মাটিৰ মালিতা
মা টি ৰ মা লি তা
মাটিৰ মালিতা
কেশৱ বৰা
matir malita
a collection of selected verses composed by keshab bora,
published by pranjal kumar mahanta on behalf of aalibaat,
kahilipara, kalyani xagar path, guwahati-19. assam. Price: Rs. 80.00
মাটিৰ মালিতা।
কবি
কেশৱ বৰা
প্ৰকাশক
প্ৰাঞ্জল কুমাৰ মহন্ত
আলিবাট
কাহিলিপাৰা, কল্যাণ সাগৰ পথ
গুৱাহাটী-১৯
ফোন ⵓ+৯১ ৯৮৫৪৫ ১৯৪৮৮
মুখ্য পৰিৱেশক
বনলতা
পাণবজাৰ, গুৱাহাটী-১
প্ৰচ্ছদ ⵓ প্ৰাঞ্জল চোলাধৰা
প্ৰথম সংস্কৰণ
এপ্ৰিল, ২০১৩
© কবি
All rights reserved. No Part of this book may be reproduced in
any form or by any means, electronic or machanical, including
photocopying, recording or by anyinformation storage, without
permission in writing from the writer.
মূল্য ⵓ আশী টকা
ⵓ মুদ্ৰণ ⵓ
ডেষ্টিনী প্ৰিন্টিং প্ৰেছ
ৰাজগড ৰোড্, উপপথ নং-১১, গুৱাহাটী-৭৮১০০৩
পত্নী নিভাৰ হাতত...
সূচী...............................
কাব্যাংশ ⵓ
■ অথবা উৎসৱ | ১ ■ আধা আকাশৰ আধা | ৩ ■ আঁচলৰ গাঁঠিত সপোন | ৫ ■ ভেটিৰ ছোৱালীজনী | ৭ ■ মিচিমিৰ অসুখ | ৯ ■ মালিতাত মালি বায়ন | ১১ ■ জিল্মিল্ | ১৩ ■ এ’লিজি | ১৫ ■ ইচ্ছাপত্ৰ | ১৭ ■ বাক্হীন | ১৮ ■ মানুহটো | ২০ ■ নতুন বাট | ২১ ■ এনেকৈয়ে | ২২ ■ পুং ডাইনী | ২৩ ■ গছা | ২৫ ■ সাঁতোৰ | ২৭ ■ আপুৰণি গান এটা ■ ২৮ বান '০৪ | ২৯ ■ মাটিৰ চাকি | ৩১ ■ অভিজ্ঞান | ৩৩ ■ পটবিন্দু। ৩৪ ■ জল কথা | ৩৫ ■ খেল | ৩৬ ■ বিষাদ কথা | ৩৮ ■ ঘৰ | ৪০ ■ ফণা | ৪২ ■ দিনলিপিত এদিন | ৪৪ ■ উৰিবৰ বাবে | ৪৭ ■ বাটচোৱা | ৪৯ ■ গোপাল | ৫১ ■ তমস্ | ৫৩ ■ কবিতাৰ অসুখ | ৫৫ ■ প্ৰেমৰ দৰে | ৫৭ ■ পানীমলা | ৫৮ ■ ভোগৰ বাৰ্তা | ৬০ ■ অসুখ | ৬১ ■ আঁৰ কাপোৰ | ৬২ ■ বলাই ৰাম সেনাপতি সমীপেষু | ৬৪ ■ চিকাৰ | ৬৭ ■
গদ্যাংশ ⵓ
জীৱন মৃত্যু | ৭১ ■ হে বসুন্ধৰা | ৭৪ ■ আত্মকথা | ৭৭ ■ এবাৰাণ্ডা পৃথিৱী | ৭৯ ■ অহৈতুকী | ৮১। ভালে আছানে মামণি | ৮২ ■ নিসৰ্গ নিৰ্যাতন | ৮৪ ■ খণ্ডচিত্ৰ: ১ কুৰুক্ষেত্ৰ | ৮৬ ■ প্ৰতিচিত্ৰ: ১ ৰেষ্টোৰাঁ | ৮৭ ■ প্ৰতিচিত্ৰ: ২ ন্যায়ালয় | ৮৮ ■ কথকতা | ৯০ ■ জীৱন | ৯১
মাটিৰ মালিতা
কাব্যাংশ
ঠাইতে কাটো, দৈত্য কাটো
কাটো ইহচণ্ড
বিষচণ্ড, হাতচণ্ড
বাতচণ্ড, কুচত মাতচণ্ড
চৌষষ্ঠি চুৰচণ্ড
কাটি কৰো খণ্ড খণ্ড
অজলা উঠিছে পিছলা বাঁহতে
দূৰৈকৈ চাওঁ বুলি
সাতো সমনীয়াই ফুৰে দেওপাৰি
কেঁকোৰাই খাইছে খুলি
পথাৰত মৰিশালি গজিছে
নৈয়ে সাঁতোৰ পাহৰিছে
শিলে ভৰ কৰিছে আমাত
ছৈ দিয়া গৰুগাড়ী এখন আহি আছে
টিলিঙাৰ লহৰৰ ফাঁকে ফাঁকে
ছয়া-ময়া মুখ এখনে চান্দে
কাঁইটীয়া বুলনিত
আমি নিঃপালি দিলে
বগা সাজ পিন্ধি উৎসৱ আহে।
তেজলগা চিঞৰৰ
সাঁফৰ খুলিবৰ হ’ল
মহুৰা ফুৰাবৰ হ’ল কাজীতৰা
দেওধনী জকাৰ আগতে
এসোঁতা কান্দি ল’বৰ হ’ল।
নোখোৱা?
মিঠা নাই কাৰণে নোখোৱা
খালেহে ডাঙৰ হ’বা
কত হ’বা
ডেকা হৈ খেতি কৰিবা
আমাৰ তলিফুটা ডুলিটোৰে
মেওজনীৰ দৰে সৰকি গৈ
মোৰ বোপায়ে
যুৰীয়া ভঁৰাল সাজিবা
টোপনি ধৰিছে
অই অই শুব শুব
মোৰ সোণাই শুব
কণা গোঁসাই
মানুহটোক কিয় কাঢ়ি নিলি ঐ
আ- মা - ৰে ম - ই - না - শু - ব
বা - ৰী - তে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰিব
ম - ই - না - ই বু - ট - লি
খা - ব - এ - এ - ।
ঠোঁটৰ পৰা টুপকৈ
সৰিল গুটি এটি
কোৰোকীয়া পুখুৰীৰ
নিথৰ পানীত উঠা
এখুদ ঢৌটোৱে
বিশাল কায় ধৰি
বুৱালে ৰ’দে ডকা
পথাৰ আমাৰ
ঘাম হৈ
তেজ হৈ
চ’ৰাঘৰ বৰঘৰত
সোমালহি তাই।
মই পাগলৰ দৰে ডাক্তৰ-কবিৰাজ বিচাৰি
ইখনৰ পৰা সিখন গাঁৱলৈ দৌৰো
তুলসী তলত চাকি জ্বলাওঁ
মন্দিৰ, মছজিদ, দেৱালয়ত
চকুলোৰ চাকি আৰু মম আগবঢ়াই
অকলে নিজানত বহি থাকো
তোৰ কলগানটোত
আৰু নবজাবি বৰষুণৰ বেহেলা
কাবৌ কৰিছো তোক
লাগিলে মই বৰবিহ খাব
চেলেকিম কালহীৰা।
মোৰ দুৱাৰ মুকলি নোহোৱা পাঠশালাৰ
কৃষ্ণফলিৰ আখৰ মোহাৰা গাৰুটো
আৰু সন্মানীয় আলহী বহা চকীখনৰ
কুচনেৰে পাতি দিছো পাটি
নেকান্দিবি শুই থাক মিচিমি
শুই থাক।
ওঁঠত শিল
হাত ভৰিত শিপা
ৰজ্নজন্ নিস্তব্ধতা এটা
দুটা শৰত পাৰ হওঁতেই
বিস্মৃতি তুমি
তোমাক অৰ্পিবলৈ
আমাৰ শূন্য চকুত
নুফুলিল এপাহো ফুল
মাথোঁ বতাহত আহিছে ভাহি
খোলৰ বিহ্বল বোল
ইতা ধিনিক্ থেই
ধেই ধেই ধেই।
নিজান জাৰণিতে
থ’ব কবি
বাঁহীটি লুকুৱাই
সৰাপাতৰ নাচোনৰ
চেও গজিল
ভৰিত
হাতত
দেহত
জিল্মিল্ৰ ভু ল’বলৈ
দেৱ পেহা দেশান্তৰী হ’ল। ★
★ সমনীয়া জিল্মিল্ শৈশৱতে পানীত বুৰি ঢুকাল।
বহু জটিল প্ৰশ্নৰ উত্তৰ
তেতিয়া
লাহি পাখিৰ
পখিলা এটাই উৰি আহি
গুণগুণোৱা নাছিল নেকি কাণে কাণে
‘জীৱন জীৱন বৰ অনুপম’
বুকুখন থওঁ ক’ত
শিলনিত
ক’ত থওঁ এতিয়া?
