পৃষ্ঠা:মাটিৰ মালিতা.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টুপকৈ পৰিছে সৰি
ঢপলিয়াই যোৱা ৰে’লৰ
তীব্ৰ উকিত।

দুপৰীয়া ⵓ

ইমান আভজা ইমান ঠুনুকা
গঢ়িলা কিনো
লাহ দি আঁতৰি গ’ল
বসন্তৰ গানো
ভাঙনৰ ভয়ত কঁপিছে ক’লাজ
ৰং খহে
ৰূপ খহে
বাৰে বাৰে লক্ষ্যভ্ৰষ্ট
আধাপেটি তীৰন্দাজ।

আবেলি ⵓ

কিহৰ ৰাগিত হ’লা মতলীয়া
কমণ্ডলুত অশ্ৰুজল
কান্ধৰ জোলোঙাত বৈছা

মা টি ৰ মা লি তা ৪৫