পৃষ্ঠা:মাটিৰ মালিতা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওঁঠত শিল
হাত ভৰিত শিপা
ৰজ্নজন্‌ নিস্তব্ধতা এটা
দুটা শৰত পাৰ হওঁতেই
বিস্মৃতি তুমি
তোমাক অৰ্পিবলৈ
আমাৰ শূন্য চকুত
নুফুলিল এপাহো ফুল
মাথোঁ বতাহত আহিছে ভাহি
খোলৰ বিহ্বল বোল
ইতা ধিনিক্‌ থেই
ধেই ধেই ধেই।

১২ মা টি ৰ মা লি তা