ৰাগৰ কৰুণ বিস্তাৰণ।
চকুৰ মণিত তোৰ
ৰমণৰ মুগ্ধ পখিলা
স্ফীত স্বৰযন্ত্ৰত মাথোঁ
ভোমোৰাৰ গুঞ্জন।
গাই থাক
গাই থাক
ৰাতি নোপুওৱালৈকে।
জাহ গ’ল মৰ্মন্তুদ আৰ্তনাদ
বন্দী মানুহৰ স্বপ্ন
দাউ-দাউকৈ চিতাত জ্বলিল
সি বুকুত লালন কৰে ওলমুকুতা
বিষধৰ সাপ পোহে
সতীপূজন মন্দিৰ সাজি
ভৱিষ্যৰ বেশ্যাক কৰে প্ৰতিপাল।
হত্যাকাৰী বা গভাইতৰ বহুবচনত
আছে নেকি বাৰু
মোৰ, আপোনাৰো নাম?
বুকুখন বখলিয়া
মূৰটো ফাল
নাৰীক নিদিবি কৰিব লগ
হৰা দি নিবীৰ্য কৰ তাক।
আন্ধাৰ কাটি কাটি
আধাৰ সি যুগে যুগে।
হালধীয়া আৰু নীলা পানীও
সেউজ হ’ল কেতিয়াবাই
শৰীৰৰ শিৰাৰে বৈ থকা
অ’ আমাৰ পিয়াহৰ নৈ
বাৰে বাৰে বন্দী কৰি
কিমাননো আৰু বুকুৰ পাৰ ভাঙ!
মেল বহিল
খেল ফালিল
নোলাল আপদীয়া বা ছাটিৰ পঁজাল
ভুলকৈ যি নুমুৱালে বুলি ভাবে
মাটিৰ চাকিটো।
আকাশ পৃথিৱী ছানে
ছলনাৰ পদে
তেজ ডোঙাপতা পথাৰত
ছোঁ এটাই পহৰা দিয়ে
তিলনি ডৰাৰ পৰা
কুঁৱলী ভেদি
ভাঁহি আহে
এষাৰ কৰুণ মাত। ■
চিলিঙত ওলমি থাকে এলান্ধু।
নিজৰ ঘৰ
পোহৰ নাই বাবেই
নেথাকো বুলি কেনেকৈ কয়!
ওপৰ মহলাৰ ৰূপালী পৰ্দাত
অনন্ত যৌৱনাৰ লয়লাস
উতনুৱা তৰাৰ পোহৰত উফৰি ফুৰে
অজলা সপোনৰ নক্সা,
হাত মেলি মেলি ধৰিবলৈ
এটাৰ ওপৰত আনটো
কিমান যে দেওলগা ঘৰ!
কালঘাম সৰে
জৰ্জৰ্
মণিটো মঙহৰ বেহুত পৰ দিয়া
কেঁহৰাজী ওঁঠত ফুটে
হিয়ালি-জিয়ালি প্ৰাৰ্থনা
বৰষুণ
বৰষুণ।
টুপকৈ পৰিছে সৰি
ঢপলিয়াই যোৱা ৰে’লৰ
তীব্ৰ উকিত।
দুপৰীয়া ⵓ
ইমান আভজা ইমান ঠুনুকা
গঢ়িলা কিনো
লাহ দি আঁতৰি গ’ল
বসন্তৰ গানো
ভাঙনৰ ভয়ত কঁপিছে ক’লাজ
ৰং খহে
ৰূপ খহে
বাৰে বাৰে লক্ষ্যভ্ৰষ্ট
আধাপেটি তীৰন্দাজ।
আবেলি ⵓ
কিহৰ ৰাগিত হ’লা মতলীয়া
কমণ্ডলুত অশ্ৰুজল
কান্ধৰ জোলোঙাত বৈছা
আত্মজা, অনুজ আৰু পুত্ৰৰ চিতাভস্ম
সংসাৰী সন্ন্যাসীঙ্গ
সন্ধিয়া ⵓ
ৰান্ধনি বেলিৰ হেঙুলীয়া এবাটি পিও
দিনৰ শেষত
এবাটিতে নিশকটীয়া দেহ
থৰক্ বৰক্
বাঁহীৰ ফু-ফুটাত কোনোমতে
ওঁঠজুৰি লগাই
ওৰে ৰাতি তোমাৰ আৰতি কৰো।
বিশেষৰ সীমাত
সিহঁতৰ জুহাল পথাৰ নাই
পৰ্বতৰ টিং
সাগৰৰ গৰ্ভ
মৰুৰ বুকুতো
চালি ধৰে গানৰ শিপাই।
চৰাই হ’ব পৰা হেঁতেন!
য-খাৰ এচুঙাও লৈ ফুৰে
কান্ধৰ জোলোঙাত তেওঁ।
সেমেকা বাটটোৰ মূৰত
মেলা দুৱাৰেৰে পঁজাটো ৰৈ আছে
কোন কাহানিবাই ওলাই যোৱা কবিজন
আজিও ওভতি অহা নাই।
ভোগৰ সোপানে সোপানে,
চোকা ফটিকাই দিব নোৱাৰা
ধানখেৰৰ বিছনাই আনিব নোৱাৰা
প্ৰচণ্ড উত্তাপ দিলে পিছদিনা
চিতাৰ লেলিহান জুয়ে।
আমাৰ সৰু পুখুৰীটোৰ
পোহনীয়া মাছকেইটাই
উৰণীয়া চৰাইৰ ছাঁ দেখি
খলকনি তুলি বুৰ মাৰিলে
গোপালে ভুমুকিয়াই
সুৱদি মাতেৰে সোধে
বৌদেউ,
ভাল মাছ দুটামান আনিছিলো...
