পৃষ্ঠা:মাটিৰ মালিতা.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰঞ্জিতা হয়। নৈবোৰে দীঘলকৈ নিশ্বাস এৰে। দিনৰ সমস্ত গ্লানি
হেঙুলীয়া বুৰুজেৰে মোহাৰি চকা পাটত বহিব খুজিলে
ছোৱালীবোৰ অপৰূপা হয়, সিহঁতৰ চকুৰ তৰাত নাচে
দেও দৰিকণা।

তিনি/

জোনটো গলি গলি বায়ৱীয় গাখীৰেৰে ধৰিত্ৰীক গা ধোঁৱালে
জিলিয়ে নোৱনী নাম জোৰে, জোনাকীবোৰে জাৰণিত প্ৰিয়জনৰ
লগত খেলত হৰাৰ আনন্দত চকু টিপিয়াই হাঁহে। নৈৰ চেঙেলীয়া
গড়াত বিহুগীত এফাকিয়ে খোপনি ধৰিবলৈ আপ্ৰাণ চেষ্টা
কৰোতে ভেলেঙী মাছবোৰ থৰ লাগে, বিপদৰ উমান পাই সুগৰী
পহুজনী ভিৰাই লৰ মাৰে। বন-বিৰিখে শীতলাই থোৱা ধূলিয়ৰী
বাটত কামছায়া গচকি উচপ খাই উঠে বাঁহীৰ সুৰ এটি।

চাৰি/

অফুৰন্ত সম্ভাৱনাৰ সম্ভাৰেৰে পথাৰে মেলি দিলে বুকু, সপোনৰ
গুটি সিঁচে মানুহে, ঘামৰ সাৰ, মঙহৰ পলস আৰু অশ্ৰু হাঁহিৰ
লুণীয়া জলেৰে মাটি হয় ৰসাল। মাটি ফুটি আশাৰ গজালি ওলায়,
লহ্প‌হ্কৈ‌ বাঢ়ে, এদিন বুকুখনত দুটা পদুমকলি ফুটি আঁৰ কাপোৰ
এখন এখনকৈ আঁতৰাই মিঠা ৰহস্যৰ সাঁথৰ ভাঙে।

পাঁচ/

মাটিৰ গোন্ধে উতলা কৰা মানুহবোৰৰ গাৰ ছাল ৰ’দে ডাকে,
সৃষ্টিত অবিৰাম ব্যস্ত হাতৰ তলুৱাবোৰ খহটা হয়, জোকে
কেতিয়াবা কৰঙণত কলা তুলসীৰ পাত আঁকে— সৌন্দৰ্য
প্ৰতিযোগিতাৰ বাবে সেইজাক ডেকা-গাভৰু কেতিয়াও বাচনিত
নুঠে, সপোনৰ ভাৰ বৈ বৈ সিহঁতৰ যে শৰীৰ ক’লা পৰিল!
তাৰকাৰ সপোন সিহঁতে নেদেখে দেখে ধৰাৰ ফুলৰ-ৰঙৰ ছবিৰ।

মা টি ৰ মা লি তা ৭৫