গুৰুগম্ভীৰ গৰ্জন কাণৰ বিন্ধাত সোমাবলৈ নিদিওঁ,আৰু অনেক সময়ত ককাই খাই-বৈ দুপৰীয়া শোওঁতে তেওঁৰ গা পিটিকি দি,নাইবা পিঠিৰ ঘামচি মাৰি দি, সেই সেৱা শুশ্ৰুষাৰ ভেটীৰে তেওঁক শান্ত কৰি আগন্তুক বিপদৰ হাত সাৰোঁ। কিন্তু একো একো দিন আমাৰ দূৰদৃষ্টৰ ফলত এনেকুৱা শান্তিপ্ৰদ ভেটীয়েও ককাক শান্ত কৰিব নোৱাৰে। তেওঁ বালক আচামীবোৰৰ পৰা অসঙ্কুচিত চিত্তে ভেটীও খায়, আৰু নিমখহাৰামী কৰি আচামীৰ বিৰুদ্ধে সাক্ষীও দিয়ে। ফলত, দোষৰ গুৰুত্ব-লঘুত্ব অনুসাৰে দেউতাৰ পৰা আমাৰ দণ্ড লাভ হয়। আমাৰ দায়দোষৰ বৃত্তান্ত মজিয়াৰ সভাত দেউতাৰ আগত ‘পেচ’ কৰাৰ আগতে ককাৰ গাত কিছুমান পূৰ্ব লক্ষণ প্ৰকাশিত হয়। সেই পূৰ্ব লক্ষণবোৰ তেওঁৰ গাত এনেকৈ ফুটি ওলায়, যে আমাৰ তীক্ষ্ণ দৃষ্টিৰ অগোচৰ হোৱাটো এক প্ৰকাৰ অসম্ভৱ। ককাক এনে লক্ষণাক্ৰান্ত দেখিলেই আমাৰ ‘আহাৰানন্দ’ টুটি গৈ মন চুটি হৈ পৰে। ককাৰ মূৰটো যদিও খুৰুৱা,তথাপি মাজৰ চুলিকোছাৰ দখলত থকা ঠাইৰ ক্ষেত্ৰফল বা কালি খুৰুৱা ডোখৰৰ ক্ষেত্ৰফলতকৈ কোনো মতে ন্যুন নাছিল। তেওঁৰ দীঘল চুলি কোছাৰ আগত টিকনিৰ যিটো থোপোৰা গাঁথি আছিল,সেইটোও পৰি মৰা বিধৰ নাছিল। ভূঁইকঁপৰ আগতে যেনেকৈ প্ৰকৃতিৰ এটা গমগমীয়া আকৃতি দেখা যায়,আমাৰ বিৰুদ্ধে মোকৰ্দমা ‘ৰুজু’ কৰিবৰ আগতে ককাৰো তেনে এটা আকৃতি পৰিলক্ষিত হয়। মুহুৰ্ততে তেওঁৰ গলধনত সুগন্ধ ফুল আৰু তুলসীৰ নিৰ্মালিৰে বিভূষিত হৈ মহাসুখে পৰি থকা চুলিৰ অগ্ৰবিলম্বিত গাঁঠিয়ে উগ্ৰমূৰ্তি ধৰি ককাৰ হাতৰ সহয়েৰে তেওঁৰ ব্ৰহ্মতালুৰ ওপৰত উঠে আৰু আমাৰ প্ৰতি বিৰুদ্ধ ভাব প্ৰদৰ্শন কৰি নিৰ্মমভাৱে ফেৰ পাতে। এনে signal অৰ্থাত সাংকেতিক চিহ্নই আমাক ক’বলৈ আৰু বাকী নাৰাখে যে,“ল’ৰাহঁত,তহঁতৰ ফালে পতং”! আমাৰ বিৰুদ্ধে ককাৰ যুদ্ধ যাত্ৰাৰ এইটো প্ৰথম stage বা অৱস্থা। দ্বিতীয় অৱস্থাটোক বজ্ৰপাতৰ আগতে বিজুলীয়ে চমক মৰাৰে সৈতে ৰিজাব পাৰি। তেওঁ আমাৰ ফালে চাই মূৰ দুপিয়াই আৰু দুই তিনিটা মিচিকিয়া হাঁহি মাৰে। তৃতীয় অৱস্থা – ইয়াৰ পিছতে দেউতাৰ প্ৰশ্ন, –“কি হৈছিল?” চতুৰ্থ অৱস্থা – “আজি লক্ষ্মীনাথে” ইত্যাদি অভিযোগ। পঞ্চম stage বা conclusion অৰ্থাৎ সামৰণি – দেউতাৰ হাতত সেইদিনাই বা পিছদিনা আমাৰ লাঞ্ছনা। যি হওক,এইটো কোৱা উচিত যে তথাপি আমি ল’ৰাবোৰে ককাক প্ৰাণ ভৰি ভাল পাইছিলোঁহক,কাৰণ ককা আমাৰ ককা, আমাৰ ককা আমাৰ ধেমালিৰ লগৰীয়া আৰু সাধুকথাৰ ডাঙৰ থুনুপাক। এটা মহৎ গুণ ককাৰ গাত আছিল; তেওঁৰ অন্তৰটো বৰ কোমল। আমাৰ উদ্ভণ্ডালিৰ বাবে দেউতাৰ হাতত মাৰ খুৱাবৰ গুৰি যদিও তেৱেঁই হয়,কিন্তু দেউতাই আমাক একোব দুকোব লগাওঁতেই তেৱেঁই আমাৰ ওপৰত পৰি আমাক মাৰৰ হাতৰ পৰা ৰক্ষা কৰে।
সেইডোখৰ কালত ককাৰ বয়স ৩৫-ৰ কম আৰু ৪০-ৰ ওপৰ নাছিল। কিন্তু তেতিয়াও তেওঁ অবিবাহিত। আমি যতদূৰ জানো, আগৰ দিনত অসমীয়াৰ ভিতৰত মতা মানুহে কম বয়সত বিয়া কৰোৱা দস্তুৰটো নাছিল বুলিলেই হয়। ডেকা ত্ৰিশ-