পৃষ্ঠা:মাটিৰ মালিতা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

জল কথা।

 

পানীবোৰ ক’লৈ যায়
বৈ থকা পানীবোৰ
ৰৈ থকা পানীবোৰ
দেখ-নেদেখ
কুৰুঙত লুকাই থকা
জুইৰ জঠৰত থকা
পাখিলগা পানীবোৰ!

পানী ফুলে
পানী ফুটে
কেতিয়াবা জঁপিয়ায়
কেতিয়াবা নাচি নচুৱায়
সাপৰ দৰে মেৰ খাই থাকে
কেতিয়াবা শিৱৰ জঁটাত

অথাইজলত বুৰ যোৱা
পাতখিলাৰ ধূসৰ লিপিয়ে
বুকুত ফুলায়
যোজন দীঘলঠেঙীয়া পানীফুল

সাত ঘাটৰ পানীৰে গা ধুই
প্ৰাচীন নৈবোৰে ঢাকি থয় পথাৰ।

মা টি ৰ মা লি তা ৩৫