পৃষ্ঠা:মাটিৰ মালিতা.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰাণদণ্ডৰ আদেশ দি সঠিক শাস্তিকে প্ৰদান কৰিছে। কিন্তু এই দেশৰ কোটি কোটি মানুহে বিশ্বাস কৰে আৰু বিশ্বাস কৰোওবা হয় যে মানুহৰ ললাটত জন্মলগ্নতে ভাগ্য লিপিবদ্ধ হৈ আহে। কোন কেনেকৈ জীয়াই থাকিব, কোন কেনেকৈ মৰিব সেই কথা জীৱৰ নিজৰ ওপৰত নিৰ্ভৰ নকৰে। মহামান্য আদালতক যদি মই এই বুলি যুক্তি প্ৰদৰ্শন কৰো যে সেই ছোৱালীজনীৰ ভাগ্যত মোৰ হাততে ধৰ্ষিতা হৈ মৃত্যু হ’বলগীয়া কথাটো নিয়তিয়ে আৰোপ কৰিছিল, মোক যন্ত্ৰ হিচাপে সেই কাম কৰোৱাইছিল, তেতিয়া ধৰ্মাৱতাৰে মই কুযুক্তি প্ৰদৰ্শন কৰিছো বুলি ক’ব নেকি? মোৰ মনৰ খোকোজা ধৰ্মাৱতাৰে মাৰিব বুলি এই মুহূৰ্তত আশা কৰিব পাৰো নিশ্চয়?

 
বিচাৰক  •••।
মা টি ৰ মা লি তা ৮৯