পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
তূতীয় আধ্য়া

ধৰিলে; কিন্তু ধাৰে নিয়া ধন অনেক দিনলৈকে সেইজনে ফুকৰ ডাঙৰীয়াক ওভোতাই দিবৰ নাম নকৰে। ধৰৱাৰ নিশ্চিন্ত গতি দেখি বাৰচেৰেক ফুকনে ধাৰ সাধিলে, কিন্তু ফল একো নফলিল। শেষত নিজৰ মনৰ সন্তোষৰ অৰ্থে, তেওঁ এই পদ্যটো ৰচনা কৰি সমাগত বন্ধু সকলৰ আগত সুৰ ধৰি গাবলৈ ধৰিলে। যথা-

দলৈ ( অমুক) ৰে
ডবা বাদ্য কৰে,
তাৰ ধন আজিলৈকে বাকী।
(অমুকৰ) কথা শুনি
মৰোঁ টকা ভৰি,
ইকি (অমুকৰ) ফাকি॥

 এই lampoon অৰ্থাৎ বিদ্ৰুপাত্মক পদ্য কেইশাৰীয়ে ধৰুৱাৰ দ্বাৰাই ধাৰ শুজাব পাৰিছিলনে নাই কব নোৱাৰোঁ; কিন্তু ইযে ফুকনৰ মনৰ খেদ অনেক পৰিমাণে কমাইছিল, তাৰ ভুল নাই; কাৰণ তেতিযা প্ৰায় সকলো ৰসিক ভদ্ৰলোকৰ মুখে মুখে এই পদ্য কেশাৰী বাগৰি ফুৰি তাৰ উদ্দেশ্য ( mission) এক প্ৰকাৰে সিদ্ধি কৰিছিল।

 গজপুৰীয়া বৰুৱা ডাঙৰীয়াৰ সম্পৰ্কেও এটি ক্ষুদ্ৰ আমোদজনক কথা মোৰ মনত আছে। তেখেতৰ এটা ঘোঁৰা আছিল , ঘোঁৰাটো বেগী বা চোকা যে নাছিলেই, বৰং সি বটুৱা বদ্‌নামৰো হাত সাৰিব পৰা নহয়। ঘোঁৰাটোৰ মন্থৰ গতিত বা “বেগতিত” বৰুৱা ডাঙৰীয়া বিৰক্ত হৈ, এদিন তাক প্ৰকাশ্যে এইবুলি ভৎসনা কবি লজ্জা দিছিল- “ইস্ নেদেখিছা। জানিবা ইন্দ্ৰৰ উচ্চৈশ্ৰৱাডোখৰহে? বোলোঁ তিওয়া বুটমাহ খোৱাহে খোৱা, খোজ কাঢ়িবৰ ফালে মন হলে নাই।”

 দুখন ডাঙৰ শুৱালকুচীয়া হোলোং নাৱেৰে আমি গুৱাহাটীৰপৰা শিবসাগৰলৈ যাত্ৰা কৰিলোঁঁহঁক। গুৱাহাটীৰপৰা শিৱসাগৰলৈ উজাই আহোঁতে আমাৰ ২২|২৪ দিন লাগিছিল। ব্ৰহ্মপুত্ৰইদি উজাই অহা এই কালডোখৰ মোৰ পক্ষে অপাৰ আনন্দৰ কাল। ফাগুনৰ শেষ-ছোৱা আৰু চ'তৰ আগছোৱাত বোধকৰো এই নৌকাযাত্ৰা সঙ্ঘটিত হৈছিল। ধৌতময শুভ্ৰ বালিৰে দুকাষে দুটা তিৰবিৰোৱা পাৰি দিয়া, নিৰ্মল ব্ৰহ্মপুত্ৰখন মোৰ মনত ফটিকৰ সূতাৰে বোৱা এখন ডাঙৰ চেলেং কাপোৰ যেন লাগিছিল। আৰু তৰি থোৱা সেই বগা চেলেংখনত দুটা কলা টোকাপৰুৱা বগাই যোৱাৰ নিচিনাকৈ আমাৰ নাও দুখন চৰিব ঠেলাত যোৱা যেন লাগিছিল। একো একোটা বালিক দূৰৰপৰা একো একোটা “দানাদাৰ দোবৰা” চেনিৰ পৰ্বত যেন আৰু একো একোটা মটীয়া বৰণৰ কাশীৰ চেনীৰ দম যেন দেখিছিলোঁ; আৰু দুপৰীয়া টেঙা খাবৰ মন যোৱা কালডোখৰত একো একোটা বালি লোণৰ পৰ্বত বুলি কল্পনা কৰিছিলোঁ। দুপৰীয়া আৰু গধুলি কোনো এটা বালিৰ কাষত নাও ৰাখিলেই, মই সকলোৰে আগেয়েই একেজাপেই নাৱৰপৰা বালিত পৰি আনন্দত ম’ৰাচৰাইৰ পোৱালি লৰি ফুৰাদি ফুৰিছিলোঁ। মনত এনে ভাব, যেন চকুৰে দেখা দূৰলৈকে য’ত বালি দেখিবলৈ পোৱা গৈছে, এটাকো বাদ