পলসৰ সপোন বুকুত লৈ
উজানৰ কাৱৈ উজানতে হেৰাল।
গোটমৰা বগা পানীৰ
বিস্তাৰিত আয়তনে ফালে
ক’লা গ্ৰেনাইটৰ কলিজা
বিশাল ক’লা অতীত ভৱিষ্যক
বলাৎকাৰ কৰে
ক্ষন্তেকীয়া বগা বৰ্তমানে।
সেয়ে ক’লাৰ কুটুম মই
বেঁকাকৈ ক’ব পাৰি আন্ধাৰৰো।
ৰং আৰু ৰূপ,
পঢ়াশলীয়া পুথিৰ কথাবোৰেই
পাহৰি যায় কবিয়ে
বিলাসৰ বিছনাত শুইবহি লিখা
শব্দৰ শৰীৰ হয় বৰ
আউললগা নিশকটীয়া
যেন কবিতাৰ
নেৰানেপেৰা অসুখ এতিয়া।
এডোঙা তেজত
শুকান ডালবোৰে শিৰত আঁকি লৈছে
সৰু বৰ অনেক তিলক
দেহচৰুত জীয়নীয়া আগমঙহ চপৰা চপৰিয়াই
গছত ওলমা আন্ধাৰত বিজুলী বিচাৰে তাই।
নাটনিয়ে দহা তাইৰ দেহত জঁকিল দেওধনি
তৰা দুটা ফুটি জৌ-জৌৱাই সৰিল পানী
সাঁচতীয়া উঁহ উপচি
অমৃত পানীয়ে টুপটুপালে
পেটৰ পানী ভাঙি বাট কাটিলে
ন-জোনৰ
তিতি বুৰি তাই তেনেই জুৰুলি-জুবুৰি
আমাৰ পানীমলা আজি পানীমতী হ’ল।
জ্বলা নাই চাকি কোঠাই কোঠাই
আমাৰ প্ৰাণ-পিতৃৰ
ৰক্তবৰ্ণ দানৱ ৰূপ চাবলৈ।
থাকিবনে ক’ৰবাত তোমাৰ পো-পোৱালি?
বুকুত হাঁহাকাৰৰ গজাল পুতি পুতি
বৈ যায় নিৰবধি কাল।
বৰত চৰাইটোৰ
পাখিৰ লাহ লাগি
আমাৰ ফুলনিতো
সোণ-ফুলৰ পাপৰি নাচে
কলঙৰ ঘোলাপানীয়ে
পথাৰ বুৰালেও
চেনাই তই আঁতৰি
নেযাবি দেই,
জোন-বিল মেলাতে
সলনা-সলনি কৰিম আমি
বাখৰুৱা মনৰ আখৰ
বঞ্চিত মনৰ ভাগৰ।
ৰামধেনুৰ তিলক
পিন্ধাৰে পৰা
মণি-মুকুতাৰে খুন্দ খালে
তোমাৰ হাতনি পেৰা।
ৰূপহী তলিৰ এথানি-এবানি
ধানদোৱা গাভৰুৰ
লহঙা কলাফুল কঁপি
নাচোনৰ তালে তালে
গানৰ মৌ উৰে
লা-লি হিলালী লাই...
চামাদি বহলাই
শিলুৱা হিয়াও
বহলাব পাৰা তুমি
সেনাপতি বলাই।
চিকাৰ
(মনোজ ডেকাৰ সোঁৱৰণত
হীৰুদাই নেলেখা কবিতাটো)
বিনা মেঘে অকস্মাৎ
কিনো বজ্ৰপাত
একেপাত শৰে—
সিহঁতে হৰিলে
উজাগৰ চৰাইটোৰ মাত
বিজুলী খুঁটাৰে
বগাই আহিল
ৰঙা পতাকাৰ উত্তাপ
আইৰ উদং বুকুত
এছাৰ খাই পৰিল
এপাচি কৰুণ বিলাপ
কাঁহ পৰি জিন গ’ল
জহা ধানৰ কঠীয়া
মুঠিতে ৰ’ল
আজি তোৰ ল’ৰা
নতুন ইস্তাহাৰ হ’ল।
গদ্যাংশ
দুই/
বতাহে সুগন্ধ বৈ আনে, সুৰো কঢ়িয়ায়
আজিকালি বতাহে মোলৈ কেৱল পোৰাৰ গোন্ধহে লৈ আহে;
মানুহ পোৰাৰ গোন্ধ, সপোন পোৰা গোন্ধ।
মানুহে সপোন দেখে, আৱয়বিকভাৱে যিহেতু ময়ো মানুহ,
সপোন ময়ো দেখো।
উন্মাদসকলৰ কথা নেজানো।
সপোনৰো আছে নিজস্ব আকাৰ,
ওখ-চাপৰ, বহল-শীৰ্ণ, ধেনুভিৰীয়া-সৰ্পিল
কেতেকী ফুলৰ দৰে সুগন্ধি বা ওলমুকুতাৰ দৰে দুৰ্গন্ধময়
জুৰিৰ দৰে জিৰজিৰকৈ বোৱা বা চুনামিৰ দৰে বিধ্বংসী গতিৰ।
বাগিছাৰ ফুলজোপাৰ দৰে সপোনেও দাবী কৰে
প্ৰেমৰ পানী, বিশ্বাসৰ সাৰ আৰু মমতাময় আপদাল।
গুহাবাসী নহয় মই, নহয় আত্মনিগ্ৰহী সন্ন্যাসী।
পদাতিকসকলৰ দুৰ্বল সহযাত্ৰী মই।
সমদলে এৰি থৈ গ’ল মোক,
নেজানো তেওঁলোক বাটেৰে নে আওবাটে গ’ল!
সপোন পোৰা মৰিশালীৰ ভগ্নদূত মই।
তিনি/
যুদ্ধবিধ্বস্ত জনপদৰ বন্ধুৰ পথেৰে মই অহা-যোৱা কৰো।
ঘৰবোৰ মলিয়ন, পদূলিৰ তোৰণৰ মাধৈ মালতী জোপা,
ডুখৰীয়া বাগিছা
আৰু পিৰালিৰ তগৰ, খৰিকাজাঁই, গধূলিগোপাল কিজোপা
শিলীভূত হ’ল কেতিয়াবাই।
অযত্নপালিত কোঠাৰ মজিয়াত শিলকপৌ এজনীয়ে
স্মৃতিবোৰ খুঁটি খুঁটি খায়।
লেহেমখুজীয়া মইটোৰ পাছে পাছে আহি থাকে এখন আকাশ,
ভঙা কাঠ বাদাম এটুকুৰাৰ দৰে জোনটো ওলমি থাকে তাত।
বুঢ়া পাহাৰটোৰ গাৰ কুঁৱলীৰ বৰ কাপোৰখন আঁতৰ হ’লেই হয়তো
টিঙলৈ যোৱা বাটটো ওলাব—দাঁতিত হালি-জালি থকা বন তুলসীৰ
সুগন্ধই তেতিয়া চাগে মোক আৰু মোৰ সপোনক আকৌ জীয়াব।
ৰঞ্জিতা হয়। নৈবোৰে দীঘলকৈ নিশ্বাস এৰে। দিনৰ সমস্ত গ্লানি
হেঙুলীয়া বুৰুজেৰে মোহাৰি চকা পাটত বহিব খুজিলে
ছোৱালীবোৰ অপৰূপা হয়, সিহঁতৰ চকুৰ তৰাত নাচে
দেও দৰিকণা।
তিনি/
জোনটো গলি গলি বায়ৱীয় গাখীৰেৰে ধৰিত্ৰীক গা ধোঁৱালে
জিলিয়ে নোৱনী নাম জোৰে, জোনাকীবোৰে জাৰণিত প্ৰিয়জনৰ
লগত খেলত হৰাৰ আনন্দত চকু টিপিয়াই হাঁহে। নৈৰ চেঙেলীয়া
গড়াত বিহুগীত এফাকিয়ে খোপনি ধৰিবলৈ আপ্ৰাণ চেষ্টা
কৰোতে ভেলেঙী মাছবোৰ থৰ লাগে, বিপদৰ উমান পাই সুগৰী
পহুজনী ভিৰাই লৰ মাৰে। বন-বিৰিখে শীতলাই থোৱা ধূলিয়ৰী
বাটত কামছায়া গচকি উচপ খাই উঠে বাঁহীৰ সুৰ এটি।
চাৰি/
অফুৰন্ত সম্ভাৱনাৰ সম্ভাৰেৰে পথাৰে মেলি দিলে বুকু, সপোনৰ
গুটি সিঁচে মানুহে, ঘামৰ সাৰ, মঙহৰ পলস আৰু অশ্ৰু হাঁহিৰ
লুণীয়া জলেৰে মাটি হয় ৰসাল। মাটি ফুটি আশাৰ গজালি ওলায়,
লহ্পহ্কৈ বাঢ়ে, এদিন বুকুখনত দুটা পদুমকলি ফুটি আঁৰ কাপোৰ
এখন এখনকৈ আঁতৰাই মিঠা ৰহস্যৰ সাঁথৰ ভাঙে।
পাঁচ/
মাটিৰ গোন্ধে উতলা কৰা মানুহবোৰৰ গাৰ ছাল ৰ’দে ডাকে,
সৃষ্টিত অবিৰাম ব্যস্ত হাতৰ তলুৱাবোৰ খহটা হয়, জোকে
কেতিয়াবা কৰঙণত কলা তুলসীৰ পাত আঁকে— সৌন্দৰ্য
প্ৰতিযোগিতাৰ বাবে সেইজাক ডেকা-গাভৰু কেতিয়াও বাচনিত
নুঠে, সপোনৰ ভাৰ বৈ বৈ সিহঁতৰ যে শৰীৰ ক’লা পৰিল!
