পৃষ্ঠা:মাটিৰ মালিতা.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু পথৰ দাঁতিৰ গছবোৰত বগা ৰঙেৰে লেখিছে শ্লোগান
আৰু আঁকি দিছে দলীয় প্ৰতীক চিহ্ন। এটা বিজুলী খুটাত
দেখিলো অভয় মুদ্ৰাৰে অঙ্কিত এখন কটা হাত। হঠাতে
তোমালৈ মোৰ মনত পৰিল আৰু চিঠি এখন লেখিবৰ মন
গ'ল। পটভূমিটো তোমাক কৈ ল'লো— হা। হাফচেঞ্চুৰীটো
কৰাৰ পাছত মই কেইটামান সতৰ্ক ৰাণ সংগ্ৰহ কৰিছো
ইতিমধ্যে। দবা খেল আজিকালি নেখেলো মই; বহাগৰ শীৰ্ণ নৈ
মই ভালপাওঁ এতিয়া, আস্তাবলত বান্ধি থোৱা ঘোঁৰাবোৰ
বন্ধাতেই ৰ'ল। এঃ বেকাঁ-বেকী কথাবোৰ ভাল নেলাগিবও
পাৰে তোমাৰ, বাদ দিয়া সেইবোৰ। কেমিষ্ট্ৰিৰ প্ৰেক্‌টিকেলত
তুমি আৰু মই একেটা গ্ৰুপতে আছিলো, গ্ৰুপটো মোৰ এতিয়াও
মনত আছে, ‘ই’– গ্ৰুপ। এদিন একেলগে টাইট্ৰেচন কৰি
থাকোতে মোৰ কেটেঙা হাতটো তোমাৰ হাতৰ মণিবন্ধৰ পৰা
কিলাকুটিৰ মাজৰ কোনোবা এঠাইত লাগিছিল। কঁহুৱা ফুলৰ
দৰে কোমল স্পৰ্শত মই উচপ খাই উঠিছিলো। তেতিয়ালৈকে
মোৰ কোনো বান্ধবী নাছিল (এতিয়াও নাই)। মোৰ মাহী, পেহী
আৰু সম্বন্ধীয় বাইদেউবোৰৰ মৰমিয়াল হাতবোৰ বৰ খহটা
আছিল; খাটি খোৱা হাততো, সেয়ে তোমাৰ হাতৰ কোমল
স্পৰ্শটোৱে মোক কেইবাদিনো আচ্ছন্ন কৰি ৰাখিছিল। তোমাৰ
হাতখনত মুগা বৰণীয়া চুটি নোম কিছুমান আছিল, ছালখনৰ ৰং
আছিল কোমল কলপাতৰ দৰে। কি যে দিন আছিল সেইবোৰ,
এটা বাক্যৰো বিনিময় নোহোৱাকৈয়ে আমি আমাৰ প্ৰেক্‌টিকেল
শেষ কৰিছিলো! জানা মামণি, আজি ৰাতিপুৱাৰ কটা হাতখনৰ
ছবিয়ে তোমাৰ হাত আৰু কোমল স্পৰ্শৰ কথা মনত পেলাই
দিলে। বয়সৰ থিয় গৰাত ৰৈ আমি নিশ্চয় কিছু কথা ৰোমন্থন
কৰিব পাৰো, স্মৃতি কাতৰতাত ক্ষন্তেকৰ বাবে বিহ্বল হ’ব পাৰো
এতিয়া। চিঠিৰে কথাবোৰ তোমাক জনাবলৈ বৰ মন গৈছে,
কিন্তু মইতো তোমাৰ ঠিকনা নেজানো, কলেজত পঢ়ি
থাকোতেও জনা নাছিলো। তুমি য’তে আছা
ভালে থাকা মামণি, ভালে থাকা।

মা টি ৰ মা লি তা ৮৩