পৃষ্ঠা:মাটিৰ মালিতা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নতুন বাট

 

এই দুখন কাৰ হাত
দেখুৱাই আমাক বাট
এই দুখন কাৰ হাত
গজিছে নেকি
শেলুৱৈ তাত

হাবি আছিল তাত
ধোঁৱা আছিল তাত
সেই হাতৰ ছাঁত
কঁপিছিল প্ৰাচীন বতাহ

কুঁৱলী ভগাৰ পৰত
ঘূৰ্ণিয়ে ছিঙা হাতৰ পৰা
তেজ-মঙহৰ কলপ ভেদি
আকৌ পোখাব খনিকৰ হাত
দেখুৱাব নতুন বাট।

মা টি ৰ মা লি তা ২১