ইংৰাজী শিকিবলৈ আৰু নিজৰ ল'ৰাবিলাককো ইংৰাজী স্কুলত নাম লগোৱাই দি ইংৰাজী শিকিবলৈ উৎসাহিত কৰিলে। লখীমপুৰত তেতিয়া ইংৰাজী-বঙলা কোনো বিধৰ স্কুল নাছিল। মোৰ অগ্ৰজ দুজন আৰু মোতকৈ ডাঙৰ ভাগিন এজনৰ ইংৰাজী শিক্ষাৰ সুবিধাৰ নিমিত্তে আৰু লগে লগে স্থানীয় মানুহৰ ল'ৰাকো সেই সুবিধা প্ৰদান কৰিবৰ নিমিত্তে অহোপৰুষাৰ্থ কৰি দেউতাই লখীমপুৰত এটা ঘৰ সজাই ইংৰাজী স্কুল এখন স্থাপন কৰিলে। সেই স্কুলত মাষ্টৰী কৰিবৰ নিমিত্তে শিৱসাগৰৰপৰা তীৰ্থনাথ উকীলৰ পুতেক পদ্মনাথ শৰ্মা নামে, আমাৰ দৰে সম্পকীয় আত্মীয় এজনক দেউতাই লখীমপুৰলৈ আনি নিজৰ ঘৰতে আশ্ৰয় দি ৰাখিলে আৰু দুই তিনিজন ইংৰাজী জনা মানুহ সংগ্ৰহ কৰি তেওঁলোককো মাষ্টৰ নিযুক্ত কৰিলে। দেউতা লখীমপুৰত মুঞ্চেফ হৈ থকাডোখৰ কাল সেই স্কুল সুন্দৰৰূপে চলিছিল।
লখীমপুৰীয়া স্মৃতিৰ ভিতৰত আৰ এজন সজ লোকৰ কথা মোৰ মনত আছে। তেওঁৰ নাম শ্ৰীযুত ঘিণাৰাম বৰুৱা মৌজাদাৰ। মৌজাদাৰ ঘিণাৰাম বৰুৱা পুৱা-গধুলি সদায় আমাৰ ঘৰলৈ আহিছিল আৰু দেউতাৰ বৰ প্ৰিয়াপাত্ৰ আছিল। আমি ল'ৰাবোৰেও তেওঁক নথৈ ভাল পাইছিলোঁ; কাৰণ তেওঁ বৰ নিজ মানুহ আছিল আৰু আমাক বৰ মৰম কৰিছিল। কোৱা বাহুল্য যে মৰমে ল’ৰাৰ মন যেনেকৈ আকৰ্ষণ কৰি মৰম কৰোঁতাৰ ফালে টানে, আন একোৱে তেনেকৈ নোৱাৰে। তেওঁ দেউতাৰ কাষৰপৰা আঁতৰিলেই তেওঁৰ কোলা আমাৰ দখললৈ সম্পূৰ্ণৰূপে এৰি দিছিল। তেওঁ গা-গাৰিয়ে শকত আবত নাছিল বৰ; ক্ষীণোৱাও নাছিল; ওখইও মজলীয়া বিধৰ আছিল। দেউতাৰ কাষত বহি নিজৰ কাপ মৈলাম লৈ, তেওঁ সেই কালৰ ডাঙৰ ঘুৰণীয়া ৰঙা-ক’লা ছাবৰ ষ্টাম্প কাকতত খৎ দলীল ইত্যাদি লেখা দেখিছিলোঁ। তেওঁৰ তিনিটি পুতেক আছিল; তেওঁলোক সততে আমাৰ ঘৰলৈ আহি আমাৰে সৈতে ধেমালি ধুমুলা কৰিছিল। মৌজাদাৰৰ এটি পুতেক মোতকৈ ভালেমান ডাঙৰ আৰু দুটি মোৰ সমনীয়াই হওক, নাইবা মোতকৈ সৰুৱেই হওক, এনে বিধৰ আছিল। সেই দুটিৰ এটি আজি কালি আসামত সু-বিখ্যাত শ্ৰদ্ধাষ্পদ শ্ৰীযুক্ত পদ্মনাথ বৰুৱা।
চিপাহী বিদ্ৰোহৰ ঢৌৰ কোব আসামতো আৱিষ্কাৰ কৰাৰ সম্পৰ্কে বিশেষ ৰূপে খ্যাতি লাভ কৰোতা হৰনাথ পৰ্বতীয়াৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীযুত হলিৰাম বৰুৱা (যি পিছত এছিষ্টেণ্টৰ পদ পাইছিল) কাছাৰীত হেডক্লাৰ্ক পদতেই হওক বা আন কোনো তেনে পদতেই হওক, লখীমপুৰলৈ আহি আমাৰ টোলতে, দেউতাই সজাই দিয়া ঘৰত আছিলহি। তেওঁ হিন্দুৰ অখাদ্য চৰাই-কুকুৰা ভোজন কৰে বুলি মিছাকৈ কোনে মোৰ মনত বিশ্বাস জন্মাই দিছিল কব নোৱাৰো, সই দেখি পৰাপক্ষত তেওঁৰ ঘৰৰ ফালে মই নগৈছিলো। সম্ভলতঃ তেওঁ নিজেই মোৰ সৈতে কৌতুক কৰিবলৈ সেই কথা কৈ মোক ভয় খুৱাইছিল, কাৰণ মোৰ মনত আছে, এদিন তেওঁ ভাত খাবৰ সময়ত, মোক মাতি নি তেঁওৰ বাটিত থকা পাৰচৰাইৰ আঞ্জা দেখুৱাই মোক কুকুৰাৰ আঞ্জা