পৃষ্ঠা:মাটিৰ মালিতা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মানুহটো

 

বৰ উৰি-আম জোপাৰ তলত
মানুহটো ৰৈ আছে
মুখত মঙ্গোলীয় দাড়ি
দেহত নেগ্ৰিটো নমনীয়তা
ৰ’দেপোৰা মানুহটো ৰৈ আছে।
বৰ উৰি-আম জোপাৰ তলত

আকাশৰ বিজুলী বগাই আহি
থিতাপি ল’লেহি তূণৰ ৰঙচুৱা শৰত
কমাৰশালৰ উত্তাপত সিহঁত
অগ্নি-আলাপত মগ্ন

ৰণধ্বজা উৰুৱাই
অৰণ্যখনে খোজ ল’লেই
শৱাধাৰ সাজিবলৈ
বৰ উৰি-আম জোপা
কাটিব তেওঁ।

২০ মা টি ৰ মা লি তা