পৃষ্ঠা:মাটিৰ মালিতা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ফণা

 

জেঠতে পৰা কঠীয়াত
গাঁঠি ধৰিছে
গুজিবলৈ পথাৰ শুকান শাওণতো
ফণামেলি ৰ’দে
ৰস শুহি খায়
গুমি তেজ খমলা বান্ধে
অন্ধ ল’ৰাটোৰ টোকাৰীত
বাজি থাকে কঁপি কঁপি
হা ভাত
হা মাত।

নমনিচে নুশুনা
কালিৰ ৰাগত
নিথৰ চকুত ফুল ফুলে
কঠীয়াতলীত ফেটি গোম
থৈয়া-নথৈয়া
মৈথুন নৃত্যত মগন।
নাগপাশত লালকাল কঠীয়াৰ

৪২ মা টি ৰ মা লি তা