তাৰকাৰ সপোন সিহঁতে নেদেখে দেখে ধৰাৰ ফুলৰ-ৰঙৰ ছবিৰ।
বহু হেজাৰ বছৰীয়া কঠিন শ্ৰম আৰু অপুষ্টিয়ে সিহঁতৰ শৰীৰত
আভজা আকৃতি আৰোপ কৰে। পথাৰত শস্য উৎপাদন কৰে
সিহঁতে কাৰখানাত সঁজুলি নিৰ্মাণ কৰে সিহঁতে, বিপণনৰ ভাৰ বয়
সিহঁতে, ৰাষ্ট্ৰ নিৰ্মাতা সিহঁত, সংস্কৃতিৰ স্ৰষ্টা সিহত আৰু
অৱহেলিতও সিহঁত জাক। কঠিন ভূমিত ভৰি গুজি নষ্ট ৰাষ্ট্ৰৰ
সৌধ নিকপ্কপীয়াকৈ ৰখা খুঁটাবোৰ আন্দোলিত কৰিব পৰা
ভূইকঁপটো নাহিল এতিয়াও! আপামৰ মানুহ বন্ধ জলাশয়ৰ
লেখীয়া হ’ল– মাজে মাজে বোকা-পানীৰ পৰা আঁতৰত
অৱস্থান কৰা উচ্চশিক্ষিত কোনো শ্ৰমিক-কৃষকে দলি একোটা
নিক্ষেপ কৰে নিস্তৰঙ্গ জলাশয়লৈ— মিহি ঢৌ তুলি পাৰত ঠেকা
খোৱাৰ আগতেই শেষ হয় তাৰ নিস্তেজ তেজ!
ছয়/
প্ৰকৃতি সন্তান মানুহবোৰ হাৰিও নেহাৰে, মৰিও নমৰে। পথাৰে-
পাকঘৰে, নৈয়ে-নিজৰাই, জোন-বেলিয়ে, মায়া-মমতাই, অশ্ৰু-
ঘামে সিহঁতক উজ্জীৱিত কৰে পুনৰাই—নিৰ্মিত হয় আশা-
মমতা, প্ৰেম-ভাতৃত্ব আৰু প্ৰাণৰ কৃষ্টি। তেওঁলোকৰ চকুৰ তৰাৰ
পোহৰে বাট উজ্বলাই মোৰো— হে বসুন্ধৰাৰ আপোন মানুহ, মই
তোমালোকৰেই সহযাত্ৰী।
মেচেকা এটাই দাঁত নিকটাই খেদি আহিল, বিতত হৈ দীঘলনলীয়া
দা-খনেৰে দিলো এটা ঘা, তেজৰ একা-বেঁকা পটি আঁকি উভতি
চেকুৰিলে সি। মোৰ ভিতৰৰ ক’ৰবাত এতিয়াও লাগি আছে সেই
তেজৰ চেঁকুৰা; জোপোহাৰ আঁৰত ডিঙি মোহাৰি মৰা দুদঁতীয়া
খাহীটোৰ ধৰ্ফৰণিৰে প্ৰায়ে টোপনিৰ পৰা সাৰ পাওঁ মই।
চাৰি/
খোজকাঢ়ো মই কুঁৱলীৰ বাটেৰে, বতাহৰ ঢৌ লাগি খহি পৰে
থোপা-থুপি সোঁৱৰণি। জেঠৰ খৰত জ্বলে কজলা এজাৰ,
বাসুদেৱ বিবৰে গিলি থয় পোহৰ আৰু উত্তাপ, চিতাৰ দগ্মগ্
আঙঠা খুঁচৰি পাঠ কৰো অতীত আৰু বৰ্তমানৰ মদৰুৱা
পাণ্ডুলিপি।
পাঁচ/
টুমনিৰ হালধীয়াত সখিয়তীজনী সাঁতুৰিলে জৰ্জৰকৈ বিষাদৰ
পাপৰি সৰে, কুৰুৱাই উৰুৱাইনি সিহঁতক সোঁতত থাপিলে
শিশুবোৰে উচুপি উচুপি আকৌ বালিঘৰ সাজে। কেতিয়াবা
উভতি বোৱা নৈৰ দৰে ওভতাব পৰা হ’লে কাল, অক্ষৌহিণী
বিধৱাৰ বিলাপত আকাশ ফাটি চিৰাচিৰ হ’লহেঁতেন, চাপৰি বায়
নাচিলেহেঁতেন কুটিল স্বাধীনতা যখিনী।
মাছাং লালুং মাছাং লালুং নলগাবি ঐ নগৰত জগৰ, পোতাশালত
পুতিব সিহঁতে দুকুৰি চৈধ্যটা বসন্তৰ তেজ!
ছয়/
কাৰাগাৰে কাৰাগাৰে বোকালগা ভৰিৰ সাঁচ, তেজলগা আৰ্তনাদৰ
সাঁচ, বধ্যভূমিৰ আকাশ দোঁ খায় শতপুত্ৰৰ অপুতকা জননীৰ
বুকুভগা বিলাপত। কাঁইটীয়া মুকুটেৰে
তথাপিও অভিষেক তোৰ— অমৃতস্য পুত্ৰাঃ!
