৰ অন্তত মোৰ মনত খেলাইছিল যে কি লাজৰ কথা, কি “শৰমত মৰিবৰ” কথা, যে আমি অসমীয়াবোৰে কোমল-চাউল খোৱাৰ নিচিনা অসভ্য কাম কৰোঁহঁক। অৱশ্যে এই ধিক্কাৰৰ কাৰণটো মোৰ পেটৰ কামোৰণি নহয়; কিয়নো, আমুকাই একো একোদিন তাতকৈও ডাঙৰ ডাঙৰ পেট কামোৰণি নাগাৰ্জ্জুনৰ বড়ি খাই অম্লানবদনে হজম কৰিছিলোঁ; কাৰণটো হেড্পণ্ডিতৰ বক্তৃতাৰ ফলত হোৱা জাতীয় কাৰ্যৰ নিমিত্তে আত্মাগ্নানিৰ পোৰণি। আমাৰ আদৰ্শ বঙ্গবিদ্যালয়”ৰ আদৰ্শ বঙ্গালী হেড্পণ্ডিত সৰ্ববিদ্যা-বিশাৰদ তাৰক বাবুৱে কোমল-চাউলক এনেকৈ কুকুৰে কাঁইট নোখোৱাকৈ যেতিয়া ককৰ্থনা কৰিছে, আৰু সেই ককৰ্থনা তেওঁৰ বিদ্যাৱন্ত মুখ-নিঃস্বত, কোমল-