পৃষ্ঠা:মাটিৰ মালিতা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মাটিৰ চাকি

 

চাকিটো কোনে নুমুৱালে
কোনে নুমুৱালে
সেই যে পুৰণি ৰগৰটো
ইনিচ্‌পে‌ক্টৰৰ প্ৰশ্নৰ হেবাং চাৱনিৰ অজলা উত্তৰঃ
মই নাই, মই নাই মহাশয়
শেষ ৰক্ষাৰ বাবে
পণ্ডিতৰ কৰুণ প্ৰয়াস
হৰধনু ভাঙিবলগীয়াকৈ ইহঁত দুষ্ট নহয় ছাৰ

থৰক-বৰক কৈ
তুলসী ভেটিত বন্তি দিয়া আইতাই কয়
জানো বোপাই, মই হ’লে জোনাকীটো
নুমুওৱা নাই
ৰাতিৰ আকাশ চাই
ভাবত বিভোৰ নাৱৰীয়া উঠে উচপ খাই
নাই, নাই
তৰাটো মই নুমুওৱা নাই

মা টি ৰ মা লি তা ৩১