বিচৰণ, কেতিয়াবা বলুকাত বিজুলীৰ দৰে ওলোৱা শিলকপৌৰ
অভিজাত বৰ্ণশোভা, ঘনচিৰিকা, টোকোৰা, বটা, কাণকুৰিকা,
হেতুলুক, বাঢ়ৈটোকা, ভাটৌ আৰু মই নাম নজনা বিবিধ চৰাইৰ
কলৰৱ আৰু চপল বিচৰণ বৈভৱেৰে
চহকী মোৰ বাৰাণ্ডাৰ পৃথিৱী।
মানুহৰ প্ৰৱাহিত বংশধৰ মই, মাটিত ভৰি থৈ বিস্ময়েৰে লক্ষ্য
কৰো ৰমণৰত বৰ্ণিল পখিলাৰ যুগ্ম উৰণ, ভোমোৰা আৰু মৌ-
মাখিৰ গুঞ্জনত শুনো জীৱনৰ প্ৰশস্তি সঙ্গীত। কণমানি বাৰাণ্ডা,
তোমাৰ প্ৰেমেৰে মই জীৱনৰ পাঠ গ্ৰহণ কৰো।
অহৈতুকী
কুহুমবুলীয়া গোল জোনটো অকণমান সময়ৰ বাবে নুমুৱাই
দিয়াচোন, আমি সকলোৱে ক্লেশ আৰু ক্লেদৰ পোছাকবোৰ খুলি
থৈ নাঙঠ শিশুবোৰৰ দৰে নতুনকৈ দেখা আৰু শুনাৰ আনন্দত
কিৰীলি পাৰো। ক্ষন্তেক পাছত বিভাৱৰীৰ বিষণ্ণতাত বিভোৰ হৈ
উচুপি উচুপি কান্দিম আমি। কাৰ কিমান চকুলো বব আমি
উমানেই নাপাম! এই বিদায় বেলাত কান্দি কান্দি তুমি চাদ্দামৰ
কথা থকা কবিতাটো মাতিবা, মই হীৰুদাৰ কবিতা গাম, ইয়াতেই...
ইয়াতেই বান্ধিছিলা... আস্, মই দেখোন জীৱনত হেজাৰ বাৰ গোৱা
সেই কবিতাটো আজি মনত পেলাব পৰা নাই!
বিদায় সভাত সেই কবিতাটো গাই মই স্বপ্নভঙ্গ আৰু ক্লীবত্ব
অতিক্ৰম কৰিব পৰা আবেগ সিঁচি দিব পৰাকৈ বহুদিনৰ পৰাই
অনুশীলন কৰিছিলো মোহন। আজি ফটিকাওতো খোৱা নাই ৰাগি
লাগিবলৈ, তেন্তে কিয় এই বিস্মৰণ! শুকাই গ’ল নেকি আমাৰ
কলিজাৰ উঁহঙ্গ মোৰ গানবোৰ ভাঙি তুমি যে নতুন ৰূপ দি গীতৰ
সভাবোৰত গাই শ্ৰোতাৰ প্ৰশংসা পোৱাৰ কথা কোৱা, তেতিয়া
তোমাৰ মঙ্গোলীয় চকুযোৰ তিৰ্বিৰাই উঠে, তোমাৰ চকুৰ তৰা
দুটাত মই তেতিয়া অপ্ৰতিৰোধ্য চেষ্টাৰ ফৰৱাৰ্ড ফুটবল
খেলুৱৈজনক বিচাৰি ফুৰো। তোমাৰ কাৰণে মই নতুন গান এটা
লিখিছো মোহন, আহিবাচোন, তুমি গাবা মই মেজখনতে তাল
ৰাখিবলৈ চেষ্টা কৰিম। আহিবা দেই।
ভালে আছানে মামণি
তোমাৰ উপাধি মই নেজানো, বিয়াৰ পাছত ছোৱালীবোৰৰ
উপাধি সলনি হয়তো, পিছে তোমাৰ আগৰটোবা কি আছিল
তাকে দেখোঁ নেজানো। মামণি নামটো তোমাৰ পোছাকী নাম
নে ডাকনাম সেই কথাও জনা নহ’ল, সোঁৱৰণিৰ জখলাৰে
ভটিয়াই গ'লে মাথো তোমাৰ কোনোবা লগৰীয়াই মামণি বুলি
মতা যেন শুনো। যি কি নহওক, তোমাক মামণি বুলিয়েই
মাতো দিয়া। হয়তো এতিয়া তুমি কোনো মহাবিদ্যালয়ৰ গহীন
মেদাম, হয়তো কোনো উচ্চতৰ মাধ্যমিকৰ মোটা ফ্ৰেমৰ চচমা
পিন্ধা কাঢ়া অধ্যক্ষা নহ'লেবা কোনো চৰকাৰী বিভাগৰ উচ্চপদস্থ
বিষয়া নহ'লেবা এখন ভৰাঘৰৰ তৃপ্তা গৃহকৰ্তী। এতিয়া যিয়েই
নোহোৱা তুমি, তোমাক মামণি নামেৰে মতা মানুহৰ সংখ্যাই
নিশ্চয় এককৰ ঘৰ অতিক্ৰম নকৰে। অ’ তোমাৰ ছোৱালীৰ
বিয়া হ’ল নিশ্চয়, ল’ৰালৈকো বিয়া পাতিলা চাগৈ। মধুমেহ,
উচ্চ ৰক্তচাপ বা আঁঠু-কঁকালৰ বিষ নাই তোমাৰ নিশ্চয়। চচমা
বছৰে বছৰে সলোৱা নে, চুলিত কলপ... নাঃ ছোৱালী মানুহক
বয়সৰ কথা সোধাটো অভদ্ৰামি বোলে।
আজি কি হ’ল জানা, ৰাতিপুৱা মই সোনকালেই উঠো, অলপ
খোজকাঢ়ো, এইকেইদিন যে ইমান ঠাণ্ডা, ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চে
কঢ়িয়াই আনিছে ডাঠ কুঁৱলী আৰু তীব্ৰ শীত। এই শীততে কঁপি
কঁপি কোনো ৰাজনৈতিক দলৰ অত্যুৎসাহীয়ে বিজুলীৰ খুটা
আৰু পথৰ দাঁতিৰ গছবোৰত বগা ৰঙেৰে লেখিছে শ্লোগান
আৰু আঁকি দিছে দলীয় প্ৰতীক চিহ্ন। এটা বিজুলী খুটাত
দেখিলো অভয় মুদ্ৰাৰে অঙ্কিত এখন কটা হাত। হঠাতে
তোমালৈ মোৰ মনত পৰিল আৰু চিঠি এখন লেখিবৰ মন
গ'ল। পটভূমিটো তোমাক কৈ ল'লো— হা। হাফচেঞ্চুৰীটো
কৰাৰ পাছত মই কেইটামান সতৰ্ক ৰাণ সংগ্ৰহ কৰিছো
ইতিমধ্যে। দবা খেল আজিকালি নেখেলো মই; বহাগৰ শীৰ্ণ নৈ
মই ভালপাওঁ এতিয়া, আস্তাবলত বান্ধি থোৱা ঘোঁৰাবোৰ
বন্ধাতেই ৰ'ল। এঃ বেকাঁ-বেকী কথাবোৰ ভাল নেলাগিবও
পাৰে তোমাৰ, বাদ দিয়া সেইবোৰ। কেমিষ্ট্ৰিৰ প্ৰেক্টিকেলত
তুমি আৰু মই একেটা গ্ৰুপতে আছিলো, গ্ৰুপটো মোৰ এতিয়াও
মনত আছে, ‘ই’– গ্ৰুপ। এদিন একেলগে টাইট্ৰেচন কৰি
