পৃষ্ঠা:মাটিৰ মালিতা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

এ’লিজি
(জানটোৰ স্মৃতিত)

 

সেউজীয়া ইন্ধনেৰে
চপ্‌চপীয়া
পোহৰ চাকিটো
হঠাৎ
নুমাই থাকিল,
দেও দি গান গোৱা
ফুটুকা পাখিৰ
চৰাইটোৰ কণ্ঠত এতিয়া
অসহায় প্ৰাচীন নৈশব্দ

তোমাৰ দীৰ্ঘ অবয়ৱে
জুখিব খুজিছিল
আকাশৰ উচ্চতা
মাটিৰ উৰ্বৰতা,
দোঁখোৱা ধানৰ ছেইৰ
অৱনত সন্ত্ৰমেৰে সুধিছিলাঃ
দাদা, ভালনে?

স্মৃতিৰ নিউৰণত তোমাৰ
খুন্দ খাই আছিল

মা টি ৰ মা লি তা ১৫