থাকোতে মোৰ কেটেঙা হাতটো তোমাৰ হাতৰ মণিবন্ধৰ পৰা
কিলাকুটিৰ মাজৰ কোনোবা এঠাইত লাগিছিল। কঁহুৱা ফুলৰ
দৰে কোমল স্পৰ্শত মই উচপ খাই উঠিছিলো। তেতিয়ালৈকে
মোৰ কোনো বান্ধবী নাছিল (এতিয়াও নাই)। মোৰ মাহী, পেহী
আৰু সম্বন্ধীয় বাইদেউবোৰৰ মৰমিয়াল হাতবোৰ বৰ খহটা
আছিল; খাটি খোৱা হাততো, সেয়ে তোমাৰ হাতৰ কোমল
স্পৰ্শটোৱে মোক কেইবাদিনো আচ্ছন্ন কৰি ৰাখিছিল। তোমাৰ
হাতখনত মুগা বৰণীয়া চুটি নোম কিছুমান আছিল, ছালখনৰ ৰং
আছিল কোমল কলপাতৰ দৰে। কি যে দিন আছিল সেইবোৰ,
এটা বাক্যৰো বিনিময় নোহোৱাকৈয়ে আমি আমাৰ প্ৰেক্টিকেল
শেষ কৰিছিলো! জানা মামণি, আজি ৰাতিপুৱাৰ কটা হাতখনৰ
ছবিয়ে তোমাৰ হাত আৰু কোমল স্পৰ্শৰ কথা মনত পেলাই
দিলে। বয়সৰ থিয় গৰাত ৰৈ আমি নিশ্চয় কিছু কথা ৰোমন্থন
কৰিব পাৰো, স্মৃতি কাতৰতাত ক্ষন্তেকৰ বাবে বিহ্বল হ’ব পাৰো
এতিয়া। চিঠিৰে কথাবোৰ তোমাক জনাবলৈ বৰ মন গৈছে,
কিন্তু মইতো তোমাৰ ঠিকনা নেজানো, কলেজত পঢ়ি
থাকোতেও জনা নাছিলো। তুমি য’তে আছা
ভালে থাকা মামণি, ভালে থাকা।
ৰাখে? গছবোেৰ দধিচী। মৃত্যুৰ পাছতো বা নিহত হোৱাৰ শেষতো
মানুহৰ কল্যাণ সাধে নিৰন্তৰ। জন্তু শ্ৰেষ্ঠ নিৰ্বোধ মানুহে খাদ্যৰ
কণিকা এটাও নিজে তৈয়াৰ কৰিব নোৱাৰে অথচ আহাৰ
যোগনীয়াৰ উদ্ভিদক আততায়ীৰ দৰে ব্যৱহাৰ কৰে।
প্ৰিয় পাঠক, ওপৰৰ কথাখিনি পঢ়ি হয়তো আপোনাৰ মনত কলম
ধৰা মানুহটো প্ৰগতিবিৰোধী বুলি ধাৰণা হ’ব পাৰে। কিন্তু যি
প্ৰগতিয়ে ধ্বংস আহ্বান কৰে সেই প্ৰগতি কাম্য জানো?
আমিয়েই জানো হ’মো চেপিয়েনৰ শেষ পিৰী? কোনো
মহাজাগতিক দুৰ্যোগত পৃথিৱী ধ্বংস নহ’লে বা আণৱিক
আক্ৰমণ-প্ৰত্যক্ৰমণেৰে আমি নিজক নাশ নকৰিলে হয়তো
পৃথিৱীৰ প্ৰাণসূৰ্য ৰঙা দৈত্য হোৱাৰ আগলৈকে ই জীয়াই থাকিব,
লগতে মানুহ আৰু পৃথিৱীৰ প্ৰৱাহিত সন্তানবোৰ। আমাৰ নাতি-
পুতিলৈ একো নৰখাকৈ আমিয়েই সকলো ভোগ কৰি যোৱাটো
উচিত হ’ব জানো? নিৰ্যাতিতসকলে এসময়ত বিদ্ৰোহ কৰে,
বিদ্ৰোহৰ পৰা বিপ্লৱ হয়, বিপ্লৱে গাঁথনিটোকে সলাই পেলায়।
গছ-গছনি, জীৱ-জন্তুবোৰে মানুহৰ দৰে কথা কব নোৱাৰিলেও,
সংগঠিত হ’ব নোৱাৰিলেও আত্মহননেৰে
‘অঘটন ঘটন’ ঘটাব পাৰে। সাৱধান।
খণ্ডচিত্ৰ ⵓ ১
কুৰুক্ষেত্ৰ
| পাৰ্থ ⵓ | অসম্ভৱ বাসুদেৱ, অসম্ভৱ। মোৰ বাবে এই সময়ত অৱতীৰ্ণ হোৱাটো অসম্ভৱঙ্গ আমাৰ বিপৰীত দিশে নিজ জ্যোতিৰে চিৰজ্যোতিষ্মান সৌৱা পিতামহ, সৰ্বকালৰ মহান গুৰু দ্ৰোণাচাৰ্য, অসংখ্য সেনানীৰে পৰিবেষ্টিত সৌৱা অভিমানী জ্যেষ্ঠজন দুৰ্যোধন আৰু মোৰ স্নেহৰ ভাতৃগণ তথা আত্মীয়সকল, এই সকলৰ তপ্ত শোণিতেৰে মই বসুমতী কলুষিত কৰিব নোৱাৰো। নেলাগে আমাক ৰাজ্য, নেলাগে মহাভাৰতৰ অতুল বৈভৱ। |
| বাসুদেৱ ⵓ | ভুল, প্ৰিয় সখা তুমি ভুলকৈ ভাবিছা, ক্ষত্ৰিয়ৰ ধৰ্মৰ কথা তুমি পাহৰি গৈছা। ৰাজসভাত হোৱা কৃষ্ণাৰ লাঞ্ছনাৰ কথা তুমি পাহৰি গৈছা, অৰ্ধৰাজ্যৰ পৰা গৈ মাথো পাঁচখন গাঁৱৰ অধিকাৰৰ দাবীকো কূটবাক্যৰে অস্বীকাৰ কৰি তোমালোকক জতুগৃহত জীৱন্তে পুৰি মৰাৰ ষড়যন্ত্ৰৰ কথা তুমি পাহৰি গৈছা। |
| পাৰ্থ ⵓ | হয় বাসুদেৱ, প্ৰিয়তমা পাঞ্চালীৰ লাঞ্ছনাই মোৰ তেজত এতিয়াও জুই জ্বলায়। অন্যায় আৰু ষড়যন্ত্ৰৰ কথা মনত পৰিলে মোৰ বিশাল বাহুদ্বয় প্ৰতিশোধৰ স্পৃহাত স্বয়ংক্ৰিয়ভাৱে উত্থিত হয় কিন্তু ন্যায়-শাস্ত্ৰৰ বাণী মনত পৰিলে দ্বিধাত ভোগো, অপ্ৰাণৰ বিনিময়ত প্ৰাণ লোৱাটো নীতি বুলি মানিব নোৱাৰো। |
| বাসুদেৱ ⵓ | প্ৰিয়তম, তুমি ন্যায় শাস্ত্ৰৰ কথা ক’লা কিন্তু মৎস্য ন্যায় বুলিও এক নীতি আছে বুলি পাহৰিলা নেকি? নিয়তিক এই জীৱলোকৰ কোনেও
খণ্ডাব নোৱাৰে। যি সকলৰ বাবে তোমাৰ অন্তৰত শোক উথলি উঠিছে তেওঁলোকক দেখো মই ইতিমধ্যেই মাৰি থৈছো, তুমি কেৱল নিমিত্তহে মাত্ৰ। লোৱা পাৰ্থ, গাণ্ডীৱ তুলি লোৱা আৰু নিৰ্বিচাৰে শত্ৰু সংহাৰ কৰি যোৱা, জয় তোমাৰ সুনিশ্চিত। |
প্ৰতিচিত্ৰঃ ১
ৰেষ্টোৰাঁ
| মধ্যবৰ্ষী ব্যৱসায়ী ⵓ | কি হে ডেকাহঁত, ভালে আছা নিশ্চয়, বহুদিন লগেই পোৱা নাই। আহা, একেলগে চাহ একোপিয়লা খাওঁ। |
| ডেকাদ্বয় ⵓ | (বহে) ভালে আছেনে দাদা, ব্যৱসায় কেনে চলিছে? |
| মধ্যবৰ্ষী ব্যৱসায়ীঃ | এই চলি আছো আৰু কোনোমতে। জানাইতো এই তুমুল প্ৰতিযোগিতাৰ যুগত আমাৰ দৰে ক্ষুদ্ৰ ব্যৱসায়ীৰ নাকনি-কাণনিৰ অন্ত নাই। বহু কষ্টৰে মূৰটো থিয়কৈ ৰাখি পেটে-ভাতে খাই থকাৰ দৰে আছো আৰু। অই ল’ৰা, তিনি পিয়লা চাহ আৰু তিনিটা গৰম চিঙৰা দে। |
| ডেকাদ্বয় ⵓ | (চাহ-চিঙৰা খাই খাই) দাদা, কিছুদিনৰ আগতে আমাৰ ফালৰ পৰা আপোনালৈ চিঠিৰে প্ৰস্তাৱ এটা প্ৰেৰণ কৰা হৈছিল, আপুনি দেখোন ইতিবাচক সঁহাৰি নিদিলে। |
| মধ্যবৰ্ষী ব্যৱসায়ী ⵓ | ভাইটিহঁত, পত্ৰবাহকক মোৰ অৱস্থাটোৰ কথা বিতংকৈয়ে কৈছিলো, তেওঁ যথাস্থানত কথাখিনি নক’লেগৈ নেকি! বৃদ্ধ আই-বোপাইৰ চিকিৎসা, নিবনুৱা ভাইহঁতৰ জীৱিকাৰ সমস্যা আৰু নিজৰ সৰু পৰিয়ালটোৰ ঠেলা গাড়ীখন চলাওঁতেই মোৰ দৰে পোৱালি বেপাৰীৰ পানীত হাঁহ নচৰা অৱস্থা। তোমালোকৰ দাবী পূৰাব পৰাকৈ এই ভিকহুৰে ধন ঘটিবই পৰা নাইহে। |
| ডেকাদ্বয় ⵓ | (মুঠিতে লুকুৱা মাৰণাস্ত্ৰ উলিয়াই) বেয়া নাপাব দাদা, নিয়তিয়ে জন্মতেই আপোনাৰ কপালত লেখা লিপি আমি পঢ়িব জানো, আমাক নোদোষিব, আমি নিমিত্তহে মাত্ৰ। চাহ খুওৱাৰ বাবে ধন্যবাদ, বিদায়। (গুৰুম্.. গুৰুম্) |
প্ৰতিচিত্ৰঃ ২
ন্যায়ালয়।
| অপৰাধী ⵓ | মহামান্য ধৰ্মাৱতাৰ, আপোনাৰ শাস্তি মই নতশিৰে মানি লৈছো। মই অতি সাধাৰণ মানুহ কিন্তু মোৰ মনত ওপজা খোকোজা দুটামানৰ বিষয়ে ধৰ্মাৱতাৰৰ পৰা জানিব খুজিছো, বন্দীক অনুগ্ৰহ কৰিব চাগে। |
| বিচাৰক ⵓ ••• |
| অপৰাধী ⵓ | বাদী-বিবাদী আৰু সাক্ষীসকলে যিখন পৱিত্ৰ গীতাত ধৰি শপত খায় সেই গীতা শাস্ত্ৰখন মই মোৰ নিৰক্ষৰা আইতাৰ মুখেৰে কুৰুক্ষেত্ৰ যুদ্ধৰ আগমুহূৰ্তত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধত প্ৰবৃত্ত কৰাবলৈ দিয়া বুজনি বুলি শুনিছিলো, কথাষাৰ সঁচা নেকি ধৰ্মাৱতাৰ? |
| বিচাৰক ⵓ ••• |
| অপৰাধী ⵓ | যিজনী নাবালিকাৰ বিৰুদ্ধে মই ধৰ্ষণ আৰু হত্যাৰ দৰে জঘন্য অপৰাধ কৰিলো তাৰ বাবে মই লজ্জিত, অনুতপ্ত আৰু আত্মজাহ
দিবলৈকো প্ৰস্তুত। ধৰ্মাৱতাৰ, আপুনি মোৰ দৰে অপৰাধীক প্ৰাণদণ্ডৰ আদেশ দি সঠিক শাস্তিকে প্ৰদান কৰিছে। কিন্তু এই দেশৰ কোটি কোটি মানুহে বিশ্বাস কৰে আৰু বিশ্বাস কৰোওবা হয় যে মানুহৰ ললাটত জন্মলগ্নতে ভাগ্য লিপিবদ্ধ হৈ আহে। কোন কেনেকৈ জীয়াই থাকিব, কোন কেনেকৈ মৰিব সেই কথা জীৱৰ নিজৰ ওপৰত নিৰ্ভৰ নকৰে। মহামান্য আদালতক যদি মই এই বুলি যুক্তি প্ৰদৰ্শন কৰো যে সেই ছোৱালীজনীৰ ভাগ্যত মোৰ হাততে ধৰ্ষিতা হৈ মৃত্যু হ’বলগীয়া কথাটো নিয়তিয়ে আৰোপ কৰিছিল, মোক যন্ত্ৰ হিচাপে সেই কাম কৰোৱাইছিল, তেতিয়া ধৰ্মাৱতাৰে মই কুযুক্তি প্ৰদৰ্শন কৰিছো বুলি ক’ব নেকি? মোৰ মনৰ খোকোজা ধৰ্মাৱতাৰে মাৰিব বুলি এই মুহূৰ্তত আশা কৰিব পাৰো নিশ্চয়? |
| বিচাৰক ⵓ | •••। |
কথকতা
মাঘৰ শেঁতা আবেলি এটাত বৰনৈৰ সিপাৰৰ ইমৰাণ আহিছিল,
কথক ইমৰাণ। হাতত কথকতাৰ টোপোলা এটা। কুশল বাৰ্তা
বিনিময়ৰ পাছত ধূলিয়ৰী বাটেৰে দুয়ো খোজকাঢ়ি গৈ পাঠশালৰ
সহপাঠীৰ বিষগ্ন চোতালত খন্তেক বহিছিলো। তেওঁ ক’লে, অচিনাকি
আলহী আনিলা বান্ধৈ, কিহৰেনো কৰো সোধ-পোছ! তপত পানী
এটুপিৰতো কথাই নাই, তামোল এখন যাচিবলৈকো পাণৰ অভাৱ।
যোৱাটো বানে অনা কাঠ-পিটে পথাৰ ছানি ধৰিলে, এতিয়া তাত
খোজকে দিব নোৱাৰি, মচুৱা গোমে হিচ্হিচাই থাকে। গধূলিৰ
পাতল আন্ধাৰৰ ডাৱৰ উৰিল আমাৰ চকুতো, মাতষাৰ দি তাৰপৰা
ওলাই আহোতে কাণত পৰিল পৰিভ্ৰমী চৰাইৰ চঞ্চল কলতান,
কাঠ-পিতনিৰ সিপাৰে বিলৰ পানীত হয়তো কৰিছে পৰস্পৰক
আহ্বান। হালি থকা ঘৰবোৰ আৰু ওখ দূৰভাষ গম্বুজৰ মাজৰ
বাটেৰে আহি বহিলো মোৰ চ’ৰা ঘৰত, ইমৰাণে জোলোঙাৰ পৰা
এখন এখনকৈ উলিয়ালে হুদুমদেও, বাঁক, বীৰা আৰু যমডাকিনীৰ
ঐন্দ্ৰজালিৰ দিঠকৰ পাঁচালী যেন সমকালৰ দ’ত বধিবলৈ ৰচা
কৰতী পুথিৰ নতুন মন্ত্ৰৰ ৰণচালি! কথন-মথন আমাৰ বহু হ’ল,
কুঁৱলীৰ বাটেৰে তেওঁক বিদায় জনালো। কথাই বাৰু ৰূপান্তৰ
আনেনে, হয়তো আনে হয়তো...। কথকতাৰ বাহিৰে আমাৰতো
আৰু একোৱেই নাই।
জীৱন
বিচিত্ৰ এই জীৱন! নিবিচৰাকৈয়ে বহুতে পায়, বিচৰাটো সৰহখিনিয়েই নেপায়,
সপোন বুকুত বান্ধি জীৱনৰ অন্ত পেলায়। কাৰোবাৰ জীৱন ব্যক্তি-পৰিয়ালতে
সীমাবদ্ধ, কাৰোবাৰ আকৌ সমাজ আৰু দেশৰ সীমা অতিক্ৰমি ভুৱন বিয়পা
হয়। এই যে সীমাৰ কথা ক’লো সি লৌকিক সীমা নহয়; আত্মিক সীমাহে।
অৱশ্যে আত্মিক ভাৱনাই লৌকিকতাক সমূলি নেওচিলে সি কল্পনা-বিলাসহে
হ’ব। শিৰোনাম যদিও জীৱন, ইয়াত জীৱন নামৰ এজন মানুহৰ কথাহে ক’ব
খুজিছো। চেঙেলীয়া কালৰে পৰা যৌৱন কাললৈকে জীৱন আছিল
বিহুবলীয়া। হাত-পাকৈত জীৱনৰ হাতত ঢোলটোৱে প্ৰাণ পাইছিল, মুখেৰে
নিগৰিছিল ডেকা-গাভৰুৰ গা–ৰাইজাই কৰা বিহুনাম। বিহু, বিয়া আৰু অন্য
ৰং-তামাচাবোৰত সি আৰু তাৰ লগৰীয়াবোৰ অপৰিহাৰ্য আছিল। যৌৱন
ধৰ্মৰ নিয়ম পালি সি মনে খোৱা এগৰাকী চপাই ল’লে আৰু ভূমিৰ ভাৰ
বঢ়ালে কেইবাটাও সন্তানেৰে। লাহে লাহে সংসাৰ চলোৱা তাৰ বাবে টান হৈ
আহিল। উপায় নেপাই খেতি-বাতিত মন নাইকিয়া জীৱনে হালত ধৰিলে।
কিন্তু মনত মাটিৰ প্ৰতি মৰম নেথাকিলে আৰু কৃষি কৌশল নেজানিলে
ভাল খেতিয়ক হ’ব নোৱাৰি। এডৰা-দুডৰাকৈ বাপেকৰ দিনৰ মৌ-বালিয়া
মাটিবোৰ আনৰ হাতলৈ গ’ল। এনে দুৰ্যোগৰ দিনত সি নিজক পাহৰিবৰ
বাবে মহাপুৰুষ দুজনাৰ কীৰ্তন আৰুনামঘোষাত মনোনিৱেশ কৰিলে। সমুদায়
অৰ্থ নুবুজিলেও তাৰ সুৰীয়া কণ্ঠত ঘোষা-পদবোৰে প্ৰাণ পৰশিব পৰাকৈ
পেখম ধৰা আৰম্ভ কৰিলে। লাহে লাহে ইগাঁও-সিগাঁও ৰজনজনাই গ’ল— জীৱন নামৰ বৰ বিহুৱাটো ভাল পাঠক হ’ল। ওচৰৰ চহকী গাঁওখনৰ পঢ়াশলীয়া
বন্ধু জগতে আহি এদিন জীৱনক ক’লে জীৱন, তই ভাল পাঠেক বুলি
গোটেইখনে জনা হ’ল, মোৰ ঘৰুৱা গোঁসাইঘৰত কিছুদিন কীৰ্তন পাঠ কৰিব
লাগে, পাৰিবি নহয়? জীৱনে নোৱাৰো বোলাৰ কথাই নাই, সানন্দে সি সন্মত
হ’ল। সাজ লগাৰ আগতেই সি গাটো তিয়াই ভকতীয়া সাজযোৰ পিন্ধি
সভক্তিৰে নিজা কীৰ্তন আৰু নামঘোষা একত্ৰ পুথিখনৰ লগতে ঠগীখন
জোলোঙা এটাত ভৰাই জগতৰ ঘৰ ওলায়গৈ। পাঠত মানুহৰ সমাগম লাহে
লাহে বেছি হ’বলৈ ধৰিলে। দুই এজনে চালুকীয়া ব্যাখ্যাও কৰিবলৈ ধৰিলে।
ইতিমধ্যে পথাৰৰ ধান পকিল। এদিন জগতে সকলোকে হাতযোৰকৈ ক’লে,
প্ৰভুসকল, পৰহিলৈ এই অভাজনে নাম এভাগেৰে ইমানদিনীয়া পাঠৰ অন্ত
পেলাব খুজিছো, অনুগ্ৰহ কৰি সকলোৱে চৰণৰ ধূলি দিবহিবুলি বাঞ্ছা কৰিলো।
সাধু সাধু বুলি সকলো ঘৰা-ঘৰি গ’ল। নামৰ দিনা জীৱন কিছু আগতীয়াকৈ
জগতৰ ঘৰত উপস্থিত হল। জগতহঁতৰ খেলৰ মেধি দেউৰীসকলে ইতিমধ্যে
মাহ-প্ৰসাদ ধোৱা-পখালা আৰম্ভ কৰিছেই। সন্ধ্যাৰ পিছতে নিমন্ত্ৰিতসকল
গোট খালে। নাম গোৱাৰ আগতে এক-দুই অধ্যায় পাঠ পঢ়াৰ নিয়ম। জীৱনে
নিজা দায়িত্বৰ কথা ভাবি পুথিখনৰ লগতে ঠগীখন উলিয়াব খোজোতেই
জগতৰ দৌৰি যোৱাদি গৈ তাক ক’লে, তই আজি নালাগে দে, আমাৰ খেলৰ
পাঠেকেই পঢ়িব আজি। কথাটো বুজি নাপাই জগতৰ মুখলৈ যি ভেবা লাগি
চাই থাকোতেই কোনোবা দুটামানে সশব্দ ফুচফচনিৰে কোৱা ঠহৰকৈ কাণত
পৰিল, নীচ জাতৰটোক আগত লৈ আমি বৈকুণ্ঠৰ নাম ডাকিম নেকি?
শিলপৰা কপৌৰ দৰে জীৱন থৰ লাগিল। নামঘৰৰ ডবা কাঁহ-শঙ্খইএকেলগে
যেন তাৰ ভিতৰখনত গুম্গুমাই উঠিল, অস্ফুট কণ্ঠেৰে কাকূতি ঘোষা এফাকি
ওলাল–আনে নুশুনাকৈ—
মঞি দুৰাচাৰ কেৱলে তোমাৰ
অপৰাধী নাৰায়ণ, ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ। বুকুভগা উচুপনি এটা ভাৰ বৈ জীৱন চন্দ্ৰ হীৰাই আন্ধাৰ
বাটেৰে এখোজ-দুখোজ কৈ ঘৰলৈ ঘূৰি আহিল। মাজে মাজে মুখৰ পৰা
হুমুনিয়াহসনা কথা এষাৰ ওলাল— গুৰুজনা, তুমি এয়াহে কৰিলা!
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

